অসম: মেগা অনলাইন এন্তাৰ্তেইনমেন্ত প্ৰতিযোগিতাৰ আয়োজন ক্ৰিএ’চন ম’চন পিক্সাৰৰ

জানুৱাৰিত আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখন মে’লৈকে চলিব

Bridge-1-750x375

গুৱাহাটীস্থিত ক্ৰিএ’চন ম’চন পিক্সাৰে অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এক মেগা অনলাইন এন্তাৰ্তেইনমেন্ত কম্পিতিচন।

জানুৱাৰিত আৰম্ভ হ’ব লগীয়া প্ৰতিযোগিতাখন মে’লৈকে চলিব।

“আমি জানো যে অসমৰ চুকে-কোণে বহু প্ৰতিভা আত্মগোপন কৰি আছে। প্ৰতিযোগিতাখন সকলোৰে বাবে মুকলি আছে। বয়স ধতৰ্ব্য নহয়। কাৰণ প্ৰতিভাসমূহ চিৰসেউজ আৰু আমি প্ৰতিভাক সন্মান কৰো,” জনালে পৰিচালক গাৰ্গী শইকীয়া হাজৰিকাই।

“আজিৰ দিনত প্ৰত্যেকৰে স্মাৰ্ত ফ’ন থাকে; অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ স্মাৰ্ত ফ’নৰ যোগেদি এটা ভিডিঅ’ শ্বুত কৰিব পাৰে আৰু তেওঁলোকৰ ঘৰৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে,” তেওঁ ক’লে।

প্ৰতিযোগিতাখনৰ বাবে চূড়ান্ত কৰা ভাগসমূহ হ’ল— অভিনয়, গায়ন, যাদু, শিল্প, আবৃত্তি, নৃত্য, বাদ্য বাজনৰ লগতে জিকিৰ জাৰি, দিহা নাম আদি।

তেওঁ কয় যে ভিডিঅ’বোৰ YouTube চেনেল আৰু ক্ৰিএ’চন ম’চন পিক্সাৰৰ ফে’চবুক পে’জত প্ৰকাশ কৰা হ’ব আৰু লাইক, ৱিৱাৰ্ছৰ ভিত্তিত পৰৱৰ্তী ৰাউন্দত আপগ্ৰে’দ কৰা হ’ব।

হাজৰিকাই ক’লে প্ৰতিযোগিতাখনৰ বাবে নাম পঞ্জীয়ন চলি আছে।

“দ্বিতীয় ৰাউন্দত নিৰ্বাচিত হোৱা ফাইনেলিস্তসকলক সুযোগ দিয়া হ’ব মঞ্চত জীৱন্ত পৰিৱেশনৰ যিখন হ’ব ফিনালি। তাৰ পৰা ৪গৰাকীক বিজয়ীৰূপে বাচনি কৰা হ’ব। প্ৰতিযোগিতাৰ বিজয়ীয়ে লাভ কৰিব প্ৰমাণপত্ৰৰ সৈতে বেস্ত এন্তাৰ্তেইনাৰ অৱ আছাম খিতাপ, বিজিত দুগৰাকীয়েও লাভ কৰিব প্ৰমাণপত্ৰৰ সৈতে ৰানাৰ্ছ আপৰ খিতাপ। নিচুকণি পুৰস্কাৰ আগবঢ়োৱা হ’ব ৪ৰ্থ গৰাকীলৈ আৰু তেওঁলোক সকলোকে প্ৰদান কৰা হ’ব আকৰ্ষণীয় উপহাৰ,” তেওঁ কয়।

তেওঁ লগতে জনাই যে তেওঁলোকৰ প্ৰদাক্সনৰ সৈতে কাম কৰাৰ বাবে বহু সুযোগ প্ৰদান কৰা হ’ব প্ৰতিযোগিতাৰ বিজয়ীসকলক।

আগ্ৰহী প্ৰতিযোগীসকলে ৮৭৬১৯২৯৩৭৫ ম’বাইল নম্বৰ বা creationmotionpicture@gmail.comত যোগাযোগ কৰিব পাৰে।