বিগত তিনি বছৰ ধৰি মণিপুৰত অব্যাহত থকা গোষ্ঠীসংঘৰ্ষৰ অৱসান বিচাৰি ২৩ অক্টোবৰ, শুকুৰবাৰে সন্ধিয়া ৰাজ্যখনৰ উপত্যকা অঞ্চলৰ পাঁচখন জিলাত হাজাৰ হাজাৰ লোকে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। ফেডাৰেচন অৱ হাওমী নামৰ সংগঠনটোৰ আহ্বানমৰ্মে পশ্চিম ইম্ফল, পূব ইম্ফল, থৌবাল, বিষ্ণুপুৰ আৰু কাকচিং জিলাত সন্ধিয়া প্ৰায় ৭:৩০ বজাত জনসাধাৰণে থাল-বাটি আৰু কাঁহ-ঘণ্টা বজাই এই শব্দ-বিদ্ৰোহৰ সূচনা কৰে। প্ৰায় আধা ঘণ্টা ধৰি চলা এই প্ৰতিবাদত একাংশই ঢোল বজোৱাৰ লগতে আন একাংশই বাহনৰ হৰ্ণ বজাই আৰু বৈদ্যুতিক খুঁটাত হাতুৰীৰে কোবাই প্ৰতিবাদ সাব্যস্ত কৰে। মূলতঃ ৰাজ্যখনত শান্তি ঘূৰাই অনা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী ৰূপায়ণ কৰা আৰু অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰাৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়।
এই প্ৰতিবাদৰ আটাইতকৈ বৃহৎ সমাৱেশ দেখা গৈছিল ৰাজধানী ইম্ফলত। প্ৰথমে ঐতিহাসিক কাংলা দুৰ্গৰ চৌহদত আৱদ্ধ থকা প্ৰতিবাদকাৰীসকলে পৰৱৰ্তী সময়ত দুৰ্গটোৰ পশ্চিম দ্বাৰৰ দিশে অগ্ৰসৰ হয়। কাংলা দুৰ্গৰ পশ্চিম দ্বাৰৰ পৰা লোকভৱনলৈ দূৰত্ব মাত্ৰ তিনিশ মিটাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত নিয়মীয়াকৈ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থাকে। প্ৰতিবাদকাৰীৰ সমদলটোৱে লোকভৱনৰ দিশে অগ্ৰসৰ হওঁতেই পৰিস্থিতিৰ অৱনতি ঘটাৰ আশংকাত আৰক্ষীয়ে তৎকালীনভাৱে বেৰিকেড স্থাপন কৰাৰ লগতে জনতাক ছত্ৰভংগ কৰাবলৈ কন্দুৱা গেছ নিক্ষেপ কৰে।
ফেডাৰেচন অৱ হাওমীয়ে এই প্ৰতিবাদক মণিপুৰৰ সাধাৰণ জনতাৰ বাবে ‘জাগৰণৰ অন্তিম আহ্বান’ বুলি অভিহিত কৰিছে। ২০২৩ চনৰ ৩ মে’ত কুকি-জ’ আৰু মৈতৈ সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা জাতিগত সংঘাতৰ লগতে ২০২৬ চনত নগা আৰু কুকি-জ’ সম্প্ৰদায়ৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ স্থায়ী মীমাংসা কৰিবলৈ প্ৰতিবাদকাৰীসকলে চৰকাৰক দাবী জনাইছে। ইয়াৰ উপৰিও কুকি সশস্ত্ৰ গোটসমূহৰ সৈতে থকা অপাৰেচন স্থগিত ৰখাৰ চুক্তি বাতিল কৰাৰো দাবী উত্থাপন কৰা হৈছে। এই সন্দৰ্ভত মণিপুৰৰ গৃহমন্ত্ৰী গোবিন্দাস কোন্থৌজামে ২৩ অক্টোবৰত স্পষ্ট কৰি দিছে যে কুকি সশস্ত্ৰ গোটসমূহৰ সৈতে থকা উক্ত চুক্তিখনৰ ম্যাদ যোৱা ৪ ছেপ্টেম্বৰতে শেষ হৈছে আৰু ইয়াক পুনৰ বৃদ্ধি কৰা হোৱা নাই।
পাহাৰীয়া অঞ্চলসমূহত স্বাভাৱিক জীৱনযাত্ৰা ঘূৰাই অনা আৰু চৰকাৰক উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনাই উপত্যকাত ৰূপায়ণ কৰা এই অভিনৱ প্ৰতিবাদক লৈ বাতৰি যুগুতোৱা পৰলৈকে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। বৰ্তমান ৰাজধানী ইম্ফলকে ধৰি প্ৰতিবাদ সংঘটিত হোৱা জিলাসমূহত পৰিস্থিতিৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰখা হৈছে।





