• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বিজ্ঞান-প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অবিবেচক কাণ্ডত ক্ষুদ্ধ ছাত্ৰ ছাত্ৰীৰ অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট

ফাৰ্মাচিউটিকেলৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি কৈয়ো হঠাৎ অনুষ্ঠিত কৰাৰ জাননীত ক্ষুদ্ধ ৪ শতাধিক ছাত্ৰ-ছাত্ৰী

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , December 18, 2020 9:05 pm

2 min read

aa Student Protest
1k
VIEWS
Share on FacebookShare on Twitter

অসম বিজ্ঞান-প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ অবিবেচক কাণ্ডত ক্ষুদ্ধ ছাত্ৰ ছাত্ৰীয়ে আজি পুৱাৰে পৰা অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে। বৰ্তমানো বিশ্ব-বিদ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি আছে ছাত্ৰ-ছাত্ৰীসকলে।

বিশ্ববিদ্যালয়খনৰ ফাৰ্মাচিউটিকেলৰ পৰীক্ষা অনুষ্ঠিত নহয় বুলি কৈয়ো হঠাৎ অনুষ্ঠিত কৰাৰ জাননীত ক্ষুদ্ধিত হৈ পৰিছে বিভাগটোত অধ্যয়নৰতঃ ৪ শতাধিক ছাত্ৰ-ছাত্ৰী।

অহা ২১ ডিচেম্বৰৰ পৰা হঠাৎ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বিশ্ববিদ্যালয়খনে সিদ্ধান্ত লোৱাত অস্বস্তিত পৰা ছাত্ৰ-ছাত্ৰীসকলে এই সিদ্ধান্ত বাতিল নকৰা পৰ্য্যন্ত তেওঁলোকৰ প্ৰতিবাদ চলাই নিব বুলি উল্লেখ কৰিছে।

এই সন্দৰ্ভত বিশ্ববিদ্যালখনত অধ্যয়ণৰতঃ অনুৰাগ শৰ্মা নামৰ ছাত্ৰজনে কয় ‘আছাম চাইন্স এণ্ড টেকন’ল’জিৰ ফালৰ পৰা যোৱা ১০ জুলাইত এখন জাননী আহিছিল যে যিহেতু কোভিড পৰিস্থিতি চলি আছে গতিকে সকলোকে চেমিষ্টাৰসমূহৰ পৰা উত্তীৰ্ণ কৰাই দিয়া হ’ব। পূৰ্বৰ চেমিষ্টাৰৰ পৰা ৫০ শতাংশ নম্বৰ লোৱা হ’ব বুলি কোৱা হৈছিল। আৰু ৫০ শতাংশ চলি থকা বৰ্ষৰ পৰা লোৱা হ’ব।

‘কিন্তু আগষ্ট জাননী আহিল যে নৱেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত হ’ব। কিন্তু নৱেম্বৰত পৰীক্ষা অনুষ্ঠিত নহ’ল। কিন্তু হঠাৎ ৬ ডিচেম্বৰত এক জাননী আহিল যে ২১ ডিচেম্বৰৰ পৰা পৰীক্ষা অনুষ্ঠিত হ’ব।‘ পৰীক্ষা অনুষ্ঠিত কৰাৰ ১৫ দিন পূৰ্বে কিয় জাননী জাৰি কৰা হ’ল বুলি প্ৰশ্ন কৰি শৰ্মাই এইদৰে কয়।

তেওঁ আৰু কয় ‘এতিয়া ছাত্ৰ-ছাত্ৰীসকলৰ নতুন চেমিষ্টাৰ চলি আছে কিয়নো তেওঁলোকক উত্তীৰ্ণ কৰি দিয়া হৈছিল বুলি কোৱা হৈছিল। কিন্তু পূৰ্বৰ চেমিষ্টাৰৰ কোনো পাঠ্যক্ৰম ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰা নাই। সেয়েহে নিশ্চয়কৈ আমি পৰীক্ষাত অৱতীৰ্ণ হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছো।‘

আনহাতে, চিন্ময় কৌশিক নামৰ আন এগৰাকী ছাত্ৰই এই সন্দৰ্ভত কয় ‘যিহেতু কোভিডৰ ভয়াবহতাৰ বাবে হোষ্টেলসমূহ বন্ধ আছিল আৰু প্ৰায়সমূহ ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেলত থাকি পঢ়া-শুনা কৰে। যোৱা ১৫ ডিচেম্বৰৰ পৰাহে হোষ্টেল মুকলি হৈছে গতিকে ৫ দিনৰ ভিতৰত কেনেকৈ আমাৰ পাঠ্যক্ৰম পঢ়ি সম্পূৰ্ণ কৰিম?’

সেয়েহে অনতি পলমে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি চিন্তা কৰি এই সিদ্ধান্ত বাতিল কৰি পুনৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ স্বাৰ্থত সিদ্ধান্ত গ্ৰহণৰ বাবে দাবী তোলে।

তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্য্যন্ত অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি যোৱাৰ হুংকাৰ দিয়ে ৪ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd