• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি জন্মদিন : ভায়া মামাৰ পৰা আন্তৰ্জাতিক খ্যাতিলৈ স্বৰ্ণিল যাত্ৰা আদিল হুছেইনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 5, 2019 11:39 am
8-1-1140x570
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলচ্চিত্ৰ জগতৰ এগৰাকী খ্যাতনাম অভিনেতা হিচাপে ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত অসম সন্তান আদিল হুছেইনৰ আজি ৫৬ সংখ্যক জন্মদিন।

ৰাজ্যখনৰ গৌৰৱ আদিল হুছেইনে তেওঁৰ এই জন্মদিনৰ শ্ৰেষ্ঠতম উপহাৰটো বুচানত লাভ কৰাৰ বাবে সকলো প্ৰস্তুতি সাজু হৈ উঠিছে।

Apply Now

আদিলে শনিবাৰে ৫৬ বছৰত ভৰি দিয়াৰ সময়তে তেওঁৰ দুখন চলচ্চিত্ৰ ‘ৰাহগীৰ’ আৰু ‘নিৰ্বাণ ইন’ৰ বুচান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯’ত ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব।

তেওঁৰ দুয়োখন চলচ্চিত্ৰ ‘এছিয়ান চিনেমাৰ জলঙাইদি’ শাখাৰ অধীনত প্ৰদৰ্সিত হ’ব। ‘নিৰ্বাণ ইন’ অহা ৬ অক্টোবৰত আৰু ‘ৰাহগীৰ’ অহা ৭ অক্টোবৰ প্ৰদৰ্শিত হ’ব।

দুয়োখন চলচ্চিত্ৰতে আদিলে পুৰুষৰ মূল ভূমিকাত অভিনয় কৰিছে। ‘ৰাহগীৰ’ৰ পৰিচালনা গৌতম ঘোষৰ আৰু ছবিখন প্ৰযোজনা কৰিছে অমিত আগৰৱালাই। আনহাতে, ‘নিৰ্বাণ ইন’ৰ পৰিচলনা বিজয় জয়পালৰ।

বুচান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০১৯’ ৩ অক্টোবৰৰ পৰা আৰম্ভ হৈছে আৰু অহা ১২ অক্টোবৰ ইয়াৰ সামৰণি পৰিব।

সহ অভিনেতা, পৰিচালক তথা প্ৰযোজকৰ সৈতে আদিল হুছেইনো ৫ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈকে ছবিৰ প্ৰদৰ্শন তথা প্ৰশ্নোত্তৰ পৰ্বৰ অনুষ্ঠানত উপস্থিত থাকিব।

অসমৰ ‘ভাৰ্ছেটাইল’ অভিনেতাগৰাকীয়ে একাধাৰে ইংৰাজী, হিন্দী, অসমীয়া, বাংলা,তামিল, মাৰাঠী, মালয়ালাম, নৰৱেয়ান আৰু ফৰাচী ছলচ্চিত্ৰত অভিনয় কৰিছে।

গোৱালপাৰা জিলাৰ এটা মুছলমান পৰিয়ালৰ সন্তান আদিলে তেওঁৰ অভিনয়জীৱন স্কুলীয়া জীৱনতে আৰম্ভ কৰিছিল।

তেওঁ কলেজৰ নাটকত অভিনয় কৰিছিল আৰু এগৰাকী ‘ষ্টেণ্ড আপ কমেডিয়ান’ হিচাপে প্ৰদৰ্শন আগবঢ়াইছিল। তেওঁ এসময়ৰ ভায়া মামা গ্ৰুপৰ এগৰাকী অতি জনপ্ৰিয় সদস্য আছিল।

আদিল হুছেইনৰ অভিনয়ৰ প্ৰকৃত পাঠ আৰম্ভ হৈছিল ১৯৯০ চনত তেওঁ যেতিয়া ‘নেশ্যনেল স্কুল অফ ড্ৰামা’ত যোগদান কৰিছিল। তেওঁ চাৰ্লছ ৱালেচ ইণ্ডিয়া ট্ৰাষ্ট স্ক’ৰাৰশ্বিপ লৈ ড্ৰামা ষ্টুডিঅ’ লণ্ডনতো অধ্যয়ন কৰিছিল।

ভাৰতলৈ উভতি অহাৰ পাছত ১৯৯৪ চনত আদিলে ভ্ৰাম্যমান থিয়েটাৰ হেঙুলত যোগদান কৰি নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে তিনিবছৰ তাত কাম কৰে।

অভিনেতা হিচাপে তেওঁ প্ৰথম ‘অথেলো’ত কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে।

২০১৪ চনত তেওঁ চোহা আলী খানৰ সৈতে ‘ইতি শ্ৰীকান্ত’ নামৰ ছবিৰে বাংলা চলচ্চিত্ৰ জগতত ভূমুকি মাৰে। ছবিখনৰ মুখ্য ভূমিকাত আদিলে অভিনয় কৰিছিল।

বিবিচি ৱৰ্ল্ড চাৰ্ভিছ ট্ৰাষ্টে প্ৰযোজনা কৰা এখন ৰহস্যভিত্তিক ধাৰাবাহিক ‘জাছুছ বিজয়’ত মুখ্য চৰিত্ৰ ৰূপায়নৰ জৰিয়তে তেওঁ টেলিভিশ্বনৰ পৰ্দাত ভূমুকি মাৰিছিল।

২০১০ চনত অভিষেক চৌবেৰ ‘ইছকিয়া’ত কৰা তেওঁৰ অভিনয়ে বলীউদৰ দৃষ্টি আকৰ্ষণ কৰে। অৱশ্যে, তেওঁ ছইফ আলী খান-কৰীমা কাপুৰ অভিনীত এজেন্ট বিনোদতহে প্ৰধান চৰিত্ৰ এটাত অভিনয় কৰিছিল।

ইয়াৰ পাছত আদিলে আৰু উভতি চাবলগীয়া হোৱা নাই। আজি তেওঁ বলীউদৰ এগৰাকী অতি বলিষ্ঠ অভিনেতা হিচাপে প্ৰতিষ্ঠিত।

তেওঁৰ বিশ্বৰ এক সংখ্যক অতি প্ৰসিদ্ধ পৰিচালকৰ সৈতে কাম কৰিছে আৰু কেইবাখনো আন্তৰ্জাতিক বঁটা প্ৰাপ্ত চলচ্চিত্ৰৰ সৈতে জড়িত হৈছে।

তেওঁৰ ৫৬ সংখ্যক জন্মদিনত অসমবাসীয়ে তেওঁক শুভেচ্ছা জনোৱাৰ লগতে ভৱিষ্যতে এক উজ্জ্বল অভিনয় জীৱনৰ কামনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd