NORTHEAST NOW (Assamese)

ধোঁৱাচাঙত এ’ পি এছ ছি সংস্কাৰ! অনুত্তীৰ্ণ ৪শ পুনৰ উত্তীৰ্ণ, উত্তীৰ্ণৰ মাজতো অনুত্তীৰ্ণ; স্বীকাৰ অধ্যক্ষৰ

May 2, 2019 5:01 pm · অনিৰ্বাণ পাঠক
Updated: May 2, 2019 5:11 pm
গুৱাহাটীত বৃ্হস্পতিবাৰে সংবাদমেলত আয়োগৰ অধ্যক্ষ দীপক কুমাৰ শৰ্মা আৰু অন্যান্য। ছবি-- ইউ বি।

অসম লোকসেৱা আয়োগত সংস্কাৰৰ প্ৰতিশ্ৰুতিৰে জনতাৰ ব্যাপক সমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা সোণোৱাল চৰকাৰৰ আমোলত একেটা পৰীক্ষাৰে দুটা ফলাফল ঘোষণা কৰি ভুল স্বীকাৰ কৰিবলৈ বাধ্য হৈছে কৰ্তৃপক্ষ।

যোৱা ১৩ মাৰ্চ আৰু ৩০ এ’প্ৰিলত আয়োগে দুবাৰ দুটা ফলাফল ঘোষণা কৰিছে ডিচেম্বৰত অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ।

৩৩৬১গৰাকীক উত্তীৰ্ণ ঘোষণা কৰাৰ পিছত প্ৰথমে “অনুত্তীৰ্ণ’’ ৪০৮গৰাকী ৩০ এ’প্ৰিলত উত্তীৰ্ণৰূপে নতুন ফলাফল ঘোষণা কৰা হয়। আকৌ, প্ৰথমে উত্তীৰ্ণ ঘোষণা কৰাসকলৰ মাজতো, আয়োগৰ খোদ অধ্যক্ষৰ মতে, আছে অনুত্তীৰ্ণ প্ৰাৰ্থী।

“যিহেতু এবাৰ পাছ কৰা বুলি ঘোষণা কৰা হৈছে তেওঁলোকক আৰু অনুত্তীৰ্ণ ঘোষণা কৰা নহয়,” গুৱাহাটীত বৃহস্পতিবাৰে সংবাদমেলত মন্তব্য অধ্যক্ষ দীপক কুমাৰ শৰ্মাৰ।

কুখ্যাত ৰাকেশ পালক আৰু “ধনৰ বিনিময়ত চাকৰি” লোৱা বহুসংখ্যক গ্ৰেপ্তাৰ কৰি সমাদৃত হোৱা চৰকাৰখনৰ পৰৱৰ্তী পদক্ষেপক লৈ বিভিন্নজনে আঙুলি টোঁওৱাৰ মাজতে এই স্পষ্টীকৰণ দিছে অধ্যক্ষ দীপক কুমাৰ শৰ্মাই।

“যদিও বিশেষজ্ঞই ভুল কৰিছে, সেয়া আমাৰেই ভুল বুলি ধৰা হ’ব। বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ আগশাৰীৰ অধ্যাপকক পৰীক্ষাৰ প্ৰশ্ন কটাৰ দায়িত্ব দিয়া হয়,” সংবাদমেলত মন্তব্য অধ্যক্ষ শৰ্মাৰ। “বিশেষজ্ঞ” নিৰ্বাচন আৰু পৰীক্ষাৰ দায়িত্ব অৱশ্যেই আয়োগৰ।

আৰু ভূতৰ ওপৰত দানহৰ দৰে এই গণ্ডগোলৰ কাৰণ আছিল প্ৰশ্নৰ ভুল। ৰাজ্যৰ প্ৰশাসন চলোৱা বিষয়া বাচনিৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাটোত পৰীক্ষাৰ্থীৰ ভুল-শুদ্ধ পিছত, ভুল আছিল প্ৰশ্নত– যিবোৰ যুগুতাইছিল বিশেষজ্ঞই!

২৬১টা পদৰ বাবে অনুষ্ঠিত পৰীক্ষাটোৰ সাধাৰণ অধ্যয়ন (General Studies)  আৰু ২৮টা ঐচ্ছিক বিষয় (Optional subject)ৰ ২১টা বিষয়ৰে “এনচাৰ কী”ত ভুল আছিল।

ভুলৰ পৰিমাণৰ তালিকা চাওক— সাধাৰণ অধ্যয়নত ৩টা, কৃষিৰ ৩টা, নৃতত্ত্ব বিজ্ঞানৰ ৩টা, পশু চিকিৎসা আৰু পশুপালনৰ ৩টা, উদ্ভিদ বিজ্ঞানৰ ১টা, চিৱিল এ’ঞ্জিনিয়াৰিঙৰ ২টা, বাণিজ্যৰ ২টা, শিক্ষাৰ ৬টা, ইলেক্ট্ৰিকেল এ’ঞ্জিনিয়াৰিঙৰ ৬টা, ইলে’ক্ট্ৰনিকচৰ ১টা, ভূগোলৰ ১টা, ভূ-তত্ত্বৰ ৭টা, বুৰঞ্জীৰ ১১টা, আইনৰ ১টা, গণিতৰ ২টা, মে’কানিকেল এ’ঞ্জিলিয়াৰিঙৰ ৮টা, দৰ্শনৰ ২টা, পদাৰ্থ বিজ্ঞানৰ ৫টা, সমাজ তত্ত্বৰ ৯টা, প্ৰাণী বিজ্ঞানৰ ২টা আৰু ৰাজনীতি বিজ্ঞানৰ ১৪টা!

আৰু এই ভুল ধৰা পৰিছিল খোদ এ’ পি এছ ছিৰ ৱে’বছাইটত “এনছাৰ কী” প্ৰকাশ পোৱাত।

বহু পৰীক্ষাৰ্থীৰ অভিযোগৰ পাছত পৰীক্ষাৰ অ’ এম আৰ শ্বীটসমূহ পুনৰ পৰীক্ষা কৰিবলৈ বাধ্য হয় আয়োগ। আৰু উত্তীৰ্ণ হৈ যায় আয়োগে পূৰ্বে অনুত্তীৰ্ণ ঘোষণা কৰা ৪০৮গৰাকী প্ৰাৰ্থী।

এই গুৰুতৰ গণ্ডগোলত বিপাঙত পৰা আয়োগৰ অধ্যক্ষ শৰ্মাই ঘোষণা কৰিছে যে এই প্ৰশ্নকাকতৰ সৈতে জৰিত ২২গৰাকী বিশেষজ্ঞক আৰু ভৱিষ্যতে দায়িত্ব দিয়া নহয়।

আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ দায়িত্বত থাকে কেইবাখনো বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা।

Related News