NORTHEAST NOW (Assamese)

নিযুক্তি পৰীক্ষাৰ সময়ত ইণ্টাৰনেট কৰ্তন: স্থগিতাদেশ বিচাৰি কৰা আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2022 10:11 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 27, 2022 12:12 pm

অসম চৰকাৰে আয়োজন কৰা প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ সময়ত পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ইণ্টাৰনেট কৰ্তনৰ সিদ্ধান্তৰ ওপৰত স্থগিতাদেশ বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন নাকচ কৰিছে ন্যায়ালয়ে।

সমাজকৰ্মী ৰাজু প্ৰসাদ শৰ্মাই দাখিল কৰা ৰিট আৱেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুমন শ্যামে আবেদনকাৰীয়ে বিষয়টোত কোনো প্ৰাথমিক গোচৰ তৈয়াৰ কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে।

কোনো অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি আদালতে বিষয়টোক লৈ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে বুলি ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰা এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াই জানিবলৈ দিয়ে।

ৰাজ্য চৰকাৰক বিষয়টোৰ ওপৰত শপতনামা দাখিল কৰিবলৈ চাৰি সপ্তাহ সময় দিয়া হৈছে বুলি শইকীয়াই লগতে কয়।

এডভোকেট জেনেৰেল দেৱজিৎ শইকীয়াৰ ভাষ্য মতে চৰকাৰে কেৱল মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ দোহাই দি মত প্ৰকাশৰ স্বাধীনতাৰ কোনো উলংঘন হোৱা নাই বুলি দাবী কৰে।

লগতে এই সময়ছোৱাত ব্ৰডবেণ্ড ইণ্টাৰনেট সেৱাৰ সুবিধা বাধাহীনভাৱে অব্যাহত আছিল বুলি তেওঁ যুক্তি প্ৰদৰ্শন কৰে।

শইকীয়াই কয়, “মোবাইল ইণ্টাৰনেট সেৱা কেন্দ্ৰ অনুসৰি স্থগিত ৰাখিব নোৱাৰি বাবে সমগ্ৰ জিলাতে কৰ্তন কৰিব লাগিব। দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাত মাত্ৰ চাৰি ঘণ্টাৰ বাবেহে ইণ্টাৰনেট বিচ্ছিন্ন কৰা হৈছিল, গোটেই দিনটো নহয়।”

হোৱাটছএপ বা ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰশ্নকাকত লিক হোৱাৰ পূৰ্বৰ উদাহৰণৰ দোহাই দি মুক্ত আৰু নিৰপেক্ষ পৰীক্ষা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপৰ প্ৰয়োজন আছিল বুলি এডভোকেট জেনেৰেল শইকীয়াই দাবী কৰে।

Related News