৫০ টকাত চকু পৰীক্ষা : বহু লোকৰ চকুত আশাৰ সপোন জগোৱা কোন এই মানৱ দৰদী চিকিৎসক?

eye-2-1140x570

ফটো : ফেইচবুকৰ সৌজন্যত

অসমৰ এগৰাকী চকু বিশেষজ্ঞ পাৰভেজ উবেদে  অতি কম খৰচতে উন্নতমানৰ চকু চিকিৎসাৰে ৰাজ্যখনৰ গাঁৱৰ বহু সাধাৰণ লোকৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিছে।

‘বেটাৰ ইণ্ডিয়া’ত প্ৰকাশিত লিখনি অনুসৰি, যোৰহাটৰ এই চিকিৎসকগৰাকীয়ে সুলভ চকু চিকিৎসা আগবঢ়োৱাৰ নিমিত্তে ই আৰ চি আই কেয়াৰ স্থাপন কৰিছে আৰু ৰাজ্যখনৰ বহু ঠাইত চকু পৰীক্ষা কেন্দ্ৰ চলাই আছে।

২০০৭ চনত চিকিৎসা শাস্ত্ৰৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত উবেদে যোৰহাটৰ এখন অসামৰিক হাস্পাতলত কাম কৰি থাকোতে দেখা পালে যে  চকুৰ বিভিন্ন সমস্যাত ভূগি থকা বহু ৰোগীয়ে ব্যয় বহুল হোৱা বাবে কেতিয়াও প্ৰয়োজনীয় অস্ত্ৰোপচাৰ বা চিকিৎসা কৰাব নোৱাৰে।

ইয়াৰে প্ৰায় চাৰিবছৰ পাছত ২০১১ চনত উবেদে অকলশৰীয়াকৈ এখন ই আৰ চি আই কেয়াৰ ক্লিনিক স্থাপন কৰি নিয়মিতভাৱে চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত কৰিবলৈ লয়।

চিকিৎসক উবেদ আৰু তেওঁৰ ১৫০ জনীয়া টীমটোৰ বৰ্তমান চাৰিখন মোবাইল ভ্যান, চাৰিটা নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু ৰাজ্যখনত কেইবাটাও চকু পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনৰ প্ৰায় দুই লাখ লোকক কম খৰচী আৰু গুণগত চকু চিকিৎসা সেৱা আগবঢ়াইছে।

ই আৰ চি আই কেয়াৰে এক নিয়ন্ত্রণ কেন্দ্ৰ তথা আদৰ্শ পৰামৰ্শদাতা হিচাপে কাম কৰে। ৰাজ্যখনৰ প্ৰতিখন জিলা সদৰতে সকলোধৰণৰ প্ৰয়োজনীয় চিকিৎসাজনিত সা-সুবিধাৰে সৈতে এটা নিয়ন্ত্ৰণ কেন্দ্ৰ আছে। এই নিয়ন্ত্ৰণ কেন্দ্ৰটো সংশ্লিষ্ট জিলাখনৰ কিছুমান সম্প্ৰসাৰণ কেন্দ্ৰ বা উপগ্ৰহীয় কেন্দ্ৰৰ সৈতে সম্পৰ্কিত। প্ৰতিটো সম্প্ৰসাৰণ কেন্দ্ৰ একোজন চকু বিশেষজ্ঞই ৰাইজক উন্নত চকুৰ চিকিৎসা আগবঢ়াই আহিছে।

ই আৰ চি আই কেয়াৰৰ মোবাইল ভ্যানকেইখন ৰাইজৰ চকুৰ অৱস্থাৰ বুজ ল’বৰ  বাবে প্ৰতিমাহে ৰাজ্যৰ বিভিন্ন স্থানত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰিবলৈ ঘুৰি ফুৰে।

সাধাৰণ চকু পৰীক্ষাৰ বাবে ই আৰ চি আই কেয়াৰৰ অধীনৰ প্ৰতিষ্ঠানসমূহে মাত্ৰ ৫০ টকা ফীজ লয়।

আনহাতে, চকুৰ অস্ত্ৰোপচাৰ ১০০০ টকাৰ পৰা ২০০০ টকাৰ ভিতৰত সম্পন্ন কৰা হয় যাৰ ভিতৰত ৰোগীৰ ভ্ৰমণ, খাদ্য আৰু থকাৰ ব্যৱস্থাও অন্তৰ্ভুক্ত থাকে। চকুৰ গ্লাছসমূহ (চশমা) ২৫০ টকাৰ পৰা পোৱা যায়।

ৰাজ্যখনৰ বহু লোকক সুলভ তথা গুণগত চিকিৎসা আগবঢ়োৱাৰ উপৰি ডাঃ উবেদৰ ই আৰ চি আই কেয়াৰে বহু লোকক সংস্থাপনৰ সুবিধাও কৰি দিছে।