NORTHEAST NOW (Assamese)

বিশ্বনাথত পল্লৱ লোচন দাসৰ হৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচাৰ

April 2, 2019 7:22 pm · কাজি জেইদুল ইছলাম
সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

তেজপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ আজি বিশ্বনাথ জিলাৰ মৰল গাঁৱত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলায়।

উক্ত প্ৰচাৰ সভাত সোণোৱালে কংগ্ৰেছক সমালোচনা কৰি কয় যে ৭০ বছৰত কংগ্ৰেছে দেশক আগুৱাই নিব নোৱাৰিলে।

তেওঁ কয়, ‘কংগ্ৰেছৰ দিনত আন্দোলন কৰিলেহে অসমে লাভ কৰিছিল অনুদান। কিন্তু মোদীৰ দিনত অসমে কোনো আন্দোলন নকৰাকৈয়ে অনুদান পাইছে।‘

‘ভাৰতে মোদীৰ নেতৃত্বত আটাইতকে শক্তিশালী দেশ হিচাপে আগন্তুক দিনত প্ৰতিষ্ঠা লাভ কৰিব’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘চীনে আক্ৰমণ কৰাৰ কথা শোণিতপুৰীয়া ৰাইজৰ ভালদৰে মনত আছে। সেই সময়ত পলায়ন কৰিছিল কংগ্ৰেছ নেতাই। কিন্তু মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত পুলৱামা ঘটনাৰ পিছত ভাৰতীয় সৈন্য বাহিনীয়ে পাকিস্তানৰ ভিতৰত সোমাই প্ৰত্যুত্তৰ দিছে।‘

পল্লৱ লোচন দাসক দক্ষ আৰু কৰ্মযোগী নেতা বুলি অভিহিত কৰি সোণোৱালে কয়, ‘পল্লৱ লোচনক তেজপুৰৰ পৰা দিল্লীলৈ পঠিয়ালেহে তেজপুৰৰ মৰ্যদা অক্ষুন্ন থাকিব।’

Related News