নগাঁৱৰ উপ-আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ আৰক্ষীৰ সঞ্চালক প্ৰধানৰ

Nagaon DSP

নগাঁৱৰ উপ আৰক্ষী অধীক্ষক সবিতা দাসৰ বিৰুদ্ধে উত্থাপিত ধন দাবীৰ অভিযোগক লৈ তৎপৰ হৈ পৰিছে অসম আৰক্ষীৰ শীৰ্ষ মহল। এই সম্পৰ্কীয় অভিযোগ প্ৰসংগত এটা অপৰাধজনিত গোচৰ ৰুজু কৰিবলৈ ইতিমধ্যে নগাঁও আৰক্ষীলৈ নিৰ্দেশ দিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুল প্ৰসাদ শইকীয়াই।

নগাঁও আৰক্ষী অধীক্ষক শংকৰব্ৰত ৰায়মেধিয়ে প্ৰকাশ কৰা মতে উক্ত অভিযোগৰ প্ৰসংগত এটা গোচৰ ৰুজু কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী বিষয়াই সমগ্ৰ ঘটনাটো তদন্ত কৰিব।

উল্লেখযোগ্য যে ৩১ আগষ্টৰ নিশা নগাঁৱৰ সদৰ উপ আৰক্ষী অধীক্ষক সবিতা দাসে নগাঁও চহৰৰ পলিৰোডৰ নিজ ঘৰৰ সন্মুখৰ পৰা সৌৰভ হাজৰিকা নামৰ যুৱকজনৰ লগতে আন তিনিজন যুৱকক বিনা কাৰণত আটক কৰি সদৰ থানালৈ লৈ আহিছিল।

সৌৰভ হাজৰিকাই অভিযোগ কৰা মতে যুৱক কেইজনক পিচদিনা বিয়লি ৪ বজা পৰ্যন্ত আবদ্ধ কৰি ৰাখি পিচত মুকলি কৰি দিয়ে যদিও হাজৰিকাৰ নিজা চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন পত্ৰ জব্দ কৰি ৰাখে। পিছত নগাঁও আৰক্ষী বিভাগৰ জ্যোতি খাউণ্ড নামৰ এজন কৰ্মচাৰীয়ে অনুজ্ঞাপত্ৰ আৰু পঞ্জীয়ন পত্ৰ দুখন ওভতাই দিয়াৰ বিনিময়ত উপ আৰক্ষী অধীক্ষক গৰাকীৰ দোহাই দি ৪০ হাজাৰ টকা দাবী কৰে।

সৌৰভ হাজৰিকাই উক্ত ধন দাবীৰ ভিডিঅ’ কেমেৰাৰে জৰিয়তে বন্দী কৰি এই প্ৰসংগত আৰক্ষী সঞ্চালক প্ৰধানলৈ অভিযোগ প্ৰেৰণ কৰি ইয়াৰ সুবিচাৰ দাবী কৰে।

ঘটনাটোক লৈ সংবাদমাধ্যমত ব্যাপক হৈ চৈ হোৱাৰ পিচত শীৰ্ষ আৰক্ষী মহল এতিয়া আৰক্ষীৰ কলংক দূৰ কৰাৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।