অসমৰ মুখ্যমন্ত্ৰী পদটো ভূমিপুত্ৰ কছাৰীসকলৰ বাবে সংৰক্ষণ কৰাৰ দাবী ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী সমাজৰ

index.jpg

অসমৰ মুখ্যমন্ত্ৰী পদটো অসমৰ এক কোটি সৰ্ববৃহৎ জনসংখ্যাৰ কছাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীৰ পদটো স্থায়ীভাৱে সংৰক্ষণৰ বাবে অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ কেবিনেট সভাত অনুমোদন কৰিবলৈ সদৌ অসম ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী সমাজে দাবী জনাইছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত কছাৰী সমাজে উল্লেখ কৰি কয় যে যিহেতুকে অসমৰ হাবি জংগল কাটি চাফ কৰি হাজাৰ হাজাৰ বছৰ ধৰি কছাৰী ৰজাই ৰাজত্ব কৰি আছিল।

‘অসমখন কছাৰীসকলৰ ৰাজভূমি, মাতৃভূমি, পিতৃভূমি, জন্মভূমি, স্বভূমি আৰু ইতিহাসভূমি আৰু অসমৰ আচল অসমীয়া, আচল ভূমিপুত্ৰ আৰু আচল খিলঞ্জীয়া জাতি।তেনেক্ষেত্ৰত কছাৰীসকলৰ জাতি, মাটি, ভেটি, ভাষা-সাংস্কৃতিক উন্নতি, জাতিটোৰ নিৰাপত্তা, জ্বলন্ত সমস্যা সমাধান কৰি সামাজিক আৰু ৰাজনৈতিক দিশত আগুৱাই সকলো শ্ৰেণী জনগোষ্ঠীৰ লগত মিলি সুখ শান্তিৰে বসবাস কৰি থকাৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ পদটো কছাৰী জাতিৰ বাবে স্থায়ী হিচাবে সংৰক্ষণ কৰিবলৈ অসম চৰকাৰক অনুমোদন জনাবলৈ আহ্বান জনইছো।’ বিবৃতিটোত কছাৰী সমাজে এইদৰে উল্লেখ কৰে।

বিবৃতিটোত সমাজে আৰু কয় যে কছাৰীসকল অসমৰ আদিম ভূমিপুত্ৰ হৈও বৰ্তমান অসমৰ কছাৰীসকলৰ জাতি, মাটি, ভেটি, ভাষা-সাংস্কৃতিক নিৰাপত্তা আৰু চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত এতিয়াও নিৰাপত্তাহীন অৱস্থাত ভুগি থাকিবলগীয়া হৈছে।

ধুবুৰীৰ পৰা শদিয়ালৈকে বড়োলেণ্ড সুকীয়া ৰাজা গঠন কৰাৰ লগতে ৰাভা, তিৱা, সোণোৱাল আৰু মিচিংসকলক ভাৰতৰ সংবিধানৰ যষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত স্বায়ত্ত শাসন প্রদান কৰা আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওক ভাৰতৰ সংবিধানৰ ২৪৪ (এ)ৰ আধাৰত স্বায়ত্ত শাসিত ৰাজ্য প্রদান কৰিবলৈ দাবী জনায় সমাজে।

আনহাতে অসম চৰকাৰে কছাৰীসকলক দমন নীতিৰে শাসন আৰু প্রশাসন চলাই থকা কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে।

যদি চৰকাৰে অহা এক মাহৰ ভিতৰত কছাৰীসকলৰ সমস্যা ড়সমূহ সমাধানৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে আৰু সন্মান জনায় আগবঢ়াই বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰে তেনে এক কোটি কছাৰীসকল ৰাজপথলৈ ওলাই আহিব বুলি সংগঠনটোৱে চৰকাৰক সকীয়নি প্ৰদান কৰিছে।