NORTHEAST NOW (Assamese)

ৰাজ্যত কোভিডৰ সংক্ৰমণত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ১০১১ গৰাকীলৈ বৃদ্ধি

December 18, 2020 9:07 pm · এন ই নাও নিউজ

অসমত শুকুৰবাৰৰ দিনটোত কোভিডৰ সংক্ৰমণৰ ফলত নতুনকৈ এগৰাকী লোকৰ মৃত্যু হয়।

ইয়াৰ ফলত কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১০১১ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে নিশা টুইটাৰযোগে এইকথা প্ৰকাশ কৰে।

শুকুৰবাৰে মৃত্যু হোৱা কোভিড আক্ৰান্ত ব্যক্তি গৰাকী হৈছে কাছাৰ জিলাৰ অঞ্জলী সেনগুপ্তা(৭৮)।

আনহাতে, অসমত শুকুৰবাৰৰ দিনটোত নতুনকৈ ১০২ গৰাকী লোক কোভিড প’জিটিভ হয়। স্বাস্থ্য বিভাগে কৰা মুঠ ২২৭৬২ টা কোভিড পৰীক্ষাৰ ভিতৰত ১০২ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

শুকুৰবাৰে কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৩৫ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

ইপিনে, শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন কোভিড কেন্দ্ৰৰ পৰা মুঠ ৮৫ গৰাকী ব্যক্তিক কোভিড মুক্ত ঘোষণা কৰা হয়।

অসমত বৰ্তমানলৈ মুঠ ২১৫২৫০ গৰাকী ব্যক্তি কোভিড সংক্ৰমিত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ২১০৬৯৭ গৰাকী ব্যক্তি কোভিডৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।

ৰাজ্যত বৰ্তমান ৩৫৩৯ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

Related News