• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰাজয়ৰ আশংকাত বিজেপিলৈ যাব ৰূপজ্যোতি কূৰ্মী!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 4, 2019 5:30 pm
Assam Congress MLA Rupjyoti Kurmi may join BJP

ৰূপজ্যোতি কুৰ্মী। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ তিনিবাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শীঘ্ৰেই বিজেপিত যোগ দিব পাৰে।

গোপন সূত্ৰৰ আধাৰত সাংবাদিকে এই কথা প্ৰচাৰ কৰা নাই, বৰঞ্চ মৰিয়নিৰ বিধায়কজনে নিজেই বৃহস্পতিবাৰে সংবাদ মাধ্যমত গেৰুৱা দল গমনৰ স্পষ্ট ইংগিত দিছে।

কুৰ্মীৰ মতে কেন্দ্ৰ, ৰাজ্য উভয়তে চৰকাৰ থকা বিজেপিলৈ গ’লে তেওঁ সমষ্টিৰ অধিক উন্নয়ন কৰিবলৈ সক্ষম হ’ব বুলি ভাবিছে আৰু শুভাকাংক্ষীয়েও তেওঁক এই পৰামৰ্শই আগবঢ়াইছে।

“বিজেপিৰ কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে কিন্তু আমাক জড়িত কৰোৱা নাই। কংগ্ৰেছী বিধায়ক হিচাপে হয়তো মোক তাত জড়িত কৰোৱা নাই। যাৰ বাবে মই ৰাইজক ভালধৰণে কাম কৰি দিব পৰা নাই। মোৰ ৰাজনীতিত অহা উদ্দেশ্যই আছিল মাৰ আধৰুৱা কাম কৰা আৰু মৰিয়নি সমষ্টিৰ উন্নয়ন কৰা। মোক বহু শুভাকাংক্ষীয়ে কৈ আছে যে আপুনি বিজেপিলৈ যাওক, বিজেপিলৈ গ’লে হয়তো আপুনি দুটামান কাম কৰিব পাৰিব বা ৰাইজক বেছিকৈ সেৱা কৰিব পাৰিব,” সংবাদ মাধ্যমত কুৰ্মীৰ মন্তব্য।

কিন্তু কেৱল সমষ্টি উন্নয়নেই নহয়, বিধায়কজনে বিজেপি গমনত বান্ধি দিছে আৰু দুটা চৰ্ত— ’২১ৰ বিধান সভা নিৰ্বাচনত প্ৰাৰ্থিত্ব আৰু মন্ত্ৰিত্বৰ নিশ্চিতি!

বিজেপিলৈ যোৱা-নোযোৱাৰ সিদ্ধান্ত তেওঁ চূড়ান্ত কৰা নাই বুলিছে যদিও এই দুই চৰ্তৰ উল্লেখে স্পষ্ট কৰিছে যে গেৰুৱা দলমুখী হোৱাৰ বাবে তেওঁ প্ৰস্তুত আৰু হয়টো এই সন্দৰ্ভত ভিতৰুৱা কথা-বাৰ্তা চলি আছে।

কিন্তু বিধায়কজন বিজেপিলৈ যাব বিচৰাৰ মূল কাৰণ এয়াই নে?

যোৱা দুটা নিৰ্বাচনৰ ফলাফললৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট হৈ পৰে যে কংগ্ৰেছত থাকিলে ২০২১ চনত পৰাজয়ৰ আশংকা আছে ৰূপজ্যোতি কুৰ্মীৰ।

শেহতীয়া লোক সভা নিৰ্বাচনতে স্পষ্ট হৈছে যে ৰাজ্যৰ চাহ বাগিচাৰ ভোটাৰৰ মাজত কংগ্ৰেছৰ ভোটবেংক বিধ্বস্ত হৈছে আৰু বিজেপি হৈছে চাহ শ্ৰমিকৰ নতুন পচন্দ।

শেহতীয়া লোকসভা নিৰ্বাচনত কুৰ্মীৰ সমষ্টি মৰিয়নিত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে বিজেপিতকৈ ১৪,২৯১ ভোট কম পাইছে।

একেদৰে ২০১৬ৰ বিধান সভা নিৰ্বাচনত মৰিয়নিত ৰূপজ্যোতি কুৰ্মী মাত্ৰ ১,৭৯৩টা ভোটতহে বিজয়ী হৈছিল। তেওঁ ৩৬,৭০১টা ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী এন চি পিৰ অলক কুমাৰ ঘোষে পাইছিল ৩৪,৯০৮টা ভোট।

বিশেষ প্ৰভাৱ নথকা এন চি পি দলৰ প্ৰাৰ্থী হোৱা সত্ত্বেও প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষে ব্যক্তিগত জনপ্ৰিয়তাৰেই তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। অলক ঘোষ বৰ্তমান বিজেপিত!

গতিকে ২০২১ত ঘোষ বিজেপিৰ টিকটত মৰিয়নিৰ প্ৰাৰ্থী হ’লে ৰূপজ্যোতি কুৰ্মীৰ বিপদ নিশ্চিত।

তাৰোপৰি শেহতীয়া লোক সভা নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে গঠিত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ ২০২৪ চনলৈকে থকাটো নিশ্চিত। সেয়ে হ’লে, ’২১ৰ অসম বিধান সভাৰ নিৰ্বাচনৰ সময়তো কেন্দ্ৰত বিজেপি চৰকাৰেই থাকিব।

আন এটা মন কৰিবলগীয়া কথা হৈছে, ২০১৩ৰ পৰা ২০১৫ চনলৈ তৰুণ গগৈৰ চৰকাৰৰ অন্তিম দুবছৰত অসম কংগ্ৰেছত হোৱা বিসম্বাদৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিল ৰূপজ্যোতি কুৰ্মী।

হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁৰ অনুজ বহুকেইগৰাকী সতীৰ্থ কংগ্ৰেছী বৰ্তমান বিজেপিত।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd