NORTHEAST NOW (Assamese)

বিধানসভাৰ মজিয়াত ‘জয় বাংলাদেশ’ ধ্বনি দিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনালে কোনে?

November 8, 2020 9:45 am · এন ই নাও নিউজ
Updated: November 8, 2020 10:08 am
হিমন্ত বিশ্ব শৰ্মা। ফটো সৌজন্য: টুইটাৰ

আজমলৰ সমৰ্থকে ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া বুলি দাবী কৰি অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা অনুৰূপ অভিযোগ এটা পুনৰ সংবাদ শিৰোনামলৈ আহিছে।

বিধানসভাৰ মজিয়াতে যোৱা বছৰৰ ডিচেম্বৰ মাহত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘জয় বাংলাদেশ’ ধ্বনি দিছিল।

ইয়াৰ পিছতে হিমন্তৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু হৈছিল যদিও আজিলৈকে এই বিষয়ত আৰক্ষীয়ে কোনো ব্যৱস্থাই গ্ৰহণ কৰা নাই।

সেয়ে বিধানসভাত ‘জয় বাংলাদেশ’ ধ্বনি দিয়া হিমন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস দেখুৱাবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনাইছে কংগ্ৰেছে।

কংগ্ৰেছৰ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্যমন্ত্ৰী সোণোৱালক এই সন্দৰ্ভত দাবী উত্থাপন কৰি কয় যে বিধানসভাত যেতিয়া কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ‘কা’ৰ বিৰুদ্ধে বক্তব্য ৰাখি আছিল সেই সময়তে বিধানসভাত হিমন্ত বিশ্বই ‘জয় বাংলাদেশ’ ধ্বনি দিছিল।

প্ৰথমাৱস্থাত কটন বিশ্ববিদ্যালয়ৰ কেইগৰাকীমান ছাত্ৰই পাণবজাৰ থানাত হিমন্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল যদিও পৰৱৰ্তী সময়ত সেই গোচৰটো দিছপুৰ থানালৈ বদলি কৰা হয়।

গোচৰ দিয়াৰ পিছতো হিমন্তৰ বিৰুদ্ধে আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আশ্চৰ্য ব্যক্ত কৰে কংগ্ৰেছৰ নেতা গৰাকীয়ে।

Related News