ধৰ্ষণৰ ঘটনাত মধ্য প্ৰদেশক চেৰ পেলাই অসম দেশৰ শীৰ্ষত; মহিলাৰ বাবে আটাইতকৈ বিপজ্জনক ৰাজ্য?

ধৰ্ষণৰ ঘটনাত দেশৰ ভিতৰতে শীৰ্ষত থকা চাৰিখন ৰাজ্যই বিজেপি শাসিত

Assam-Deadliast-place-in-India-750x375

 

ৰাজ্যখনৰ বাবে লজ্জাজনক এটা প্ৰতিবেদনত পোহৰলৈ আহিছে যে ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত বিজেপি শাসিত অসমে মধ্য প্ৰদেশক পিছ পেলাই দেশৰ ভিতৰতে শীৰ্ষত ৰৈছে।

ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰোৱে ৮ জানুৱাৰিত প্ৰকাশ কৰা ২০১৮ বৰ্ষৰ প্ৰতিবেদনত অসমৰ এই লজ্জাজনক দিশটো প্ৰতিফলিত হৈছে।

বছৰটোত ধৰ্ষণৰ ঘটনা অসমত সৰ্বাধিক ৬৬টা, মধ্য প্ৰদেশত দ্বিতীয় সৰ্বাধিক ৪৬টা, উত্তৰ প্ৰদেশত ৪১টা আৰু হাৰিয়ানা ২৬টা বুলি জানিব পৰা গৈছে। দ্বিতীয় স্থানৰ মধ্য প্ৰদেশ ২০১৮ বৰ্ষটোত বিজেপিৰ শাসনত আছিল। গতিকে ধৰ্ষণৰ ক্ষেত্ৰত বছৰটোত শীৰ্ষত থকা চাৰিখন ৰাজ্যই বিজেপি শাসিত।

২০১৭ চনত ধৰ্ষণৰ ঘটনাত শীৰ্ষত আছিল যোগী আদিত্য নাথৰ উত্তৰ প্ৰদেশ আৰু দ্বিতীয় স্থানত আছিল অসম। অসমত ২০১৭ চনত আছিল ধৰ্ষণৰ ঘটনা ২৭টা। অৰ্থাৎ প্ৰায় আঢ়ৈগুণ বৃদ্ধি পাইছে। বছৰটোত শীৰ্ষত থকা উত্তৰ প্ৰদেশত হৈছিল ৬৪টা ঘটনা। অৰ্থাৎ ২০১৮ চনত আগৰ বছৰৰ সৰ্বাধিক সংখ্যাকো চেৰ পেলালে অসমে।

ৰাষ্ট্ৰীয় ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ প্ৰতিবেদনটোত দেখুওৱা হৈছে যে বছৰটোত আগৰ বছৰৰ তুলনাত ধৰ্ষণ আৰু হত্যাৰ ঘটনা প্ৰায় ৩১ শতাংশ বৃদ্ধি পাইছে।

ধৰ্ষণৰ ঘটনাৰ লগতে অসম মহিলাৰ বিৰুদ্ধে চাইবাৰ অপৰাধৰ ক্ষেত্ৰতো শীৰ্ষত আছে। ২০১৮ বৰ্ষটোত অসমতে সৰ্বাধিক এনে ঘটনা পঞ্জীয়ন হৈছে। মুঠ পঞ্জীয়নকৃত ঘটনা ২৯৫টা।

বছৰটোত এনে ঘটনাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ থকা দুয়োখন ৰাজ্যই দেশৰ প্ৰথম দুটা স্থান দখল কৰে। দ্বিতীয় স্থানত আছে ওড়িষা।

অসমৰ চাইবাৰ অপৰাধবোৰৰ বেছিভাগেই যৌন আতিশয্য বিষয়ক, প্ৰতিবেদনটোত কোৱা হৈছে।