অসমত নদী গৰা খহনীয়াই ভয়াবহ সংকটৰ সৃষ্টি কৰিছে। হাজাৰ হাজাৰ লোকে দীৰ্ঘসময় ধৰি নদীৰ গৰা খহনীয়াৰ ক্ৰমবৰ্ধমান সমস্যাৰ সৈতে যুঁজি আছে। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত বিস্তৃত ভূখণ্ড জাহ যোৱাৰ বাবে, বৃহৎ পৰিসৰৰত জনসাধাৰণ স্থানচ্যুত হোৱাৰ লগতে আৰু অৰ্থনৈতিক দুৰ্দশাৰো সন্মুখীন হৈছে। ৰাজ্যখন এতিয়া ভাৰতৰ আটাইতকৈ খহনীয়া প্ৰভাৱিত অঞ্চলত পৰিণত হৈছে, বিগত দশকবোৰত ৭% তকৈ অধিক ভূমি হেৰুৱাইছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি ১৯৫৪ চনৰ পৰা অসমত প্ৰায় ৩৮৬,৪৭৬ হেক্টৰ মাটি হেৰুৱাইছে। জলসম্পদ বিভাগৰ অনুমানিক তথ্য অনুসৰি ১৯৫০ চনৰ পৰা ৪,২৭,০০০ হেক্টৰ মাটি নদীত জাহ গৈছে। আৰু ৰাজ্যত প্ৰতি বছৰে গড়ে ৮,০০০ হেক্টৰ মাটি নদীত জাহ যয়।
ভাৰতৰ সৰ্বাধিক খহনীয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত ২২খন জিলাৰ ভিতৰত অসমৰ ৯খন জিলা ক্ৰমে ধেমাজি: ৪১.৬৪ হেক্টৰ ক্ষতি, ৩৮৭ জন স্থানচ্যুত, ধুবুৰী: ৩৩.২২ হেক্টৰ ক্ষতি, ৬৩৮ জন স্থানচ্যুত, বাক্সা: ১৮.৭৬ হেক্টৰ ক্ষতি, ২১৫ জন স্থানচ্যুত, কোকৰাঝাৰ: ১৪.৫১ হেক্টৰ ক্ষতি, ১৯৮ জন স্থানচ্যুত, বৰপেটা: ২৩ হেক্টৰ ক্ষতি, ২৮৯ জন স্থানাচ্যুত হৈছে। ইয়াৰোপৰি গৰাখহনীয়াই আন্তঃগাঁথনিৰো বিস্তৰ ক্ষতি কৰিছে আাৰু কৃষিভূমি হেৰুৱাই বহু গ্ৰাম্য পৰিয়াল প্ৰব্ৰজন কৰিবলৈ বাধ্য হৈছে।
বিশেষজ্ঞসকলে এই সংকট দূৰ কৰাৰ লগতে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চৰকাৰী সংস্থা, বিজ্ঞানী আৰু স্থানীয় লোকৰ সৈতে এক সমন্বিত প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। সময় থাকোতে সঠিক পৰিকল্পনা আৰু দীৰ্ঘম্যাদী পদক্ষেপ গ্ৰহণ নকৰিলে, অসমৰ অধিক ভূমি আৰু অৰ্থনৈতিক সম্পদ হেৰুৱাব।