অসম বিধান সভাত ছাত্ৰ-ছাত্ৰীৰে মুখ্য মন্ত্ৰীৰ মত-বিনিময়; সকলোকে আশাবাদী হৈ সময়ৰ সদ ব্যৱহাৰ কৰিবলৈ আহ্বান

Assam CM

মত বিনিময়ৰ সময়ত সোণোৱাল

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলক অত্যন্ত আশাবাদী হৈ ছাত্ৰ-জীৱনৰ সোণোৱালী সময়ৰ সদ ব্যৱহাৰেৰে জীৱনত একো একো গৰাকী সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হোৱাৰ বাহে আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে লগতে ছাত্ৰ-ছাত্ৰীসকলক ড্ৰাগছৰ দৰে মহাব্যাধীৰ পৰা সৰ্বদা আঁতৰত থকাৰ উপৰি ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ নকৰিবলৈও উপদেশ দিয়ে।

বৃহস্পতিবাৰে অসম বিধান সভাৰ চেণ্ট্ৰেল হ’লত নগাঁও জিলাৰ ৰহা মহাবিদ্যালয় আৰু ড০ বি কে বি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে হোৱা মত-বিনিময়ত সোণোৱালে এই আহ্বান জনায়।

বৰ্তমান সময়ৰ তীব্ৰ প্ৰতিযোগিতামুখী বাতাবৰণত নিজকে সফল কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰাৰ বাবেও সোণোৱালে ছাত্ৰ-ছাত্ৰীসকলক উপদেশ দিয়ে।

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলৰ নিজৰ স্বাস্থ্য বৰ্তাই ৰখাৰ দিশত গুৰুত্ব আৰোপ কৰিব লাগিব বুলিও উল্লেখ কৰি সোণোৱালে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক এখন স্বাস্থ্যৱান তথা সৱল দেশ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ফিট ইণ্ডিয়া মুভমেণ্টৰ দৰে গ্ৰহণ কৰিছে বুলি কয়।

ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া শাৰীৰিক অনুশীলন তথা ইতিবাচক মানসিকতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈও মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উপদেশ দিয়ে।