বিশিষ্ট সংগীত পৰিচালক, শিল্পী কিশোৰ গিৰীৰ মৃত্যত শোক প্ৰকাশ মুখ্য মন্ত্ৰী সোণোৱালৰ

sarbanand-sonowal-

বিশিষ্ট সংগীত পৰিচালক তথা সংগীত শিল্পী কিশোৰ গিৰীৰ আকষ্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এক শোকবাৰ্তাত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে জীৱনকালত প্ৰয়াত কিশোৰ গিৰীয়ে অসমীয়া চলচ্চিত্ৰ আৰু ধাৰাবাহিকত সংগীত পৰিচালনাৰে সংগীত তথা অভিনয় জগতলৈ যি বিশিষ্ট বৰঙনি আগবঢ়াই গৈছে সেয়া ৰাজ্যখনৰ সকলো সংস্কৃতি প্ৰেমী ৰাইজে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

ইয়াৰ উপৰি সংগীতক সমাজ পৰিৱৰ্তনৰ এক মাধ্যম হিচাপে গ্ৰহণ কৰা কিশোৰ গিৰীৰ মৃত্যু ৰাজ্যখনৰ সংগীত আৰু সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলিও অভিহিত কৰে সোণোৱালে।

মুখ্য মন্ত্ৰী সোণোৱালে বিশিষ্ট সংগীত শিল্পীগৰাকীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে বিভিন্ন সময়ত বিভিন্ন বিষয় সন্দৰ্ভত সচেতনতা সৃষ্টিৰ লগতে প্ৰতিবাদৰ ভাষা হিচাপেও ব্যস্ত মহানগৰীৰ ৰাজপথৰ মাজত হাতত এখন গীতাৰ লৈ থকা কিশোৰ গিৰিয়ে হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ খাৰঘূলিস্থিত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।