মাজুলীত একেদিনাই ২৮ পি এম জি এছ ৱাই পথৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

Sarbananda Sonowal at Majuli

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাজুলীত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনা (পি এম জি এছ ৱাই)ৰ অধীনত কাকতিবাৰী মাধৱদেৱ কৃষ্টি সংঘ আৰু উজনি মাজুলীৰ ৰঙাচাহী প্ৰগতি ৰঙ্গমঞ্চত আয়োজিত দুটা পৃথক অনুষ্ঠানত ২৮ টাকৈ পকী পথ নিৰ্মাণ আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

২০১৬-১৭ আৰু ২০১৭-১৮ বৰ্ষত উক্ত ২৮ টা নিৰ্মাণ আঁচনিৰ অনুমোদন লাভ কৰা হৈছিল। উল্লেখযোগ্য যে উজনি মাজুলী আৰু মাজুলী উন্নয়ন খণ্ড এলেকাত মুঠ ৫৯.৫১ কোটি টকা ব্যয়ৰে ৭৬.৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণ কৰা হ’ব।

লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু ডুলিয়াজানৰ বিধায়ক তেৰছ গোৱালাৰ উপস্থিতিত কাকতিবাৰীৰ অনুষ্ঠানত ৰাইজক সম্বোধি মুখ্য মন্ত্ৰীয়ে কয়, ‘ৰাজ্যখনৰ ভিতৰুৱা অঞ্চলসমূহৰ পথ-যোগাযোগ ব্যৱস্থাৰ আমূল পৰিবৰ্তনৰ বাবে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। মাজুলীৰ বাট-পথসমূহো উন্নত কৰি অসমৰ বুকুত মাজুলীৰ গুৰুত্ব বৃদ্ধিৰ বাবে আমি বিশেষ উদ্যোগ লৈছো। বিগত দুটা বছৰতে মাজুলীৰ উন্নয়নৰ বাবে আমি এহেজাৰ কোটি টকাৰো অধিক পূঁজিৰ আৱণ্টন দিছো। মাত্ৰ দূবছৰতে মাজুলীয়ে ইমান বেছি চৰকাৰী পূঁজি লাভ কৰাৰ কোনো নজীৰেই নাই।’

পি এম জি এছ ৱাই আঁচনিৰ অধীনত এইবছৰতে মাজুলী জিলাত ৫৭ টা গ্ৰাম্য পথ নিৰ্মাণ কৰা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

আনহাতে পূৰ্বৰ চৰকাৰৰ দিনত ৰাজ্যৰ প্ৰতিখন জিলাৰ সম উন্নয়নৰ বিষয়টো উপেক্ষিত হৈ ৰৈছিল বুলি অসন্তুষ্টি প্ৰকাশ কৰি মুখ্য মন্ত্ৰীয়ে কয়, ‘আগৰ চৰকাৰৰ দৰে আমি কোনো জিলা বা অঞ্চলৰ প্ৰতি ভেদ ভাৱ ৰখা নাই।’

আজি আধাৰশিলা স্থাপন কৰা পথসমূহৰ নিৰ্মাণকাৰ্য অহা বছৰৰ মাৰ্চৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে গড়কাপ্তানী বিভাগক নিৰ্দেশ দিয়াৰ লগতে পথৰ নিৰ্মাণকাৰ্য ভাল হ’বই লাগিব বুলি তেওঁ বিভাগীয় অভিযন্তা-ঠিকাদাৰসকলক সতৰ্কবাণী শুনায়।

এই গ্ৰাম্য পথসমূহৰ ভিতৰৰ ১১ টা গ্ৰাম্য পথ (মুঠ অনুমোদিত পুঁজি  ১৯.৮১ কোটি টকা) মাজুলী উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত হোৱাৰ বিপৰীতে আন ১৭টা (মুঠ অনুমোদিত ব্যয় ৩৯.৭০ কোটি টকা) পথ উজনি মাজুলী উন্নয়ন খণ্ড এলেকাৰ অন্তৰ্গত গ্ৰাম্য পথ।

আজিৰ দুয়োটা আধাৰশিলা অনুষ্ঠানতে গড়কাপ্তানী বিভাগৰ আয়ুক্ত-সচিব ৰাজেশ কেম্প্ৰাই আৰু মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰয়ই অংশগ্ৰহণ কৰে।