• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ১১,০০০ মেগাৱাট ক্ষমতাসম্পন্ন উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে সাব্যস্ত কৰা শান্তিপূৰ্ণ প্ৰতিবাদত চৰকাৰী বলপ্ৰয়োগক তীব্ৰ গৰিহণা দিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। গ্ৰেপ্তাৰ হোৱা চাৰিজন স্থানীয় আদি নেতাক বিনাচৰ্তে মুক্তি দিয়াৰ লগতে প্ৰকল্পটোৰ জৰীপ কাৰ্য্য সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সংগঠনটোৱে চৰকাৰক দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2026 8:22 pm
11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মহিলা আৰু যুৱক-যুৱতীকে ধৰি শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত চৰকাৰী বলপ্ৰয়োগক কঠোৰ ভাষাৰে সমালোচনা কৰিছে ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে। গুৱাহাটীত এক প্ৰেছ বিবৃতিযোগে সমিতিৰ অন্যতম আহ্বায়ক কৃষ্ণ গগৈ, বিদিশা বৰ্মন আৰু সুব্ৰত তালুকদাৰে কয় যে গণতান্ত্ৰিক ব্যৱস্থাত জনসাধাৰণৰ শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰ আছে আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰী বলপ্ৰয়োগ কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

 

Apply Now

প্ৰস্তাৱিত নদীবান্ধৰ জৰীপ আৰু নিৰ্মাণকাৰ্যৰ বিৰোধিতা কৰি তথা ‘অৰুণাচল প্ৰদেশ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন’ৰ, ২০১৪ ৰ অধীনত চিয়াং নদীবান্ধ বিৰোধী স্থানীয় নেতাক প্ৰশাসনে গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত যোৱা ২৩ অক্টোবৰত তিনিখন জিলাত এক ১২ ঘণ্টীয়া বন্ধ পালন কৰা হৈছিল। আদি বাণে কেবাং-ইউনাইটেড, উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্প ক্ষতিগ্ৰস্ত অঞ্চল যুৱ পৰিষদ আৰু এছ.আই.এফ.এফ. যুৱ শাখাৰ আহ্বানত চিয়াং, উজনি চিয়াং আৰু পূব চিয়াং জিলাত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। সমিতিয়ে অভিযোগ কৰে যে কেইবা বছৰ ধৰি স্থানীয় ৰাইজৰ ধাৰাবাহিক প্ৰতিৰোধৰ পাছতো প্ৰাক্-সম্ভাৱ্যতা প্ৰতিবেদনৰ বাবে জৰীপ কাৰ্য্য বলপূৰ্বকভাৱে চলাই নিবলৈ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু দমনমূলক।

 

প্ৰস্তাৱিত ১১,০০০ মেগাৱাট ক্ষমতাসম্পন্ন চিয়াং নদীবান্ধে হাজাৰ হাজাৰ পৰিয়ালক নিজৰ পূৰ্বপুৰুষৰ ভূমিৰ পৰা উচ্ছেদ কৰাৰ লগতে সংবেদনশীল হিমালয়ৰ পৰিৱেশৰ অপূৰণীয় ক্ষতিসাধন কৰিব বুলি সমিতিয়ে উদ্বেগ প্ৰকাশ কৰে। তদুপৰি, এই প্ৰকল্পই নামনি অঞ্চলত বসবাস কৰা থলুৱা সম্প্ৰদায়সমূহৰ নদীভিত্তিক জীৱিকা, সংস্কৃতি আৰু অস্তিত্বৰ প্ৰতি গভীৰ ভাবুকি কঢ়িয়াই আনিছে। চুবুৰীয়া দেশৰ ভূ-ৰাজনৈতিক কাৰ্যকলাপৰ পৰিপ্ৰেক্ষিতত থকা আশংকাৰ অচিলা লৈ ভাৰতৰ নাগৰিকৰ জীৱন, ভূমি আৰু এক সংবেদনশীল পৰিৱেশক এনেদৰে সংকটৰ মুখলৈ ঠেলি দিয়াটো কেতিয়াও ন্যায়সংগত হ’ব নোৱাৰে বুলিও বিবৃতিটোত উল্লেখ কৰা হয়।

 

 

বৰ্তমানৰ এই পৰিস্থিতিত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিয়ে গ্ৰেপ্তাৰ কৰা চাৰিগৰাকী স্থানীয় আদি নেতাক তৎকালীনভাৱে মুকলি কৰি দিয়াৰ লগতে তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰা সকলো গোচৰ প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে। লগতে উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্প আৰু ইয়াৰ প্ৰাক্-সম্ভাৱ্যতা জৰীপ সম্পূৰ্ণৰূপে বাতিল কৰিবলৈ আৰু প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰা দায়ী বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়। স্থানীয় থলুৱা জনসাধাৰণৰ পূৰ্ণ সন্মতি অবিহনে অঞ্চলটোত কোনো ধৰণৰ প্ৰকল্প বা জৰীপ বলপূৰ্বকভাৱে জাপি নিদিয়াতো নিশ্চিত কৰিবলৈ সমিতিয়ে চৰকাৰক সকীয়াই দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm
চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

October 24, 2026 6:06 pm
পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd