• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম ডুবিছে বানত; আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্দে ৪০লাখ টকা খেদাইছে মন্ত্ৰী পৰিয়ালৰ বিলাসত

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 17, 2019 5:44 pm
Brahmaputra Board diverts Rs 40 lakhs for VVIP holiday as Assam reels under floods

অসমৰ মুখ্য মন্ত্ৰী আৰু অন্যান্য মন্ত্ৰীসকলৰ সংগত কাজিৰঙাৰ ৰিজৰ্টত নিতিন গাদকাৰি। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবল বানত সমগ্ৰ অসম ককবকাই থকাৰ সময়তে ভি ভি আই পিৰ হাই প্ৰ’ফাইল অৱসৰ যাপনৰ খৰচ পৰিশোধত ব্ৰহ্মপুত্ৰ ব’ৰ্দে “একাষৰীয়া” কৰা দেখা গৈছে ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ বাবে আবণ্টিত ধন।

চলিত বানে অসমত দুৰ্য্যোগৰ সৃষ্টি কৰিছে আৰু ৰাজ্যৰ ৩০খনকৈ জিলা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে।

বানত ডুবি এতিয়ালৈকে প্ৰায় ২০গৰাকী লোক মৃত্যুমুখত পৰিছে, আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাঁচটা গঁড়কে ধৰি প্ৰায় ৫০টা জন্তুৱে প্ৰাণ হেৰুওৱাৰ বাতৰি ওলাইছে।

পোহৰলৈ আহিছে যে, কাজিৰঙাত কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী নীতীন গাদকাৰি আৰু তেওঁৰ পৰিয়ালৰ এক “বিস্তাৰিত অৱসৰ”ৰ খৰচ পৰিশোধত বান নিয়ন্ত্ৰণৰ বাবে আবণ্টিত প্ৰায় ৪০লাখ টকা “একাষৰীয়া” কৰা হৈছিল।

এক আৰ টি আই আবেদনৰ উত্তৰত ব্ৰহ্মপুত্ৰ ব’ৰ্দে জনাইছে যে, নতুন দিল্লীৰ পৰা যোৰহাটলৈ অৱসৰ যাপনৰ বাবে ২০১৭ চনৰ ২৯ ডিচেম্বৰত অহা কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰী গাদকাৰি আৰু তেওঁৰ পৰিয়ালৰ চাৰিদিনীয়া ভ্ৰমণত ব্যৱহৃত বিমানখনৰ ভাৰা পৰিশোধত ব্যয় কৰা হৈছিল ৩১,৪৮,৩২৬ লাখ টকা।

২০১৭ চনৰ ২৯ ডিচেম্বৰৰ ৰাতিপুৱা ৭ বজাত নতুন দিল্লীৰ পৰা চাৰ্টাৰ্দ বিমানযোগে উৰা মৰা গাদকাৰি আৰু তেওঁৰ পৰিয়াল পুৱা ১০ বজাত আহি যোৰহাটত উপস্থিত হৈছিল।

তাৰ পিছত এখন চাৰ্টাৰ হেলিকপ্তাৰযোগে মন্ত্ৰীজন মাজুলীলৈ উৰা মাৰিছিল, ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ তথ্যত প্ৰকাশ।

মাজুলীত কেন্দ্ৰীয় মন্ত্ৰীজনে ব্ৰহ্মপুত্ৰ ব’ৰ্দ কমপ্লেক্স আৰু মাজুলীক বান আৰু গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পাণ্ডুৰ পৰা ধুবুৰীলৈ নিয়মীয়া কাৰ্গ’ সেৱা মুকলি কৰিছিল।

ভি ভি আই পিকেইজনৰ কাৰণে যোৰহাটৰ বিমান বন্দৰতে চাৰ্টাৰ বিমানখন পাৰ্ক কৰি ৰখা হৈছিল, আৰু ২০১৮ চনৰ ১ জানুৱাৰিত ভি ভি আই পিসকলক লৈ ই পুনৰ নতুন দিল্লীলৈ উৰা মাৰিছিল।

বিমানখনৰ চাৰিদিনৰ ভাৰা আছিল ৬২,৯৬,৬৫২ লাখ টকা, আৰু এই খৰচৰ পঞ্চাছ শতাংশ বোজা ব্ৰহ্মপুত্ৰ ব’ৰ্দে বহন কৰিছিল।

আৰু বাকী আধা অৰ্থাৎ ৩১,৪৮,৩২৬ লাখ টকা বহন কৰিছিল ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগমে (NHIDC)।

মাজুলীত আধাৰশিলা স্থাপন অনুষ্ঠানতে স্বাস্থ্যৰ অৱনতি ঘটা সত্ত্বেও গাদকাৰি পুনৰ চাৰ্টাৰ হেলিকপ্তাৰযোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছিল, আৰু এখন বিলাসী ৰিজ’ৰ্টত পৰিয়ালৰ সৈতে যোগ দিছিলহি।

২৯ জানুৱাৰিত উত্তৰ-পূবৰ ৰাজ্যসমূহত চলিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বুজ লৈ কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰীজন আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে অসমৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে ৰিজ’ৰ্টখনত সাংস্কৃতিক কাৰ্য্যসূচী উপভোগ কৰিছিল।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী আৰু জীপ চাফাৰিৰ পিছত ডিচেম্বৰ ৩০, ২০১৭ত গাদকাৰিয়ে তেওঁৰ কৰ্তব্যত মাত্ৰ এঘণ্টা সময় খৰচ কৰিছিল।

সেইদিনা দিনৰ ১১ৰ পৰা ১২ বজালৈকে তেওঁ ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ উচ্চস্তৰীয় সমিতিৰ নৱমসংখ্যক বৈঠকত ভাগ লৈছিল।

৩১ ডিচেম্বৰ আছিল দেওবাৰ, আৰু গাদকাৰি পৰিয়ালৰ অৱসৰ উপভোগৰ মেজাজ অব্যাহত আছিল। মন্ত্ৰীজনৰ সেইদিনা কোনো বিভাগীয় কাৰ্য্যসূচী নাছিল।

বিলাসী ৰিজ’ৰ্টখনত নতুন বছৰ উদযাপন কৰি ১ জানুৱাৰি, ২০১৮ৰ পুৱা ৮ বজাত পৰিয়ালটো পুনৰ নতুন দিল্লীলৈ উৰা মাৰিছিল– ৰাজহুৱা ধনত।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সেই বিলাসী ৰিজ’ৰ্টখনৰ বিষয়াৰ মতে, তেওঁলোকৰ কোঠাসমূহৰ খৰচ ব্ৰহ্মপুত্ৰ ব’ৰ্দে পৰিশোধ কৰিছিল।

বিলাসী চুইটকো সামৰি কোঠাসমূহৰ ভাৰাৰ উপৰি ব্ৰহ্মপুত্ৰ ব’ৰ্দে ভি ভি আই পি আলহীকেইজনৰ খোৱা খৰচো বহন কৰিছিল।

দৰিদ্ৰ্ৰ অসমবাসী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুৰ্ভগীয়া বন্যপ্ৰাণীসমূহে যোৱা এসপ্তাহ ধৰি বানৰ ৰোষৰ সন্মুখীন হৈ থকাৰ সময়ত, গাদকাৰিক ক’তো দেখিবলৈ পাবলৈ নাই।

অসমবাসীক ৰাজ্যখনৰ চিৰকলীয়া যন্ত্ৰণাৰ “স্থায়ী সমাধান”ৰ আশ্বাসো পূৰ্বে গাদকাৰিয়ে দিছিল।

২০১৭ চনৰ ২৬ জুলাইত নীতীন গাদকাৰিয়ে ঘোষণা কৰিছিল যে ছেপ্তেম্বৰত ব্ৰহ্মপুত্ৰৰ খনন আৰম্ভ হ’ব। পৰিকল্পনা আছিল শদিয়াৰ পৰা ধুবুৰীলৈ ৬৪০ কিঃ মিঃজুৰি ব্ৰহ্মপুত্ৰ খন্দাৰ।

গাদকাৰিয়ে এইবুলিও আশ্বাস দিছিল যে মহাবাহুৰ দুয়োপাৰে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৱে’ নিৰ্মাণৰ কাম হাতত লোৱা হ’ব।

দুখজনক কথা– একোৱেই নহ’ল। বানৰ চাকনৈয়াই পুনৰ অসমৰ মানুহক মেৰিয়াই ধৰিলে। তেওঁলোকে হেৰুৱালে নিজৰ ভেটি, খেতিটো পূৰাকৈয়ে গ’ল।

মন্তব্য সংগ্ৰহৰ বাবে ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ অধ্যক্ষ ৰাজীৱ য়াদৱ উপলব্ধ নাই।

কিন্তু, গাদকাৰি আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ বিমান ভাৰা ব্ৰহ্মপুত্ৰ ব’ৰ্দক কিয় পৰিশোধ কৰিছিল?

নীতিমতে, ব্ৰহ্মপুত্ৰ ব’ৰ্দৰ কাম হৈছে ব্ৰহ্মপুত্ৰ উপত্যকাত জৰীপ আৰু তদন্ত চলোৱা আৰু বান, গৰাখহনীয়া আৰু পয়প্ৰণালী উন্নয়নৰ বাবে মাষ্টাৰ প্লেন যুগুত কৰা।

ব্ৰহ্মপুত্ৰ ব’ৰ্দ ইয়াৰ অধিকাৰ ক্ষেত্ৰ/ কৰ্মক্ষেত্ৰ অসমৰ বান নিয়ন্ত্ৰণৰ কাষ চাপিবলৈ এতিয়া বাকী। মাজুলীৰ প্ৰকল্পসমূহৰ এই পৰ্য্যন্ত কোনো অগ্ৰগতি নাই। মাজুলীত ব্ৰহ্মপুত্ৰ ব’ৰ্দ কমপ্লেক্সৰ নিৰ্মাণ এতিয়ালৈকে আৰম্ভই হোৱা নাই।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

মাতাল আৰক্ষীৰ গাড়ীৰ খুন্দাত মৰ্মান্তিকভাৱে নিহত ২ শিশু, গুৰুতৰভাৱে আহত আন এটি শিশু!

September 16, 2025 11:50 am
প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd