গো সুৰক্ষা আইনৰ নামত দুখীয়াক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ চলিছে: অখিল গগৈ

rhinoo

গো সুৰক্ষাআইনৰ বিৰুদ্ধে পুনৰবাৰ সৰৱ হৈ পৰিল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ।

এই আইন খনৰ জৰিয়তে দুখীয়া লোকসকলক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ চলিছে বুলিও বিধায়ক গগৈয়ে স্পষ্ট অভিযোগ উত্থাপন কৰে।

আইন খনে ৰাজ্যৰ বহু কৃষকৰ আয়ৰ উৎসত কুঠাৰাঘাত কৰা বুলিও তেওঁ মন্তব্য কৰে।গো সুৰক্ষা আইন বাতিলৰ দাবীত ৰাইজৰ দলে অচিৰেই ৰাজ্যব্যাপী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও বিধায়ক গগৈয়ে মন্তব্য কৰে।

কেৱল আৰএছএছক সন্তুষ্ট কৰাৰ বাবেই অসমত থকা বিজেপি চৰকাৰ খনে গো সুৰক্ষা আইনৰ দৰে আইন প্ৰৱৰ্তন কৰা বুলিও গগৈয়ে মন্তব্য কৰে।

উল্লেখ্য যোৱা ১৩ আগষ্টত  অসম বিধানসভাত আনুষ্ঠানিক ভাবে গৃহীত কৰা হৈছিল বহু চৰ্চিত তথা বহু বিতৰ্কিত গো-সুৰক্ষা আইন,২০২১। লগে লগে জয় শ্ৰীৰাম ধ্বনিৰে মুখৰিত হৈ পৰে বিধানসভাৰ মজিয়া।

বিজেপিৰ বিধায়কসকলে জয়শ্ৰীৰাম ধ্বনি দি থকাৰ মাজতে বিধেয়ক খনৰ বিৰোধিতা কৰি বিৰোধীয়ে সদন ত্যাগ কৰিছিল।

আইন খন গৃহীত হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কৈছিল-

‘ আপোনালোকে য’ত আছে তাত খাওক ৷ কিন্তু হিন্দু, জৈন, বৌদ্ধিষ্টলোক থকা ঠাইত নাখাব ৷ ভাল মুছলমানে কেতিয়াও তেনে কাম নকৰে। মন্দিৰ নামঘৰ থকা ঠাইৰ পৰা পাঁচ কিলোমিটাৰ দূৰত খাওক’ ৷ গো-মাংস খোৱাত মুছলমান লোকক কেতিয়াও চৰকাৰে বাধা নিদিয়ে বুলি মুখ্যমন্ত্ৰীয়ে কয়।তেওঁ কয় যে মন্দিৰৰ পৰা কমেও পাঁচ কিলোমিটাৰ দূৰত গো-মাংস খোৱাৰ বিষয়টোত হয়তো কোনো মুছলমান লোকে আপত্তি নকৰিব।

বিধেয়কখনত যিবোৰ অনুচ্ছেদ সন্নিৱিষ্ট কৰা হৈছে তাৰে কেইটামান চমুকৈ এনেধৰণৰ-

অনুচ্ছেদ ৪: পশুবধ নিষেধ : অন্য কোনো আইনত উল্লেখ থাকিলেও বা ইয়াৰ বিপৰীত কোনো উপযোগ থাকিলেও কোনো লোকে  পশু হত‍্যা কৰিব নোৱাৰিব।

অনুচ্ছেদ ৫: সক্ষম অধিকাৰীৰ প্ৰমাণপত্ৰ নোহোৱাকৈ পশু বধ নিষেধ: যিটো অঞ্চলত পশুবধ কৰিবলৈ বিচৰা হ’ব সেই অঞ্চলৰ পশুপালন বিভাগৰ পঞ্জীয়নকৃত পশু চিকিৎসা অধিকাৰীৰ লিখিত প্ৰমাণপত্ৰ নোহোৱাকৈ কোনো লোকে পশুবধ কৰিব নোৱাৰিব। তদুপৰি পশু চিকিৎসা অধিকাৰীয়ে প্ৰমাণ পত্ৰ দিয়াৰ ক্ষেত্ৰত নিশ্চিত হ’ব লাগিব যে বধ কৰিবলৈ বিচৰা পশুটোৰ (গৰু নহয়) বয়স ১৪ বছৰ হৈছে। তদুপৰি পশুটো (গৰু, চেউৰী বা দামুৰী হ’ব নোৱাৰিব) কাম কৰিবলৈ বা প্ৰজনন কৰিবলৈ স্থায়ীভাৱে অক্ষম হৈ পৰিব লাগিব আৰু এনে অক্ষমতা কোনো দুৰ্ঘটনাজড়িত আঘাত বা আভঁজা অৱস্থা (deformity)ৰ বাবে হ’ব লাগিব।

অনুচ্ছেদ ৬: পশু বধ গৃহৰ বাদে অন্য স্থানত বধ বাৰণ।

অনুচ্ছেদ ৫ৰ অধীনত কোনোলোকে যদি পশু  হত্যা  বা বধৰ অনুজ্ঞা লাভ কৰে তেন্তে তেনে পশু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা অনুজ্ঞা থকা পশুবধ গৃহতহে বধ কৰিব পাৰিব। অৱশ্যে ৰাজ্য চৰকাৰে  উপাসনাৰ কিছু স্থান বা কোনো উৎসৱ পাৰ্বনত (occasions) ধৰ্মীয় কাৰণত পশুবধ কৰিবলৈ ৰেহাই দিবও পাৰে।

অনুচ্ছেদ ৭: পশুৰ পৰিৱহন নিষেধ:  এই অনুচ্ছেদৰ জৰিয়তে বৈধ অনুজ্ঞাপত্ৰ নোহোৱাকৈ পশু পৰিবহন সম্পূৰ্ণভাৱে নিষেধ কৰা হৈছে। ৭(১) নং অনুচ্ছেদ অনুযায়ী কোনো লোকে বৈধ অনুজ্ঞা নোহোৱাকৈ অসমৰ বাহিৰৰ ৰাজ্যৰপৰা অসমৰ মাজেৰে অসমৰ বাহিৰলৈ পশু পৰিবহন কৰিব নোৱাৰিব। তদুপৰি অসমৰ বাহিৰৰ কোনো স্থানত য’ত পশুবধ আইনৰ দ্বাৰা নিয়ন্ত্ৰিত নহব তালৈকেও পশু পৰিবহন কৰিব পৰা নাযাব।

অনুচ্ছেদ ৭(২) অনুযায়ী কোনো লোকে আন ৰাজ্যৰ কোনো স্থানৰ পৰা এই বিধিৰ দ্বাৰা পশুবধ শাস্তিযোগ‍্য বুলি ঘোষণা দিয়া ৰাজ্যৰ কোনো স্থানলৈ পশু পৰিবহন কৰিব নোৱাৰিব। একেদৰে এই বিধিৰদ্বাৰা পশুবধ শাস্তিযোগ‍্য বুলি ধৰা ৰাজ্যৰ এঠাইৰ পৰা আনঠাইলৈ  পশু পৰিবহন কৰিব নোৱাৰিব। কেৱল কৃষি আৰু পশুপালন কাৰ্য্যত প্ৰকৃতাৰ্থত প্ৰয়োজনীয় পশু পৰিবহন ; চৰণীয়া পথাৰলৈ নিয়া; জিলা খনৰ ভিতৰতে কৃষি আৰু পশুপালনৰ বাবে পশু পৰিবহন কাৰ্যক এই বিধেয়কে ৰেহাই দিছে। পঞ্জীয়নকৃত পশু বজাৰৰ বাবে জিলাৰ ভিতৰতে পশু পৰিবহন কাৰ্যকো এই বিধেয়ক জৰিয়তে ৰেহাই প্ৰদান কৰা হৈছে।

অনুচ্ছেদ ৮:  গো-মাংস আৰু গো-মাংসজাত খাদ্য সামগ্ৰীৰ বিক্ৰীত নিষেধ* : এই অনুচ্ছেদৰ জৰিয়তে কেৱল সক্ষম প্ৰাধিকাৰীৰ দ্বাৰা অনুমতি দিয়া স্থানৰ বাদে আন স্থানত কোনো গো-মাংস বা গো-মাংসজাত সামগ্ৰী পৰোক্ষ বা প্ৰত‍্যক্ষ ভাৱে বিক্ৰী কৰিব নোৱাৰিব বুলি কোৱা হৈছে। তদুপৰি হিন্দু, জৈন, শিখ আৰু অন্যান্য গো-মাংস নোখোৱা লোকৰ প্ৰধানত বসবাস থকা এলেকাত তথা মন্দিৰ, সত্ৰ আৰু হিন্দু ধৰ্মৰ আন অনুষ্ঠান থকা স্থানৰ ৫ কি:মি  ব্যাসাৰ্ধৰ ভিতৰত এনে অনুমতি প্ৰদান কৰা নহ’ব।