ৰাজধানী দিল্লীৰ শ্বাহদ্ৰা জিলাৰ কৃষ্ণ নগৰ অঞ্চলৰ এখন বিদ্যালয়ৰ ভিতৰত শনিবাৰে আবেলি এগৰাকী ১৭ বছৰীয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ গাত জুই লগাই মৃত্যুক সাৱটি লয়। আৰক্ষীয়ে এই ঘটনাক এক আত্মহত্যাৰ ঘটনা বুলি সন্দেহ প্ৰকাশ কৰিছে। বিষয়াসকলে জনোৱা অনুসৰি, ছাত্ৰীগৰাকীয়ে নিজৰ দেহত পেট্ৰ’ল জাতীয় দাহ্য পদাৰ্থ ঢালি জুই লগাই দিয়ে। পাছত আৰক্ষীয়ে চৰকাৰী সৰ্বোদয় কন্যা বিদ্যালয়খনৰ নিৰাপত্তাৰক্ষীৰ কোঠাৰ পিছফালৰ পৰা ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহটো উদ্ধাৰ কৰে।
প্ৰাথমিক তদন্তৰ সময়ত আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ স্কুল বেগৰ পৰা তিনি পৃষ্ঠাৰ এটা টোকা উদ্ধাৰ কৰিছে। এই ঘটনাৰ আঁৰৰ মূল কাৰণ বৰ্তমানলৈকে স্পষ্ট কৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তত এক প্ৰেমজনিত দিশ পোহৰলৈ আহিছে। আনহাতে, বিদ্যালয়খনৰ শিক্ষকসকলৰ মতে আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ বেগৰ পৰা কেতবোৰ সন্দেহজনক সামগ্ৰীও উদ্ধাৰ কৰিছে, পিছে এই সামগ্ৰীসমূহ কি আছিল সেয়া এতিয়ালৈকে নিশ্চিত কৰা হোৱা নাই।
ইপিনে, মৃত ছাত্ৰীগৰাকীৰ ভগ্নীয়ে জানিবলৈ দিয়া মতে, পুৱা তেওঁ হাঁহি মুখেৰে আনন্দেৰে বিদ্যালয়লৈ যোৱা দেখা গৈছিল। কি কাৰণত এই ঘটনা সংঘটিত হ’ল সেয়া পৰিয়ালৰ লোকে জানিব পৰা নাই বুলি উল্লেখ কৰি ভগ্নীগৰাকীয়ে কয় যে আবেলি প্ৰায় ১:৪০ বজাত বিদ্যালয় কৰ্তৃপক্ষই ফোনেৰে তেওঁলোকক ঘটনা সন্দৰ্ভত অৱগত কৰে।
ঘটনাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীৰ অপৰাধ শাখাৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিদৰ্শন কৰাৰ লগতে প্ৰাসংগিক তথ্য-প্ৰমাণ সংগ্ৰহ কৰে। দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, কি পৰিস্থিতিত ছাত্ৰীগৰাকীয়ে এই চৰম পন্থা বাছি ল’লে সেয়া বৰ্তমান পৰীক্ষা কৰি থকা হৈছে আৰু ঘটনা সন্দৰ্ভত অধিক অনুসন্ধান অব্যাহত আছে। বিদ্যালয় চৌহদৰ ভিতৰতে সংঘটিত এই কৰুণ ঘটনাই বিদ্যালয় প্ৰশাসন আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গভীৰ শোকৰ ছাঁ পেলাইছে।





