• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সলনি নহ’ল অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ ‘অঘোষিত পৰম্পৰা’; সভাপতিৰ আসনত মুখ্য মন্ত্ৰীৰ ঘনিষ্ঠ

সম্পাদকৰ পদত মন্ত্ৰী হিমন্তৰ ঘনিষ্ঠ দেৱজিৎ শইকীয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 12, 2019 9:38 pm
Office bearers of ACA

অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ নতুনকৈ নিৰ্বাচিত সভাপতি, সম্পাদক আৰু কোষাধ্যক্ষ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম ক্ৰিকেট এছ’চিয়েশ্যনৰ ‘অঘোষিত পৰম্পৰা’ ৰক্ষা কৰি ইয়াৰ নিৰ্বাচনত ‘লোভনীয়’ শীৰ্ষ পদটোত এইবাৰো নিৰ্বাচিত হ’ল এজন ব্যৱসায়ী তথা ৰাজনৈতিক নেতা। আজি অনুষ্ঠিত নিৰ্বাচনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ তথা গোলাঘাটৰ ব্যৱসায়ী ৰমেন দত্ত সভাপতি হিচাপে নিৰ্বাচিত হয়।

২১টা ভোট লাভ কৰি দত্তই বৰ্তমানৰ সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক, যিজনে ৯টা ভোটহে পায়, পৰাজিত কৰি সভাপতি হিচাপে নিৰ্বাচিত হয়।

মন কৰিব লগীয়া যে দেশৰ জনপ্ৰিয় খেল ক্ৰিকেটৰ মান অক্ষুণ্ণ ৰাখিবলৈ ক্ৰিকেট এছ’চিয়েশ্যনবোৰত ৰাজনীতিক, ব্যৱসায়ীৰ দপদপনি বন্ধ কৰাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰ এম লোধাৰ নেতৃত্বত এখন কমিটী গঠন কৰি উদ্যোগ হাতত লৈছিল। ক্ৰিকেটক ৰাজনৈতিক প্ৰভাৱ, বিতৰ্ক আৰু দুৰ্নীতিৰ পৰা মুক্ত কৰিবলৈ লোধা কমিটীয়ে শেহতীয়াভাৱে কেতবোৰ পৰামৰ্শও দিছিল।

কিন্তু লোধা কমিটীৰ এই পৰামৰ্শসমূহৰ পাছত কিমান সংশোধন হ’ল অসমৰ ক্ৰিকেট সেইটো আজিৰ নিৰ্বাচৰ ফলাফলেই প্ৰমাণ কৰি দিলে। কংগ্ৰেছৰ দিনৰ দৰেই অসম ক্ৰিকেট এছ’চিয়েশ্যন পুনৰ শাসনাধিষ্ঠিত ৰাজনৈতিক শক্তিৰ কবলতে ৰ’ল।

গুৰুত্বপূৰ্ণ কথাটো হ’ল আত্মসন্মানৰ স্বাৰ্থত এই ৰাজনীতিক, ব্যৱসায়ীসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাধাৰণতে আগ বাঢ়ি নাহে কোনো ক্ৰিকেটাৰ। এইবাৰো তাৰ ব্যতিক্ৰম নহ’ল। এইবাৰো সভাপতি-সম্পাদকৰ দৌৰত নাছিল কোনো ক্ৰিকেটাৰ।

চিন্তনীয় বিষয় যে যি সময়ত চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ ক্ৰিকেট ব’ৰ্ডত সৌৰভ গাংগুলীৰ দৰে স্বনামধন্য ক্ৰিকেটাৰে সভাপতিৰ আসন অলংকৃত কৰি আছে, তেনে সময়ত অসমৰ ক্ৰিকেট ব’ৰ্ডত সভাপতি বা শীৰ্ষস্থানীয় পদত দেখা নাযায় ৰাজ্যৰ কোনো প্ৰবীণ ক্ৰিকেটাৰক।

উল্লেখযোগ্য যে, লোধা কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ২০১৭ চনৰ ২ জানুৱাৰিত দেশৰ সৰ্বোচ্চ ন্যায়ালায়ে দিয়া ৰায়ৰ বাবে পদ এৰি নিদিয়ালৈ অসম ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আছিল অসম চৰকাৰৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তেওঁ ২০১৬ চনৰ ডিচেম্বৰ মাহৰ পৰাই এই দায়িত্বত আছিল। ড০ হিমন্ত বিশ্ব শৰ্মা সভাপতি হৈ থকা সময়তেই মন্ত্ৰী ৰিহণ দৈমাৰী ব’ৰ্ডৰ নামনি অসম মণ্ডলৰ উপ-সভাপতি আছিল।

ইয়াৰ পূৰ্বে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ো অসম ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আছিল। ২০০২ চনৰ পৰা ২০১৬ চনলৈ সুদীৰ্ঘ সময় এই আসনত আছিল গৌতম ৰয়। সেই সময়ছোৱাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, প্ৰয়াত কংগ্ৰেছ নেতা অঞ্জন দত্ত উপ-সভাপতিৰ দায়িত্বত আছিল।

একেদৰে, অসম গণ পৰিষদৰ চৰকাৰ চলি থকা সময়ত তেতিয়াৰ মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তও অসম ক্ৰিকেট ব’ৰ্ডৰ সভাপতি আছিল। তেতিয়াৰ মন্ত্ৰী ডাঃ কমলা কান্ত কলিতা ব’ৰ্ডৰ উপ-সভাপতি পদত আছিল।

কিন্তু এইবাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বাবে শাসক দলৰ মন্ত্ৰী-বিধায়কে শীৰ্ষ পদকেইটা দখল কৰিব নোৱাৰিলেও তেওঁলোকৰ ঘনিষ্ঠ নেতাই দখল কৰি পৰোক্ষে ৰায়টোক উপলুঙা কৰিলে।

মন কৰিব লগীয়া যে সভাপতিৰ পদত পৰাজিত প্ৰদীপ বুঢ়াগোহাঁয়ো এজন বিজেপিৰ নেতা আৰু তেওঁ ২০১১ চনৰ বিধান সভা নিৰ্বাচনত মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী আছিল।

আনহাতে সম্পাদক পদত বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হ’ল অৱসৰপ্ৰাপ্ত এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়া। দেৱজিৎ শইকীয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে।

আনপিনে উপ–সভাপতি ৰূপে নিৰ্বাচিত হ’ল পৰীক্ষিত দত্ত। তেওঁ প্ৰীতম কোঁৱৰক পৰাজিত কৰে। প্ৰকাশ ডেকাক পৰাজিত কৰি কোষাধ্যক্ষ পদত নিৰ্বাচিত হয় ত্ৰিদিৱ কোঁৱৰ।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd