মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি বিপদত কংগ্ৰেছী বিধায়ক; জাৰি কাৰণ দৰ্শোৱাৰ জাননী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে লাহৰীঘাটৰ বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে।

মহম্মদ নাজাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কৈছিল যে তেওঁ এজন অতি কঠোৰ পৰিশ্ৰমী ব্যক্তি আৰু দিনে নিশাই কাম কৰিব পাৰে।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা আজি কংগ্রেছত থাকিলে দলটো বহু ওপৰলৈ গ’লহেঁতেন বুলিও বিধায়কগৰাকীয়ে প্রকাশ কৰিছিল৷

লগতে পঢ়ক: উদ্বোধনী অনুষ্ঠানৰ নিবিদা আহ্বানৰ পূৰ্বেই উদ্বোধন হৈছিল দিছপুৰ উৰণীয়া সেতু! প্ৰতিবেদনত পোহৰলৈ আন এক চাঞ্চল্য

তেওঁ লগতে কৈছিল যে মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক ভাল যদিও তেওঁলোকৰ মাজত মতাদৰ্শগত মতানৈক্য আছে।

বিষয়টো সন্দৰ্ভত বিধায়ক নাজাৰৰ প্ৰতিক্ৰিয়াৰ বাবে যোগাযোগ কৰিবলৈ এই সাংবাদিকে বাৰে বাৰে কৰা প্ৰচেষ্টা অসাৰ হৈ পৰে কিয়নো তেওঁ ফোন লাভ কৰাৰ পিছতো ফোন বিচ্ছিন্ন কৰি দিছিল।

ইপিনে, অসম প্ৰদেশ কংগ্ৰেছে মহম্মদ নাজাৰক তেওঁৰ এই কাৰ্যৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰিছে।

লগতে পঢ়ক: কেলেংকাৰীৰ নিৰপেক্ষ তদন্ত হওক, মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক: ৰাইজৰ দল

অসম কংগ্ৰেছৰ নেতা ৰাণা গোস্বামীয়ে এই সাংবাদিকৰ আগত কয় যে দলটোৱে মুখ্যমন্ত্ৰী শৰ্মাক প্ৰশংসা কৰাৰ বাবে বিধায়ক আছিফ মহম্মদ নাজাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰি প্ৰত্যুত্তৰ দিবলৈ ২৪ ঘন্টা সময় দিয়া দিছে। এবাৰ তেওঁ উত্তৰ পোৱাৰ পিছতে পৰৱৰ্তী কাৰ্যব্যৱস্থা সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব।

২০২১ চনৰ বিধানসভা নিৰ্বাচনত লাহৰীঘাট বিধান সভা সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত আছিফ মহম্মদ নাজাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

চিকিৎসা বিজ্ঞানৰ ডিগ্ৰীধাৰী নাজাৰে ৰাজনীতিত ভৰি দিয়াৰ আগতে নিজৰ গৃহ চহৰ মৰিগাঁওত চিকিৎসা সেৱা আগবঢ়াইছিল।

লগতে পঢ়ক: ইণ্ডিয়ান আইডল-১৩ৰ বিজয়ী ঋষি সিং; প্ৰথম ৰাণাৰ্ছ আপ দেৱাস্মিতা ৰয়, দ্বিতীয় চিৰাগ কোটৱাল

নাজাৰ কংগ্ৰেছৰ সদস্য হিচাপে অসমৰ লাহৰীঘাট সমষ্টিৰ পৰা পাঁচবাৰৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ পুত্ৰ। ২০০২ চনৰ পৰা ২০১৬ চনলৈ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰতো নাজাৰৰ পিতৃ ইছলাম মন্ত্ৰী আছিল।