ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মানৰ দাবীৰে আজি মাৰ্ঘেৰিটাত প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা সাংবাদিক সন্থাই। স্থানীয় বিধায়কৰ দুৰ্বল ভূমিকাত ক্ষুব্ধ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে।
মাৰ্ঘেৰিটাৰ পাৱৈৰ পৰা লিডু সংযোগী ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ ছোৱা দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে।ৰাইজৰ দীৰ্ঘদিনৰ প্ৰতিবাদৰ পাছত ৰাইজক সাময়িকভাবে সকাহ দিয়াৰ উদ্দেশ্যৰে জৰাজীৰ্ণ অংশ মেৰামতি কৰাৰ বাবে গড়কপ্তানী বিভাগে প্ৰায় ৬০ লাখ টকা মোকলাই দিয়াৰ পাছতো পথছোৱাৰ কোনোধৰণৰ উন্নতি নহ’ল।
আনহাতে, পথছোৱাৰ মেৰামতিৰ ঠিকা লাভ কৰা ঠিকাদাৰে নামমাত্ৰ কাম কৰিয়ে সিংহভাগ ধন হজম কৰা বুলি বিভিন্ন মহলত অভিযোগ উত্থাপন হৈছে।
মাৰ্ঘেৰিটাৰ সাংবাদিক সন্থাই ২৪ এপ্ৰিলত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ জৰিয়তে অতিশীঘ্ৰে ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণ কৰা আৰু মেৰামতিৰ নামত মোকলাই দিয়া ৬০ লাখ টকা সন্দৰ্ভত তদন্ত ঘোষণা কৰাৰ দাবীৰে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল।
তদুপৰি, স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ সৈতে সাংবাদিক সকলৰ এটা প্ৰতিনিধি দলে ২৬ এপ্ৰিলত এই সন্দৰ্ভত আলোচনাত মিলিত হৈছিল যদিও বিধায়কগৰাকীয়ে বাৰিষাৰ পূৰ্বে পথৰ মেৰামতি হ’ব নে নহয় সেই ক্ষেত্ৰত নিশ্চয়তা প্ৰদান কৰিব নোৱাৰিলে।
স্থানীয় বিধায়কৰ উদাসীনতাৰ বাবে মাৰ্ঘেৰিটা সাংবাদিক সন্থাই বৰগোলাই তিনিআলিত তিনিঘণ্টীয়া অবস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰি ৰাজহুৱা স্বাৰ্থজনিত সমস্যা সীঘ্ৰে সমাধানৰ বাবে দাবী জনায়।