লখিমপুৰৰ নাৰায়ণপুৰত বিজেপি প্ৰাৰ্থীৰ হকে নিৰ্বাচনী প্ৰচাৰ মুখ্য মন্ত্ৰী সোণোৱালৰ

হেলিকপ্টাৰেৰে আহি মাথোঁ ১৫ মিনিটৰ বাবে নাৰায়ণপুৰৰ নিৰ্বাচনী সভাত উপস্থিত

1 (1)

লখিমপুৰৰ নাৰায়ণপুৰত নিৰ্বাচনী প্ৰচাৰৰ ভাষণৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱাল

আজি ১ ডিচেম্বৰ শনিবাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন হেলিকপ্টাৰেৰে আহি লখিমপুৰ জিলাৰ নাৰায়ণপুৰত উপস্থিত হয়। আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি প্ৰাৰ্থীগৰাকীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বাবে নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত আবেলি অনুষ্ঠিত কৰা নিৰ্বাচনী সমদলত মুখ্য মন্ত্ৰীগৰাকীয়ে উপস্থিত ৰাইজক সম্বোধন কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে নাৰায়ণপুৰত মাত্ৰ ১৫ মিনিটৰ বাবে উপস্থিত থাকে আৰু উপস্থিত জনতাক বিজেপিত ভোট দিয়াৰ বাবে অনুৰোধ কৰে। তেওঁ কয় যে এখন নিকা আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰাৰ বাবে বিজেপিক ভোট দিব লাগে। মুখ্য মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত মহিলা সৱলীকৰণ, নিয়োগ সৃষ্টি আৰু আন আন ক্ষেত্ৰত সাধিত হোৱা বিজেপি চৰকাৰৰ সাফল্যৰ এটা খতিয়ান ডাঙি ধৰে। তেওঁ বৰ্তমান চৰকাৰে জনসাধাৰণলৈ ভূমিপট্টা প্ৰদান কৰাৰো উল্লেখ কৰে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত মুখ্য মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু অগপ দলক চোকা সমালোচনা কৰে।