NORTHEAST NOW (Assamese)

ঈদ-উল-ফিতৰ উপলক্ষে মুখ্য মন্ত্ৰী সোণোৱালৰ শুভেচ্ছা

May 24, 2020 5:21 pm · এন ই নাও নিউজ
মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফাইল ফটো

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঈদ-উল-ফিতৰ উপলক্ষে ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে ঈদ-উল-ফিতৰ হ’ল ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ অতি পৱিত্ৰ উৎসৱ।

তেওঁ কয় যে ঈদ-উল-ফিতৰ উৎসৱে আমাক ত্যাগ, কৰুণা আৰু মানৱ প্ৰেম আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে।

“ঈদ-উল-ফিতৰ পালনৰ জৰিয়তে জনসাধাৰণৰ মাজত বৰ্তি থকা প্ৰেম, ভাতৃত্ববোধৰ বান্ধোন অধিক সুদৃঢ় হোৱাৰ উপৰি পাৰস্পৰিক বুজাবুজিৰে মানৱ কল্যাণৰ হকে কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰে,” মুখ্য মন্ত্ৰীয়ে কয়।

মুখ্য মন্ত্ৰী সোণোৱালে ক’ভিড-১৯ অতিমাৰীৰ এই জটিল সন্ধিক্ষণত পালন কৰা এইবাৰৰ ঈদ-উল-ফিতৰ উৎসৱত এই দুঃসময়ৰ পৰা সমগ্ৰ মানৱ জাতিক ৰক্ষা কৰাৰ হেতু প্ৰাৰ্থনা কৰাৰ বাবে ইছলাম ধৰ্মী জনসাধাৰণক আহ্বান জনায়।

লগতে সামাজিক দূৰত্ব তথা ক’ভিড-১৯ৰ অন্যান্য প্ৰট’কল মানি চলি এই উৎসৱ পালন কৰাৰ বাবেও মুখ্য মন্ত্ৰীয়ে আহ্বান জনায়।

Related News