• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুকলি হোৱাৰ তিনিদিনৰ ভিতৰতে ২.৪ নিযুত লোকে উপভোগ কৰিলে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গীত, কি আছে ভিডিঅ’টোত?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 10:10 am
a cong
8.8k
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে ভোটাৰক আকৃষ্ট কৰাৰ বাবে ‘আকৌ এবাৰ মোদীৰ চৰকাৰ’ গীতটি প্ৰচাৰ কৰি থকাৰ সমান্তৰালভাবে কংগ্ৰেছেও নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু কৰি তুলিছে এটি গীত।

গীতটো মুকলি কৰাৰ তিনিদিনৰ ভিতৰতে গীতটো ২.৪ নিযুত লোকে উপভোগ কৰিছে।

ইয়াৰ ভিতৰত ফেচবুকত ১.৩ নিযুত ভিউ হোৱাৰ লগতে ইউটিউবত ভিউৱাৰৰ সংখ্যা হৈছে ১.১ নিযুত।

কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰৰ গীতৰ ভিডিঅ’টোত মূলতঃ অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি দাঙি ধৰাৰ সয়াস চলোৱা পৰিলক্ষিত হৈছে।

গীতটো মুকলি হোৱাৰ পিছতে এমান বেছি সংখ্যক লোকে গীতটো উপভোগ কৰাৰ প্ৰসংগত আনন্দ ব্যক্ত কৰি কংগ্ৰেছৰ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে কৈছে যে গীতটোক বহুতে আদৰি লোৱাৰ কথাই কংগ্ৰেছৰ প্ৰতি যে মানুহৰ মৰম আছে তাকেই প্ৰমাণ কৰিছে।

Our aim is to bring back days of glory & prosperity to Assam through our 5 Guarantees & this peppy song encapsulates the feeling like no other! Presenting our official campaign song:
#Congressor5Guaranteehttps://t.co/cf1xhSgTn4

— Gaurav Gogoi (@GauravGogoiAsm) March 18, 2021

তেওঁ লগতে কয় যে কংগ্ৰেছে অসমবাসীক যি পাঁচটা গ্যেৰাণ্টি দিছে সেয়া শাসনলৈ আহিলে আখৰে আখৰে পালন কৰিব। কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ পোৱা গুৰুত্বপূৰ্ণ ঘোষণা কেইটামান এনেধৰণৰ :

  • মহিলা গোটসমূহে মাইক্ৰ’ফাইনেন্সৰ পৰা লোৱা ঋণ ৰেহাই কৰি দিয়া হ’ব।
  • প্ৰকৃত শিপিনীক বিনামূলীয়াকৈ সূতা, তাঁতশাল আৰু ইয়াৰ সৈতে সংলগ্ন সামগ্ৰীসমূহ প্ৰদান কৰা হ’ব।
  • ৰাজ্যৰ সকলো চৰকাৰী বাছত মহিলাসকলৰ বাবে বিনামূলীয়া যাতায়তৰ ব্যৱস্থা
  • কৃষকৰ সমুদায় কৃষিঋণ মাফ কৰি দিয়া হ’ব।
  • কাছাৰ কাগজকল আৰু জাগীৰোডৰ নগাওঁ কাগজকল পুনৰ মুকলি কৰাৰ বাবে ক্ষিপ্ৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
  • অসম আন্দোলন, ভাষা আন্দোলন, মাধ্যম আন্দোলন, কা আন্দোলনৰ শ্বহীদ পৰিয়ালক পেন্সন প্ৰদান কৰা হ’ব।
  • শিলচৰ ৰে’লৱে ষ্টেশ্যনৰ প্ৰস্তাৱিত ‘ভাষা শ্বহীদ ষ্টেশ্যন, শিলচৰ’ নামকৰণ সম্পন্ন কৰা হ’ব।
  • গুৱাহাটী মহানগৰীত চৰকাৰী মাটিত বাস কৰি থকা ভূমিহীন লোকসকলক সুবিধা অনুযায়ী মাটিৰ পট্টা দিয়া হ’ব।
  • প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত এটি প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ’ব।
  • পঞ্চাছ বছৰ সম্পন্ন কৰা নামঘৰ, মন্দিৰ, মছজিদ, দৰগাহ, গুৰুদ্বাৰকে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহলৈ আৰ্থিক অনুদান প্ৰদান কৰা হ’ব।
  • বৰ্তমান অনুসূচিত জাতি-জনজাতিৰ তালিকাভুক্ত হৈ থকা জনগোষ্ঠীসমূহৰ কোনোধৰণৰ ক্ষতি নোহোৱাকৈ ছয় জনগোষ্ঠী, টাই-আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশীৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবী সমাধান কৰা হ’ব।
  • অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা উৎসৱসমূহ যেনে জোনবিল মেলা, কাৰ্বি মহোৎসৱ আদিৰ স্থলীসমূহৰ আন্তঃগাঁথনি উন্নত কৰি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব।
  • চেনি আৰু কেৰাচিন পুনৰ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে সূলভ মূল্যত বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব।
  • সকলো শ্ৰেণীৰ শিল্পী, কলা-কুশলীক ক’ৰোনা কালত হোৱা তেওঁলোকৰ ক্ষতিৰ জোৰা মাৰিবলৈ এক কৰপাছ ফাণ্ড গঠন কৰা হ’ব।
  • প্ৰতিটো বিধানসভা সমষ্টিত একোটাকৈ ডিজিটেল সা-সুবিধাযুক্ত গ্ৰাম্য পুথিভঁৰাল স্থাপনৰ বাবে যাৱতীয় অনুদান আগবঢ়োৱা হ’ব।
  • প্ৰতিখন জিলাত একোখনকৈ গো-শালা প্ৰতিষ্ঠা কৰা হ’ব।
  • অধিবক্তাসকলৰ কল্যাণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে কৰপাছ ফাণ্ডৰ নামত ঘোষণা কৰা পাঁচ কোটি টকা বৃদ্ধি, কাৰ্য্যকৰী কৰা হ’ব।
  • প্ৰতিবছৰে অসমৰ সংবাদ জগতৰ অন্যতম বাটকটীয়া ৰাধাগোবিন্দ বৰুৱাৰ নামত একোগৰাকী বিশিষ্ট সাংবাদিকক বঁটা প্ৰদান কৰা হ’ব।
  • নগৰৰ দৰিদ্ৰ বস্তি অঞ্চলত আৰু গাঁৱৰ হাট-বজাৰত ভ্ৰাম্যমাণ চিকিৎসালয়(ক্লিনিক) আৰম্ভ কৰা হ’ব।
  • ‘আমাৰ পাকঘৰ’ আঁচনিৰ জৰিয়তে সংগঠিত আৰু অসংগঠিত খণ্ডত নিয়োজিতসকলৰ বাবে ১০ টকাত দুপৰীয়াৰ আহাৰ।
  • অসমৰ ভাষা-সংস্কৃতি-ঐতিহ্য আৰু অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িওৱা নাগৰিকত্ব(সংশোধনী) আইন অৰ্থ্যাৎ ‘কা’ অসমত বলবৎ হ’বলৈ দিয়া নহ’ব।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd