• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শশী শৰ্মাৰ ঘৰ-মাটি দানক লৈ বিতৰ্ক! সামাজিক মাধ্যমৰ চৰ্চাৰ মাজতে প্ৰকৃত তথ্য দাঙি ধৰিলে চিপিআই(এম)-এ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2026 6:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ তথা সাহিত্যিক প্ৰয়াত শশী শৰ্মাৰ ঘৰ-মাটি চিপিআই(এম)ক দান দিয়াক লৈ সৃষ্টি হোৱা চৰ্চাৰ মাজতে এই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰিলে দলটোৰ নলবাৰী জিলা সমিতিয়ে। সামাজিক মাধ্যমত প্ৰকাশ পোৱা এটা পোষ্টৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতিৰ জৰিয়তে ঘৰ-মাটি দানৰ সম্পূৰ্ণ পৃষ্ঠভূমি দাঙি ধৰিছে দলটোৱে। দলৰ দাবী, শশী শৰ্মাই নিজেই স্বইচ্ছাৰে নিজৰ বাসগৃহ আৰু মাটি দলটোক দান দিয়াৰ সিদ্ধান্ত লৈছিল। আনকি এই সম্পত্তি দলৰ নামত হস্তান্তৰ কৰিবলৈ প্ৰয়াত শশী শৰ্মাৰ দুই জোঁৱায়েকৰ জৰিয়তে দলৰ নেতৃবৃন্দক কেইবাবাৰো অনুৰোধ জনোৱা হৈছিল।

চিপিআই(এম)-ৰ নলবাৰী জিলা সমিতিৰ সম্পাদক ৰবীন মিশ্ৰই প্ৰকাশ কৰা বিবৃতিত উল্লেখ কৰা অনুসৰি, মাৰ্ক্সবাদী আদৰ্শৰে উদ্বুদ্ধ শশী শৰ্মাৰ সৈতে দলটোৰ দীৰ্ঘদিনীয়া আৰু গভীৰ সম্পৰ্ক আছিল। মৃত্যুৰ দিনটোলৈকে তেওঁ দলৰ সদস্য হৈ আছিল আৰু দলৰ নীতি-আদৰ্শ নিষ্ঠাৰে পালন কৰি আহিছিল। এই ঘনিষ্ঠ সম্পৰ্কৰ বাবেই দলৰ কাম-কাজ আৰু শ্ৰীবৃদ্ধিৰ স্বাৰ্থত নিজৰ ঘৰ আৰু মাটি দান দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিল শশী শৰ্মাই।

Apply Now

বিবৃতিত কোৱা হৈছে যে, ২০১৭ চনৰ ১৩ অক্টোবৰত নলবাৰীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত শশী শৰ্মাই নিজৰ সম্পত্তি চিপিআই(এম)ক দান দিয়াৰ কথা ঘোষণা কৰিছিল। সেই সময়ত বাতৰি কাকত আৰু বৈদ্যুতিন সংবাদ মাধ্যমতো এই ঘোষণা ব্যাপকভাৱে প্ৰচাৰ হৈছিল। অৱশ্যে তেওঁৰ এই সিদ্ধান্তৰ কথা জানিবলৈ পাই দলৰ নেতৃবৃন্দই তেওঁক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু নিজৰ সিদ্ধান্তত অটল আছিল শশী শৰ্মা।

দলৰ বিবৃতিত প্ৰকাশ কৰা মতে, সম্পত্তি হস্তান্তৰৰ আইনী প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ শশী শৰ্মাই তেওঁৰ দুই জোঁৱায়েকক অন্ততঃ পাঁচ-ছয়বাৰ চিপিআই(এম)-ৰ নলবাৰী জিলা কাৰ্যালয়লৈ পঠিয়াইছিল। অধিক পলম নকৰাকৈ ঘৰ-মাটি দলৰ নামত হস্তান্তৰ কৰাৰ ব্যৱস্থা কৰিবলৈও তেওঁ জোঁৱায়েক দুজনৰ জৰিয়তে দলৰ নেতৃবৃন্দক আহ্বান জনাইছিল।

অৱশেষত ২০১৮ চনৰ ১৮ অক্টোবৰত নলবাৰীৰ জাপাৰকুছিত থকা নিজৰ সম্পত্তিৰ একঠা মাটি আৰু বাসগৃহটো চিপিআই(এম)ক দান দিয়াৰ দলিল আনুষ্ঠানিকভাৱে পঞ্জীয়ন কৰা হয়। অৰ্থাৎ ২০১৭ চনৰ ১৩ অক্টোবৰত ৰাজহুৱাভাৱে দানৰ কথা ঘোষণা কৰাৰ এবছৰ পাছত সম্পত্তি হস্তান্তৰৰ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। পৰৱৰ্তী সময়ত আইন অনুসৰি মাটিখিনি দলৰ নামত নামজাৰী কৰাৰ লগতে জমাবন্দী প্ৰস্তুত কৰা হয়।

বিবৃতিত আৰু উল্লেখ কৰা হৈছে যে, শশী শৰ্মা আৰু তেওঁৰ সহধৰ্মিণী বিনাপাণি দেৱীৰ মৃত্যুৰ পাছত পৰিয়ালৰ সদস্যসকলে তেওঁলোকৰ বাসগৃহৰ চাবি দলৰ নেতৃত্বৰ হাতত অৰ্পণ কৰে। সেয়েহে ঘৰ-মাটি দানৰ বিষয়টোত কোনো ধৰণৰ অস্পষ্টতা নাই বুলি দাবী কৰিছে চিপিআই(এম)-ৰ নলবাৰী জিলা সমিতিয়ে।

উল্লেখ্য যে, প্ৰয়াত শশী শৰ্মাই আজীৱন সমাজৰ পৰিৱৰ্তন, অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু সম্প্ৰীতি প্ৰতিষ্ঠাৰ হকে কলম চলাইছিল। সাম্প্ৰদায়িকতা আৰু উগ্ৰ জাতীয়তাবাদী চিন্তাধাৰাৰ বিৰুদ্ধেও তেওঁ সৰৱ ভূমিকা পালন কৰিছিল। জীৱনৰ শেষ সময়লৈকে তেওঁৰ বৌদ্ধিক সক্ৰিয়তা আৰু সামাজিক সচেতনতা অটুট আছিল।

এনে এগৰাকী সমাজহিতৈষী আৰু মানৱতাবাদী চিন্তাবিদৰ ঘৰ-মাটি দানক লৈ সামাজিক মাধ্যমত হোৱা চৰ্চাৰ মাজতে চিপিআই(এম)-ৰ নলবাৰী জিলা সমিতিয়ে ৰাইজক বিভ্ৰান্তিকৰ আৰু অসৎ উদ্দেশ্যপ্ৰণোদিত প্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনাইছে। দলটোৱে প্ৰকৃত তথ্যৰ ভিত্তিত বিষয়টো বিবেচনা কৰিবলৈও ৰাইজক অনুৰোধ জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শশী শৰ্মাৰ ঘৰ-মাটি দানক লৈ বিতৰ্ক! সামাজিক মাধ্যমৰ চৰ্চাৰ মাজতে প্ৰকৃত তথ্য দাঙি ধৰিলে চিপিআই(এম)-এ

শশী শৰ্মাৰ ঘৰ-মাটি দানক লৈ বিতৰ্ক! সামাজিক মাধ্যমৰ চৰ্চাৰ মাজতে প্ৰকৃত তথ্য দাঙি ধৰিলে চিপিআই(এম)-এ

November 12, 2026 6:45 am
২০২৪ৰ নিৰ্বাচনৰ ৫১টা সমষ্টিৰ ভোটদান আৰু গণনাৰ তথ্যত বিসংগতিৰ অভিযোগ! নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথি পৰীক্ষা কৰি চাঞ্চল্যকৰ দাবী ‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’ৰ

২০২৪ৰ নিৰ্বাচনৰ ৫১টা সমষ্টিৰ ভোটদান আৰু গণনাৰ তথ্যত বিসংগতিৰ অভিযোগ! নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথি পৰীক্ষা কৰি চাঞ্চল্যকৰ দাবী ‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’ৰ

November 11, 2026 9:12 pm
আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ আঁৰত বিজেপি-আৰএছএছৰ ৰাজনৈতিক পৰিকল্পনা আছিল নেকি? স্মৃতিকথাত বিস্ফোৰক দাবী ছোনীয়া গান্ধীৰ

আন্না হাজাৰেৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ আঁৰত বিজেপি-আৰএছএছৰ ৰাজনৈতিক পৰিকল্পনা আছিল নেকি? স্মৃতিকথাত বিস্ফোৰক দাবী ছোনীয়া গান্ধীৰ

November 11, 2026 7:20 pm
কুলগামত চি আৰ পি এফৰ তালাচী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণ! মটৰচাইকেলত আহি ধাৰাসাৰ গুলীচালনা, গুৰুতৰভাৱে আহত ৩ জোৱান

কুলগামত চি আৰ পি এফৰ তালাচী চকীত সন্ত্ৰাসবাদীৰ আক্ৰমণ! মটৰচাইকেলত আহি ধাৰাসাৰ গুলীচালনা, গুৰুতৰভাৱে আহত ৩ জোৱান

November 11, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শশী শৰ্মাৰ ঘৰ-মাটি দানক লৈ বিতৰ্ক! সামাজিক মাধ্যমৰ চৰ্চাৰ মাজতে প্ৰকৃত তথ্য দাঙি ধৰিলে চিপিআই(এম)-এ

শশী শৰ্মাৰ ঘৰ-মাটি দানক লৈ বিতৰ্ক! সামাজিক মাধ্যমৰ চৰ্চাৰ মাজতে প্ৰকৃত তথ্য দাঙি ধৰিলে চিপিআই(এম)-এ

November 12, 2026 6:45 am
২০২৪ৰ নিৰ্বাচনৰ ৫১টা সমষ্টিৰ ভোটদান আৰু গণনাৰ তথ্যত বিসংগতিৰ অভিযোগ! নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথি পৰীক্ষা কৰি চাঞ্চল্যকৰ দাবী ‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’ৰ

২০২৪ৰ নিৰ্বাচনৰ ৫১টা সমষ্টিৰ ভোটদান আৰু গণনাৰ তথ্যত বিসংগতিৰ অভিযোগ! নিৰ্বাচন আয়োগৰ আভ্যন্তৰীণ নথি পৰীক্ষা কৰি চাঞ্চল্যকৰ দাবী ‘দ্য ৰিপ’ৰ্টাৰ্ছ কালেক্টিভ’ৰ

November 11, 2026 9:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd