NORTHEAST NOW (Assamese)

ডিমা হাচাওত পোষণ মাহৰ সজাগতা সমদল

September 25, 2019 7:33 am · পংকজ কুমাৰ দেব
জিলাখনৰ উপায়ুক্ত অমিতাভ ৰাজখোৱাই মুকলি কৰে পোষণ সজাগতা ৰেলি।

সমগ্ৰ দেশতে যোৱা ১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পোষণ মাহৰ কাৰ্যসূচীৰ অংশৰূপে মঙলবাৰে উত্তৰ কাছাৰ পাৰ্বত্য জিলা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য সচিব আৰু ডিমা হাচাও জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাই জিলাখনত পোষণ মাহৰ এটা সজাগতামূলক সমদল মুকলি কৰে।

বৃহত সংখ্যক অগনৱাড়ী কৰ্মী, সহায়িকা, তত্ত্বাৱধায়ক, চি ডি পি অ’ আৰু সমাজ কল্যাণ বিভাগৰ আন আন বিষয়াসকলে ইয়াত অংশগ্ৰহণ কৰে।

সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত সচিব টি টি ডাওলাগুপু, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ড০ দীপালী বৰ্মন, সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত উপ-সঞ্চালক নিৰ্মেন্দু কেম্প্ৰাই, জনসংযোগ বিষয়া পূৰবী ফোংলো আৰু আন আন বিষয়াসকলো উপস্থিত থাকে।

সমদলটোৰ শেষত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মীক লৈ হাফলং জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়।

কাৰ্য্যসূচীটোৰ উদ্দেশ্য আৰু গুৰুত্ব ব্যাখ্যা কৰি জিলাখনত স্বচ্চ ভাৰতৰ প্ৰেৰক সোণজিত চাকমাই ইয়াৰ জৰিয়তে শিশু, কিশোৰ আৰু গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰি থকা কেঁচুৱা থকা মহিলাৰ পুষ্টিহীনতা দূৰ কৰাৰ নিৰ্ধাৰিত লক্ষ্য লোৱা হৈছে বুলি কয়। কাৰ্য্যসূচীটো ৰূপায়ণৰ বাবে বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰা হ’ব বুলি বিষয়াগৰাকীয়ে জনায়।

উপায়ুক্ত অমিতাভ ৰাজখোৱাইও এই বিষয়ত বিভিন্ন খাদ্যৰ পৰামৰ্শসহ বক্তব্য ৰাখে।

Related News