প্লাষ্টিকৰ সামগ্ৰীক প্ৰত্যাহ্বান জনাই ধৃতিমানৰ বাঁহৰ বটল নিৰ্মাণ; বিদেশতো লাভ কৰিছে সমাদৰ

বিদেশৰ পৰা অনলাইনযোগে ধৃতিমানলৈ আহিছে বহু অৰ্ডাৰ; কোনো খবৰেই নাই অসম চৰকাৰৰ

স্বাস্থ্যৰ বাবে ক্ষতিকাৰক প্লাষ্টিকৰ বটলক প্ৰত্যাহ্বান জনাই বিশ্বনাথ চাৰিআলিৰ এজন যুৱকে নিৰ্মাণ কৰিছে বাঁহৰ বটল।

উল্লেখযোগ্য যে বিশ্বনাথ চাৰিআলিৰ নৱপুৰৰ যুৱক ধৃতিমান বৰাই নিজা প্ৰচেষ্টাৰে ডিবি ইণ্ডাষ্ট্ৰীজ নামেৰে এটা প্ৰতিষ্ঠান আৰম্ভ কৰি বাঁহেৰে বিভিন্ন সামগ্ৰী নিৰ্মাণত জড়িত হৈ পৰিছে। লগতে প্ৰতিষ্ঠানটোত ১০ জনকৈ থলুৱা লোককেও কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিছে।

প্ৰতিষ্ঠানটোত ধৃতিমান বৰাই নিৰ্মাণ কৰি উলিওৱা সামগ্ৰী সমূহৰ ভিতৰত বিশেষ সমাদৰ লাভ কৰিছে আকৰ্ষণীয় বাঁহৰ বটলে। আনকি ছ’চিয়েল মিডিয়াতো এই বাঁহৰ বটলে ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখযোগ্য যে এক লিটাৰ, আধা লিটাৰ, ৩০০ গ্ৰাম, ২০০ গ্ৰাম পানী ধৰা ২৫০ টকাৰ পৰা ৫৫০ টকাৰ মূল্যৰ এই বাঁহৰ বটলে বিদেশতো লাভ কৰিছে ব্যাপক সমাদৰ।

ৰাজ্য তথা দেশৰ লগতে অষ্ট্ৰেলিয়া, ফিলিপাইন, ইংলেণ্ড, কানাডা আদিৰ পৰা অনলাইনযোগে ধৃতিমান বৰালৈ বহু অৰ্ডাৰ আহিছে আৰু ইতিমধ্যে অলনাইনযোগে বিদেশত এই বাঁহৰ বটল বিক্ৰীৰ আৰম্ভ হৈছে।

ডিবি ইণ্ডাষ্ট্ৰীজ প্ৰতিষ্ঠানত ধৃতিমান বৰাই বাঁহৰ বটলৰ লগতে নিৰ্মাণ কৰা আন আন বাঁহৰ বটলসমূহ হ’ল ক্ৰমে বাঁহৰ চকী, গিলাছ, কাপ, বিছনা আদিৰ লগতে শেহতীয়াকৈ বাঁহৰ ছাতিও নিৰ্মাণ কৰিছে।

মন কৰিবলগীয়া যে সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে ধৃতিমান বৰাই বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰি দেশ, ৰাজ্য আনকি বিদেশতো সমাদৰ লাভ কৰিছে যদিও বৰ্তমানলৈকে অসম চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ সহায় আগবঢ়োৱা নাই।