NORTHEAST NOW (Assamese)

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

May 19, 2025 9:45 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 19, 2025 7:37 pm

সোমবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰকিবুল হুছেইনে ডবকাত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তুলাধূনা দিয়ে। হুছেইনৰ এই বক্তব্যই এতিয়া অসমৰ ৰাজনীতিত তোলপাৰ লগাইছে।

কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া মন্তব্যৰ চোকা সমালোচনা কৰি ৰকিবুল হুছেইনে কয় যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ছাঁটোলৈও ভয় কৰে।

লগতে, হুছেইনে কয়, হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰমাণ দিবলৈ ১০ ছেপ্তেম্বৰলৈ কিয় ৰ’ব লাগে? যদি তেওঁৰ অভিযোগ সঁচা তেন্তে এতিয়াই তথ্য-প্ৰমাণ দাখিল নকৰে কিয়।কেৱল এয়াই নহয়।  

ৰাজ্যখনৰ বিত্তীয় ব্যৱস্থাপনাক সমালোচনা কৰি তেওঁ মন্তব্য কৰে যে, “এটা ৰবটেও ঋণত চৰকাৰ চলাব পাৰে। তাৰ বাবে নিৰ্বাচিত চৰকাৰৰ প্ৰয়োজন নাই।”

Related News