• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱসুলভ ৰাজনীতি’—অখিল গগৈ

তেওঁৰ মতে, কালভাৰ্টৰ ওপৰত থকা গাঁতৰ পৰা গাড়ীখন বচাবলৈ যাওঁতেই ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই কণ্টেইনাৰ গাড়ীখনত খুন্দা মাৰে আৰু ফলত এই মৰ্মান্তিক দুৰ্ঘটনাটি সংঘটিত হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2026 10:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে (১৩ নৱেম্বৰ) কাজিৰঙাৰ ৰঙাজানত সংঘটিত অভিশপ্ত পথ দুৰ্ঘটনাটোৱে সমগ্ৰ ৰাজ‍্যৰ লগতে দেশজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। হৃদয়বিদাৰক এই দুৰ্ঘটনাত বৰ্তমানলৈকে ২৬ গৰাকীকৈ লোকে প্ৰাণ হেৰুওৱাবলগীয়া হোৱাৰ পাছতে মুখ‍্যমন্ত্ৰীয়ে দিয়া মন্তব‍্য সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব‍্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। দুৰ্ঘটনাটিৰ নিশা আৰু শনিবাৰে দিনটোত দুবাৰকৈ দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা বিধায়কগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ দিশৰ ওপৰত আঙুলি টোঁৱাইছে।

শনিবাৰে সংবাদমাধ‍্যমৰ সন্মুখত অখিল গগৈয়ে কয় যে দুৰ্ঘটনাটোৰ মূল কাৰণ হৈছে ৰঙাজানৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টৰ সন্মুখত থকা ডাঙৰ ডাঙৰ গাঁত আৰু ক্ৰমান্বয়ে ঠেক হৈ পৰা কালভাৰ্টটোৰ অংশ।

তেওঁৰ মতে, কালভাৰ্টৰ ওপৰত থকা গাঁতৰ পৰা গাড়ীখন বচাবলৈ যাওঁতেই ট্ৰেভেলাৰখনে নিয়ন্ত্ৰণ হেৰুৱাই কণ্টেইনাৰ গাড়ীখনত খুন্দা মাৰে আৰু ফলত এই মৰ্মান্তিক দুৰ্ঘটনাটি সংঘটিত হয়।

Apply Now

উল্লেখ্য যে মুখ‍্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ঘটনাস্থলী পৰিদৰ্শন কৰাৰ পাছত মন্তব‍্য কৰিছিল যে চালকজনৰ হাৰ্ট এটেকজাতীয় কিবা কাৰণ বা গাড়ীখনৰ যান্ত্ৰিক বিজুতিৰ ফলতহে দুৰ্ঘটনাটো সংঘটিত হৈছিল। অৱশ‍্যে মুখ‍্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালভাৱে গাড়ীখনৰ ফিটনেছ ঠিকে আছিল বুলিও উল্লেখ কৰিছিল। ইয়াৰ উপৰি কাজিৰঙাত ঘণ্টাত ৪০ কিমি গতিবেগত (স্পীড লিমিট) গাড়ী চলোৱাৰ নিয়ম থকা বুলি উল্লেখ কৰি দুৰ্ঘটনাটোত বেগৰ সীমা উলংঘা হোৱাৰ ইংগিত দিছিল।

মুখ‍্যমন্ত্ৰীৰ এই স্পীড লিমিটৰ যুক্তি সম্পূৰ্ণৰূপে খণ্ডন কৰি বিধায়ক অখিল গগৈয়ে তথ্যসহ স্পষ্ট কৰি দিয়ে যে দুৰ্ঘটনা সংঘটিত হোৱা এলেকাটোৰ পৰা গুৱাহাটী দিশে হালধীবাৰী আৰু যোৰহাট দিশে পাণবাৰী অঞ্চলতহে ঘণ্টাত ৪০ কিমি গতিবেগৰ বাধ‍্যবাধকতা আছে। হালধীবাৰী আৰু পাণবাৰীৰ মাজত থকা কঁহৰাৰ অন্তৰ্গত ৰঙাজান অঞ্চলত স্পীড লিমিটৰ কোনো নিয়ম নাছিল।

গতিকে যিটো স্থানত গতিবেগ নিয়ন্ত্ৰণৰ নিয়মেই নাই, সেই স্থানৰ দুৰ্ঘটনাক লৈ স্পীড লিমিটৰ দোহাই দি গাড়ীচালকৰ ওপৰত দোষ দিবলৈ যোৱা বা চালকৰ হাৰ্ট এটেক হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত অখিল গগৈয়ে কয় , যে চালকজনৰ হাৰ্ট এটেক আছিল নে নাছিল আমি নাজানো। কিন্তু তেওঁৰ যদি হাৰ্ট এটেক হোৱা নাছিল, তেন্তে এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ প্ৰধান কাৰণ হ’ব পাৰে পথৰ দুৰৱস্থা।

আনহাতে, মুখ‍্যমন্ত্ৰীয়ে নিজমুখে স্বীকাৰ কৰিছিল যে যোৰহাট লোকসভা নিৰ্বাচনত বিজেপি দলে যুৱপ্ৰজন্মৰ পৰা কমকৈ ভোট লাভ কৰিছিল। ট্ৰেফিক আইন কঠোৰ কৰা বাবেই যুৱপ্ৰজন্ম অসন্তুষ্ট হোৱা বুলি উল্লেখ কৰি নলবাৰীৰ কেবিনেট সভাত যান-বাহন আইন শিথিল কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বুলি মুখ‍্যমন্ত্ৰীয়ে কৈছিল। যাৰ ফলশ্ৰুতিত ২০২৪ চনৰ পৰা ৰাজ‍্যত দুৰ্ঘটনাৰ সংখ‍্যা বৃদ্ধি পাইছিল বুলিও মুখ‍্যমন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰিছিল।

এই প্ৰসংগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে তীব্ৰ ক্ষোভ উজাৰি কয় যে কেৱল নিৰ্বাচনকেন্দ্ৰিক স্বাৰ্থ বা ভোটলোভৰ বাবে যদি চৰকাৰে যান-বাহন আইন শিথিল কৰি দিয়ে, তেন্তে তেনে ভোটলুভীয়া চৰকাৰ এখন জীয়াই থকাৰ কোনো অৰ্থ নাই। এনে এটা মৰ্মান্তিক ঘটনাত মুখ‍্যমন্ত্ৰীয়ে দিয়া এই ব‍্যাখ‍্যা অসমীয়া সমাজজীৱনৰ বাবে অতিকৈ দুৰ্ভাগ‍্যজনক বুলি আখ‍্যা দি বিধায়কগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থা আৰু ডাঙৰ ডাঙৰ গাঁতসমূহকেই দুৰ্ঘটনাৰ মূল কাৰণ হিচাপে দোহাৰে।

কেৱল এয়াই নহয়, মুখ‍্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ, দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ২ লাখ আৰু প্ৰধানমন্ত্ৰীৰ সাহায‍্য পুঁজিৰ পৰা ২ লাখ— অৰ্থাৎ দুৰ্ঘটনাত নিহত হোৱা প্ৰতিটো পৰিয়ালক মুঠ ৯ লাখ টকাৰ সাহায‍্য ঘোষণা কৰাক লৈও অসন্তুষ্টি ব‍্যক্ত কৰে অখিল গগৈয়ে। তেওঁ কয় যে এই সাহায্য অতি সামান্য। নিহতজনৰ পৰিয়ালক ধনেৰে সান্ত্বনা দিব নোৱাৰিলেও মানসিকভাৱে ভাঙি পৰা পৰিয়ালকেইটাক জীয়াই থকাৰ ভেটি এটা গঢ়ি দিবলৈ ৰাজ‍্য চৰকাৰে ন‍্যূনতম ২০-২৫ লাখ টকা আৰু কেন্দ্ৰীয় চৰকাৰে ২০ লাখ টকাৰ সাহায‍্য আগবঢ়াব বুলি তেওঁ আশা কৰিছিল। কিন্তু মুখ‍্যমন্ত্ৰীৰ গুৰুত্বহীনতাৰ বাবেই প্ৰধানমন্ত্ৰীয়েও মাত্ৰ ২ লাখ টকা প্ৰদান কৰিয়েই দায়িত্ব সামৰিলে বুলি তেওঁ কঠোৰ সমালোচনা কৰে।

শেষত বিধায়ক অখিল গগৈয়ে কয় যে স্পীড লিমিটৰ ভুৱা যুক্তি আৰু পথটোৰ দুৰৱস্থাৰ দৰে বাস্তৱ সত্যৰ পৰা আঁতৰি গৈ মুখ‍্যমন্ত্ৰীগৰাকীয়ে ব‍্যৱস্থাগত বিফলতা লুকুৱাব খুজিছে। তেওঁ কয়— ‘এয়া মুখ‍্যমন্ত্ৰীগৰাকীৰ স্বভাৱসুলভ ৰাজনীতি।’ মুখ‍্যমন্ত্ৰীয়ে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীত দিয়া মন্তব‍্যক দুৰ্ভাগ‍্যজনক আখ‍্যা দিয়ে  অখিল গগৈয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱসুলভ ৰাজনীতি’—অখিল গগৈ

‘মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱসুলভ ৰাজনীতি’—অখিল গগৈ

November 15, 2026 10:46 am
‘ভাৰত আৰু গণতান্ত্ৰিক দেশ নহয়’, কেন্দ্ৰক আক্ৰমণ ৰাহুলৰ, ইটালীৰ নেতাৰ ‘ভোট চোৰ’ শ্লোগান! কি বিতৰ্ক?

‘ভাৰত আৰু গণতান্ত্ৰিক দেশ নহয়’, কেন্দ্ৰক আক্ৰমণ ৰাহুলৰ, ইটালীৰ নেতাৰ ‘ভোট চোৰ’ শ্লোগান! কি বিতৰ্ক?

November 15, 2026 9:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd