বৰপেটাৰ ৯৪ টা শিবিৰত বৰ্তমানেও আশ্ৰয় লৈ আছে ১০ সহস্ৰাধিক বানাক্ৰান্তই

বৰপেটা জিলাৰ বান পৰিস্থিতি ক্ৰমাৎ উন্নত হৈ আহিছে যদিও এতিয়াও জিলাখনৰ ৯৪ টা আশ্ৰয় শিবিৰত ১০,৩৬২ জন লোকে আশ্ৰয় লৈ আছে। পথৰ দাঁতিতো যথেষ্ট সংখ্যক লোকে আশ্ৰয় লৈ থকা দেখা গৈছে।

জিলাখনৰ ২৬৫ খন গাঁৱৰ ৩,৫২,৫৯২ জন লোক এতিয়াও বানৰ কবলত। প্ৰশাসনে পীড়িত লোকসকলৰ মাজত সাহায্য অভিযান অব্যাহত ৰাখিছে।

জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে ৩১ জুলাইলৈকে বৰপেটা জিলা প্ৰশাসনৰ তৰফৰ পৰা বানত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত ৪৩০৬৮ কুইন্টল চাউল, ৮২৮০ কুইন্টল দাইল, ১৯১৯ কুইন্টল নিমখ, ৬৮৯ কুইন্টল চিৰা আৰু ৬৭ কুইন্টল গুৰ বিতৰণ কৰা হয়।

তদুপৰি গোখাদ্য হিচাপে ৩৯৯০৫ কুইন্টল চাপৰ আৰু শিশু খাদ্য হিচাপে ৫৭৫৫ পেকেট হৰ্লিক্স আৰু ৬৩৮৫ পেকেট চেৰেলেক্স প্ৰদান কৰে। ইয়াৰ উপৰি অংগনবাড়ী কেন্দ্ৰসমূহৰ উদ্যোগতো ঠায়ে ঠায়ে আক্ৰান্ত শিশুসকলৰ মাজত সুকীয়াকৈ খাদ্য বিতৰণ কৰা হৈছে।

শিবিৰসমূহত যাতে বেমাৰৰ বীজাণু বিয়পিব নোৱাৰে তাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা ফেনাইল আৰু ব্লিচিং পাউদাৰ আদি চটিওৱা হৈছে। জিলাখনৰ ৮ টা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত প্ৰশাসনে সাহায্য সামগ্ৰীৰ যোগান ধৰি আহিছে।

জিলা জনসংযোগ বিষয়াজনে জনোৱা মতে বান-পীড়িতৰ মাজত ১১০৯৯৫ খন তাৰ্পোলিনো বিতৰণ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ প্ৰায়বোৰ শিবিৰ আৰু ক্ষতিগ্ৰস্ত অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হৈছে। পোহনীয়া জীৱ-জন্তুৰ বাবে কালি জিলাখনত মুঠ ১৯ টা পশু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়।