কবিতাৰে ইণ্ডিয়া বুক অৱ ৰে’কৰ্ডছত ধেমাজিৰ অভিযান্ত্ৰিক ছাত্ৰ

Assam engineering student gets places on India Book of Records for e-poetry

সঞ্জীৱ গোহাঁই। ছবি সৌজন্য- ফে’চবুক।

‘ভালপোৱা এনেকৈয়ে’ শীৰ্ষক ই-কাব্যৰ বাবে ইণ্ডিয়া বুক অৱ ৰে’কৰ্ডছৰ স্বীকৃতি লাভ কৰিছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ সঞ্জীৱ গোহাঁয়ে।

কম বয়সৰ বাবে ধেমাজিৰ ছাত্ৰজনলৈ ‘ইয়াং আছামিজ পয়েট’ৰূপে ৰাষ্ট্ৰীয় অভিলেখৰ স্বীকৃতি আগবঢ়োৱা হৈছে।

বিভিন্ন আলোচনী-কাকতত প্ৰকাশিত কবিতা কেইটামানেৰে ২০১৭ চনৰ ডিচেম্বৰত ই-কাব্যখন প্ৰকাশ কৰিছিল নগাঁৱৰ ষ্টুডিঅ’ ৰিজলিউচনে।

কবি সঞ্জীৱে কিছুদিন পূৰ্বে GATE ২০১৯তো উত্তীৰ্ণ হৈছে।

সঞ্জীৱ ধেমাজিৰ গোহাঁই গাঁৱৰ সূৰ্য্য কুমাৰ গোহাঁই আৰু বিনু ৰাজখোৱা গোহাঁইৰ সন্তান।