NORTHEAST NOW (Assamese)

বিজেপিক কিয় ৪০০ আসন লাগে? বাবৰি মছজিদৰ প্ৰসংগেৰে ওড়িশাৰ নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী

May 10, 2024 8:47 am · এন ই নাও নিউজ, গুৱাহাটী
উৰিষ্যাত নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটোঃ সংগ্ৰহীত।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ওড়িশাৰ মালকানগিৰিত ভাৰতীয় জনতা পাৰ্টিৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি স্পষ্ট কৰি দিয়ে যে বিজেপিয়ে লোকসভা নিৰ্বাচনত ৪০০ আসন লাভৰ বাবে অহোপুৰুষাৰ্থ কৰিছে কাৰণ “কংগ্ৰেছে ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰিব পাৰে।”

মালকানগিৰিত ৰাজহুৱা সভাত ভাষণ দি শৰ্মাই কয়, ‘ৰাইজে আমাক প্ৰশ্ন কৰে যে আমি কিয় ৪০০ আসন বিচাৰো। আমি ৪০০ আসন বিচাৰো কাৰণ “কংগ্ৰেছে ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ পুনৰ নিৰ্মাণ কৰিব পাৰে।”

তেওঁ লগতে কয়, ‘ভাৰতত যাতে বাবৰি মছজিদ কেতিয়াও পুনৰ নিৰ্মাণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এই কাৰণেই আমি প্ৰধানমন্ত্ৰী মোডীক ৪০০ৰো অধিক আসন দি প্ৰধানমন্ত্ৰী বনাব লাগিব।”

শৰ্মাই আৰু কয়, ‘আগতে কংগ্ৰেছে আমাক ৰাম মন্দিৰ কেতিয়া নিৰ্মাণ হ’ব সেই তাৰিখ সুধিছিল। এতিয়া তেওঁলোকে এই বিষয়ে সোধা বন্ধ কৰি দিছে। কংগ্ৰেছে জানে আমি ৰাম মন্দিৰত ৰৈ নাযাওঁ; আমি আমাৰ দেশৰ প্ৰতিটো মন্দিৰ মুকলি কৰি দিব লাগিব। আমাৰ এজেণ্ডা দীঘলীয়া।” 

Related News