NORTHEAST NOW (Assamese)

বিজয় হাজাৰে ট্ৰফীত পুনৰ পৰাজয় অসমৰ; বেটিঙত ব্যৰ্থতাৰ ধাৰা অব্যাহত ৰিয়ান পৰাগৰ

October 5, 2019 12:10 pm · এন ই নাও নিউজ
ৰিয়ান পৰাগ

বিজয় হাজাৰে ট্ৰফীত অসমৰ পৰাজয়ৰ ধাৰা অব্যাহত আছে।

ডেৰাডুনত চলি থকা বিজয় হাজাৰে ট্ৰফীত বেটিং ব্যৰ্থতা প্ৰদৰ্শনেৰে তিনিখন খেলত দ্বিতীয়বাৰলৈ পৰাজয়ৰ সন্মুখিন হৈছে অসম।

শুকুৰবাৰে চণ্ডীগড়ৰ বিৰুদ্ধে ২১ ৰাণত পৰাস্ত হয় অসম।

বেয়া বতৰৰ বাবে ২০ অভাৰলৈ হ্ৰাস কৰা খেলখনত চণ্ডীগড়ে প্ৰথমে বেট ধৰি ৭ টা উইকেটৰ বিনিময়ত ১৬৬ ৰাণ সংগ্ৰহ কৰে।

চণ্ডীগড়ৰ হৈ পি কে সিঙে সৰ্বাধিক ৩৪ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে অসমৰ হৈ বলিঙত প্ৰীতম দাসে সৰ্বাধিক ৩ টা উইকেট দখল কৰে।

আনহাতে, চণ্ডীগড়ৰ ১৬৬ ৰাণৰ প্ৰত্যুত্তৰত অসমে ১৯.৫ অভাৰত ১৪৫ ৰাণতে ইনিংছ সমাপ্ত কৰি পৰাজয় স্বীকাৰ কৰে।

অসমৰ হৈ আই পি এলত উজলি উঠা ৰিয়ান পৰাগ পুনৰবাৰ ব্যৰ্থ হয়।

ৰিয়ানে কোনো ৰাণ সংগ্ৰহ নকৰাকৈ পেভিলিয়ানলৈ উভতি যায়। ইয়াৰ পূৰ্বে খেলা দুয়োখন খেলতে বেটিঙত ৰিয়ান শোচনীয়ভাৱে ব্যৰ্থ হৈছিল।

Related News