অযোধ্যা গোচৰ : ন্যায়ালয়ৰ ৰায়ক আদৰণি, শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান মুখ্য মন্ত্ৰীৰ

Supreame-Court-of-India-750x375-1

বিবাদিত অযোধ্যা গোচৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে আজি দিয়া নিৰ্দেশক আদৰণি জনাইছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক প্ৰেছ বিজ্ঞপ্তি যোগে মুখ্য মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উচ্চতম ন্যায়ালয়ৰ এই ৰায় কাৰো বাবে জয় বা পৰাজয় নহয় বুলি কৰা মন্তব্যৰ কথা উল্লেখ কৰি ৰাজ্যৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধৰ বান্ধোন অটুট ৰাখিবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰীয়ে কয়, ‘গ্ৰণতান্ত্ৰিক দেশৰ দায়িত্বশীল নাগৰিক হিচাপে আমি সকলোৱে ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখিব লাগিব।‘

উল্লেখযোগ্য যে উচ্চতম ন্য়ায়ালয়ে আজি বহু প্ৰতীক্ষিত অযোধ্যাৰ ৰাম জনমভূমি-বাবৰি মছজিদ গোচৰৰ ৰায়দান কৰে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে এই বহু বিবাদিত গোচৰটোৰ ৰায়দান কৰে।

আদালতে চৰ্ত অনুসৰি বিবাদিত ভূমিখিনি হিন্দু সকলক ৰাম মন্দিৰ নিৰ্মাণৰ বাবে দিয়াৰ নিৰ্দেশ দিছে। ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিব।

গোটেই বিষয়টোৰ বাবে এখন ন্যাস গঠন কৰা হ’ব আৰু এই ন্যাসক আভ্যন্তৰীণ চৌহদটো হস্তান্তৰ কৰা হ’ব।

আনহাতে, ছুন্নী ৱাকফ বোৰ্ডক দিয়া হ’ব ৫ একৰ ভূমিৰ এক উপযুক্ত প্লট।

কেন্দ্ৰই অহা তিনিমাহৰ ভিতৰত বোৰ্ড অফ ট্ৰাষ্টীৰে এখন ট্ৰাষ্ট বা ন্যাস গঠন কৰিব লাগিব।