NORTHEAST NOW (Assamese)

ৰাজ্যত ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ২ লাখ অতিক্ৰম; আজি ৩ গৰাকী লোকৰ মৃত্যু

October 18, 2020 10:44 pm · এন ই নাও নিউজ

অসমত আজি পুনৰ তিনিগৰাকী ব্যক্তিৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

ইয়াৰ ফলত অসমত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৮৬৯ গৰাকীলৈ বৃদ্ধি পায়।

আজি মৃত্যু হোৱা ব্যক্তি তিনিগৰাকী হৈছে ক্ৰমে- নগাঁও জিলাৰ চন্দ্ৰ বাল্মিকী (৪৫), যোৰহাটৰ দিলীপ শইকীয়া (৬০) আৰু হোজাইৰ তম্ভাষণা দেৱী(৭৯)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

আনহাতে, আজি ৰাজ্যত ৬৪২ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। মুঠ ২৩১২৯ টা ক’ৰ’না পৰীক্ষাৰ ভিতৰত ৬৪২ গাৰকী লোক প’জিটিভ হয়।

বৰ্তমানলৈ অসমত ২০০৩৯১ গৰাকী লোক ক’ৰ’না সংক্ৰমিত হোৱাৰ বিপৰীতে চিকিৎসাৰ অন্তত ১৭১০৮১ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে।

বৰ্তমান অসমৰ বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেশ্যনত ২৮৪৪২ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

আশাপ্ৰদক দিশটো হৈছে বিগত দিনসমূহৰ তুলনাত ক্ৰমাৎ দেশৰ লগতে অসমত ক’ৰ’নাৰ সংক্ৰমণ হ্ৰাস পাবলৈ আৰম্ভ কৰিছে।

Related News