• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধোঁৱাচাঙত এ’ পি এছ ছি সংস্কাৰ! অনুত্তীৰ্ণ ৪শ পুনৰ উত্তীৰ্ণ, উত্তীৰ্ণৰ মাজতো অনুত্তীৰ্ণ; স্বীকাৰ অধ্যক্ষৰ

প্ৰথমে উত্তীৰ্ণ ঘোষণা কৰা ৩৩৬১গৰাকীৰ মাজতো, আয়োগৰ খোদ অধ্যক্ষৰ মতে, আছে অনুত্তীৰ্ণ প্ৰাৰ্থী!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
May 2, 2019 5:01 pm
Assam Combined Competitive Examination: 400 candidates 'failed' once declared 'passed' again, says APSC chairman

গুৱাহাটীত বৃ্হস্পতিবাৰে সংবাদমেলত আয়োগৰ অধ্যক্ষ দীপক কুমাৰ শৰ্মা আৰু অন্যান্য। ছবি-- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম লোকসেৱা আয়োগত সংস্কাৰৰ প্ৰতিশ্ৰুতিৰে জনতাৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা সোণোৱাল চৰকাৰৰ আমোলত একেটা পৰীক্ষাৰে দুটা ফলাফল ঘোষণা কৰি ভুল স্বীকাৰ কৰিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষ।

যোৱা ১৩ মাৰ্চ আৰু ৩০ এ’প্ৰিলত আয়োগে দুবাৰ দুটা ফলাফল ঘোষণা কৰিছে ডিচেম্বৰত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ।

৩৩৬১গৰাকীক উত্তীৰ্ণ ঘোষণা কৰাৰ পিছত প্ৰথমে “অনুত্তীৰ্ণ’’ ৪০৮গৰাকী ৩০ এ’প্ৰিলত উত্তীৰ্ণৰূপে নতুন ফলাফল ঘোষণা কৰা হয়। আকৌ, প্ৰথমে উত্তীৰ্ণ ঘোষণা কৰাসকলৰ মাজতো, আয়োগৰ খোদ অধ্যক্ষৰ মতে, আছে অনুত্তীৰ্ণ প্ৰাৰ্থী।

“যিহেতু এবাৰ পাছ কৰা বুলি ঘোষণা কৰা হৈছে তেওঁলোকক আৰু অনুত্তীৰ্ণ ঘোষণা কৰা নহয়,” গুৱাহাটীত বৃহস্পতিবাৰে সংবাদমেলত মন্তব্য অধ্যক্ষ দীপক কুমাৰ শৰ্মাৰ।

কুখ্যাত ৰাকেশ পালক আৰু “ধনৰ বিনিময়ত চাকৰি” লোৱা বহুসংখ্যক গ্ৰেপ্তাৰ কৰি সমাদৃত হোৱা চৰকাৰখনৰ পৰৱৰ্তী পদক্ষেপক লৈ বিভিন্নজনে আঙুলি টোঁওৱাৰ মাজতে এই স্পষ্টীকৰণ দিছে অধ্যক্ষ দীপক কুমাৰ শৰ্মাই।

“যদিও বিশেষজ্ঞই ভুল কৰিছে, সেয়া আমাৰেই ভুল বুলি ধৰা হ’ব। বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ আগশাৰীৰ অধ্যাপকক পৰীক্ষাৰ প্ৰশ্ন কটাৰ দায়িত্ব দিয়া হয়,” সংবাদমেলত মন্তব্য অধ্যক্ষ শৰ্মাৰ। “বিশেষজ্ঞ” নিৰ্বাচন আৰু পৰীক্ষাৰ দায়িত্ব অৱশ্যেই আয়োগৰ।

আৰু ভূতৰ ওপৰত দানহৰ দৰে এই গণ্ডগোলৰ কাৰণ আছিল প্ৰশ্নৰ ভুল। ৰাজ্যৰ প্ৰশাসন চলোৱা বিষয়া বাচনিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাটোত পৰীক্ষাৰ্থীৰ ভুল-শুদ্ধ পিছত, ভুল আছিল প্ৰশ্নত– যিবোৰ যুগুতাইছিল বিশেষজ্ঞই!

২৬১টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাটোৰ সাধাৰণ অধ্যয়ন (General Studies)  আৰু ২৮টা ঐচ্ছিক বিষয় (Optional subject)ৰ ২১টা বিষয়ৰে “এনচাৰ কী”ত ভুল আছিল।

ভুলৰ পৰিমাণৰ তালিকা চাওক— সাধাৰণ অধ্যয়নত ৩টা, কৃষিৰ ৩টা, নৃতত্ত্ব বিজ্ঞানৰ ৩টা, পশু চিকিৎসা আৰু পশুপালনৰ ৩টা, উদ্ভিদ বিজ্ঞানৰ ১টা, চিৱিল এ’ঞ্জিনিয়াৰিঙৰ ২টা, বাণিজ্যৰ ২টা, শিক্ষাৰ ৬টা, ইলেক্ট্ৰিকেল এ’ঞ্জিনিয়াৰিঙৰ ৬টা, ইলে’ক্ট্ৰনিকচৰ ১টা, ভূগোলৰ ১টা, ভূ-তত্ত্বৰ ৭টা, বুৰঞ্জীৰ ১১টা, আইনৰ ১টা, গণিতৰ ২টা, মে’কানিকেল এ’ঞ্জিলিয়াৰিঙৰ ৮টা, দৰ্শনৰ ২টা, পদাৰ্থ বিজ্ঞানৰ ৫টা, সমাজ তত্ত্বৰ ৯টা, প্ৰাণী বিজ্ঞানৰ ২টা আৰু ৰাজনীতি বিজ্ঞানৰ ১৪টা!

আৰু এই ভুল ধৰা পৰিছিল খোদ এ’ পি এছ ছিৰ ৱে’বছাইটত “এনছাৰ কী” প্ৰকাশ পোৱাত।

বহু পৰীক্ষাৰ্থীৰ অভিযোগৰ পাছত পৰীক্ষাৰ অ’ এম আৰ শ্বীটসমূহ পুনৰ পৰীক্ষা কৰিবলৈ বাধ্য হয় আয়োগ। আৰু উত্তীৰ্ণ হৈ যায় আয়োগে পূৰ্বে অনুত্তীৰ্ণ ঘোষণা কৰা ৪০৮গৰাকী প্ৰাৰ্থী।

এই গুৰুতৰ গণ্ডগোলত বিপাঙত পৰা আয়োগৰ অধ্যক্ষ শৰ্মাই ঘোষণা কৰিছে যে এই প্ৰশ্নকাকতৰ সৈতে জৰিত ২২গৰাকী বিশেষজ্ঞক আৰু ভৱিষ্যতে দায়িত্ব দিয়া নহয়।

আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ দায়িত্বত থাকে কেইবাখনো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm
অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

অভিযোগে একো সহায় নকৰে সমালোচনাই হে সহায় কৰে! সমালোচনাৰ আঁত ধৰিয়ে উত্তৰণটো সম্ভৱ

September 15, 2025 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd