NORTHEAST NOW (Assamese)

দুৰ্নীতি নিবাৰণ অভিযান: ২০১৯ চনৰ পৰা অসমত ৪৫৫ চৰকাৰী কৰ্মচাৰী গ্ৰেপ্তাৰ

November 30, 2025 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 30, 2025 8:19 pm

চৰকাৰী নথিত পোহৰলৈ অহা তথ্য অনুসৰি, ২০১৯ চনৰ পৰা বৰ্তমানলৈকে অসমত দুৰ্নীতি আৰু আয় বহিৰ্ভূত সম্পত্তি গঢ়াৰ অভিযোগত মুঠ ৪৫৫ জন চৰকাৰী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত দুৰ্নীতি নিবাৰণৰ প্ৰচেষ্টা চলি থকাৰ মাজতে পোহৰলৈ অহা এই তথ্যই ন্যায়িক প্ৰক্ৰিয়াৰ স্থিতি সম্পৰ্কে গুৰুত্বপূৰ্ণ ইংগিত বহন কৰিছে।

চৰকাৰী তথ্য অনুসৰি, গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীসকলৰ ভিতৰত ৪৩০ জনৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰণ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ বিপৰীতে, আন ২৫ জনক নিজৰ আয়তকৈ কেইবা গুণ বেছি সম্পত্তি (আয় বহিৰ্ভূত সম্পত্তি) গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে।

এই ৪৩০ জন বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন সংস্থাই লোৱা ভূমিকা:

আৰক্ষীৰ ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰক শাখা: ৩০২ জন

মুখ্যমন্ত্ৰীৰ স্পেচিয়েল ভিজিলেন্স চেল: ৮৮ জন

ৰাজ্যৰ বিভিন্ন থানা: ৪০ জন

চৰকাৰী নথিত উল্লেখ কৰা অনুসৰি গ্ৰেপ্তাৰ কৰা কৰ্মচাৰীসকলৰ বিৰুদ্ধে ন্যায়িক কাৰ্য্যবিধি চলি আছে যদিও অধিকাংশ গোচৰেই বিচাৰাধীন হৈ আছে আৰু এতিয়ালৈকে কোনো এজন লোক দোষী সাব্যস্ত হোৱা নাই।

উল্লেখ্য যে মুঠ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীসকলৰ ভিতৰত ২৯১ জনৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা (Charge-sheet) দাখিল কৰা হৈছে। নিজৰ আয়তকৈ অধিক টকাৰ পাহাৰ গঢ়াৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা ২৫ জন কৰ্মচাৰীৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰা হৈছে। এই ধৃত কৰ্মচাৰীসকলৰ ভিতৰত ২৩ জনক চাকৰিৰ পৰা বৰ্খাস্ত (Dismissal) কৰা হৈছে।

Related News