আজি কেইদিনমান আগতে ‘অসমীয়া প্ৰতিদিন’ৰ প্ৰথম পৃষ্ঠাত এটা খবৰ ওলাইছিল। মাজুলীলৈ যোৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল-‘মাজুলী সুৰক্ষাৰ সকলো ব্যৱস্থা ল’ব চৰকাৰে।’ এই বাক্যটোৰ অৰ্থ কি? মই ভাবোঁ এইটো এটা অৰ্থহীন বাক্য, কিয়নো মাজুলীত প্ৰথম বাৰলৈ বানপানী হৈছে নেকি মুখ্যমন্ত্ৰীয়ে য এনেকৈ কৈছে? সেই কথাটো আমি অসমৰ ক্ষেত্ৰতো ক’ব পাৰোঁ।
অসমৰ কাৰণে বানপানী কিবা এটা নতুন সমস্যানে? জাপানৰ কাৰণে ভূমিকম্প যেনে অসমৰ কাৰণে বানপানী তেনে নহয় জানো? বৰং ভূমিকম্প আৰু বানপানীৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। বানপানী কেতিয়া হয় আমি তাৰ আগজাননী পাওঁ। বানপানী বাৰিষা হয়। কিন্তু ভূমিকম্প কেতিয়া আহিব কোনেও খাটাংকৈ ক’ব নোৱাৰে। অসমৰ বানপানীৰ বিষয়ে আজিৰ পৰা প্ৰায় পাঁচ দশক আগতেই অসমৰ তেতিয়াৰ মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল।তেওঁ কৈছিল ‘অসমৰ মানুহে বানপানীৰ লগত সহবাস কৰিবলৈ শিকিব লাগিব।’ বোধহয় সেই মন্তব্যটোও তেওঁ মাজুলীতে কৰিছিল।
স্বৰ্গীয় সিংহই কৰা মন্তব্যটো অতি তাৎপৰ্যপূৰ্ণ আছিল।বানপানীৰ লগত সহবাস কৰাৰ অৰ্থ কি? বানপানী আহিলে মানুহৰ এলাই-এঠানি হ’বই, কিছু মানুহৰ মৃত্যু হ’বই, গৰু-গাই, খেতি-পথাৰ, ঘৰ-দুৱাৰ আৰু সা-সম্পত্তি নষ্ট হ’বই- সেইটো মানি লোৱাটো নেকি? নহয়। তাৰ অৰ্থ হ’ল বানপানী যিহেতু প্ৰতি বছৰে ঘটা এটা নিয়মীয়া পৰিঘটনা তাৰ বাবে আমি আগতীয়াকৈ প্ৰস্তুত হৈ থকা। গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে পূৰ্ব-প্ৰস্তুতি আৰু পৰিকল্পনা।সেই প্ৰস্তুতিৰ মূল কথাটো কি? আমাৰ উন্নয়ন আৰ্হি।
উন্নয়ন আৰ্হিৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি আন কেইটামান কথা বিচাৰ কৰি চোৱা উচিত, যেনে, বাৰিষা যিবোৰ নদ-নদী,জান-জুৰিৰে পানী পাহাৰ-ভৈয়ামেৰে সাগৰলৈ বৈ যায় সেইবোৰ দ আৰু মুকলিকৈ ৰখা যাতে পানীৰ সোঁত তললৈ নামি যাওঁতে সি কোনো বাধাৰ সন্মুখীন নহয়। আনহাতে আমাৰ প্ৰাকৃতিক জলাধাৰ যেনে হ্ৰদ,বিল, পিটনি, পুখুৰী আৰু আন জলখাদবোৰৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা অক্ষুণ্ণ ৰখা।তৃতীয়টো হ’ল যিবোৰ ঠাইৰ ওপৰেদি পানী বৈ যায় সেই ঠাইবোৰৰ পৃষ্ঠভূমি মুকলি হৈ মাটি ওলাই থাকিব নালাগে।
সেইবোৰত ঘাঁহ, তৰু-তৃণৰ আৱৰণ এটা থকাটো নিশ্চিত কৰিব লাগিব যাতে সেইবোৰৰ ওপৰেদি বাগৰি আহোঁতে পানীৰ এটা পৰিমাণ স্বাভাৱিকভাৱে ভূগৰ্ভলৈ সোমাই যায় আৰু পানীৰ সোঁতটো কমজুৰি হৈ যায়।কিন্তু এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব। অসমৰ বানপানী সমস্যাৰ উৎস কেৱল অসমতে নাই। অসমৰ ওচৰ-চুবুৰীয়া ৰাজ্য সমূহ আৰু কোনো কোনো ক্ষেত্ৰত আমাৰ ওচৰৰ বহিৰ্ৰাষ্ট্ৰৰ লগতো তাৰ সম্পৰ্ক আছে।বহিৰ্ৰাষ্ট্ৰৰ কথাটো পিছত। কিন্তু ওচৰ-চুবুৰীয়া ৰাজ্য সমূহ যিবোৰ এসময়ত অসমৰ অংগৰাজ্য আছিল, তেওঁলোকৰ লগত আমাৰ কিবা এটা বুজাবুজি থাকিব লাগিব।
এতিয়া আহিল উন্নয়ন আৰ্হিৰ কথাটো। আমাৰ উন্নয়ন আৰ্হি আমাৰ পৰিবেশতন্ত্ৰ (ecology) আৰু ভূপ্ৰকৃতি(topography)ৰ লগত মিলা হ’ব লাগিব।ঠিক তেনেদৰে আমাৰ চুবুৰীয়া উত্তৰ-পূবৰ অন্য ৰাজ্য সমূহৰ উন্নয়ন আৰ্হি তেওঁলোকৰ পৰিবেশতন্ত্ৰ আৰু ভূপ্ৰকৃতিৰ লগত মিলা হ’ব লাগিব।লগতে আমি লোৱা উন্নয়ন আৰ্হি আৰু তেওঁলোকে লোৱা উন্নয়ন আৰ্হিৰ মাজত এটা সম্পৰ্ক আৰু সমন্বয় থাকিব লাগিব।
কিন্তু বাস্তৱত কি হৈ আছে? আমি আমাৰ পৰিবেশতন্ত্ৰ আৰু ভূপ্ৰকৃতিৰ লগত সংগতি ৰাখি আমাৰ উন্নয়ন আৰ্হি কৰিছোঁনে? নাই কৰা।আমাৰ ওচৰ-চুবুৰীয়া ৰাজ্য সমূহে সেইটো কৰিছেনে? নাই কৰা। তেওঁলোক আৰু আমাৰ মাজত কিবা বুজাবুজি আছেনে? নাই। তাৰ সলনি তেওঁলোক আৰু আমাৰ মাজত ক্ৰমান্বয়ে অবুজাবুজি বাঢ়িবহে ধৰিছে।বাকী, চীন, ভূটান, নেপালৰ লগত সম্পৰ্কৰ কথাটো আছেই। গতিকে উলম্ব(vertical) উন্নয়নৰ নামত আমি আমাৰ পৰিবেশতন্ত্ৰৰ লগত মিল নথকা এটা উন্নয়ন আৰ্হি লৈছোঁ যিটোৱে আমাৰ পৰিবেশতন্ত্ৰ আৰু ভূপ্ৰকৃতি তচনচ কৰি দিছে যাৰ ফলত আমাৰ নদ-নদী, জান-জুৰি বাম হৈ আহিছে, সেইবোৰৰ সোঁত বাধাগ্ৰস্ত হৈছে।
তথাকথিত উন্নয়ন,বেদখল আৰু হস্তক্ষেপৰ বাবে আমাৰ প্ৰাকৃতিক জলাধাৰ হ্ৰদ, বিল, পিটনি, পুখুৰী আৰু আন জলখাদবোৰৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা নোহোৱা হৈ আহিছে।এনে পৰিস্থিতিত বানপানীয়ে বিভীষিকাৰ ৰূপ ধাৰণ নকৰিব কিয়! গতিকে মই ক’ম ধনী বনিয়াৰ স্বাৰ্থত কৰা উন্নয়ন আৰ্হিয়ে আমাৰ বানপানী সমস্যা দিনকদিনে ভয়াবহৰ পৰা অধিক ভয়াবহ কৰি গৈ আছে।
তাৰপিছত আহিল সাহায্য আৰু পুনৰসংস্থাপনৰ সমস্যাটো।আজি কিমান বছৰৰ পৰা অসমত বানপানী হৈ আছে! তেন্তে কিয় ইমানদিনে আমি এটা তৎপৰ আৰু ফলপ্ৰসূ সাহায্য আৰু পুনৰসংস্থাপন ব্যৱস্থা গঢ়ি তুলিব পৰা নাই? এইখিনিতে বহু বছৰ আগতে পি চাইনাথে লিখা ‘Everybody Loves A Good Draught’ নামৰ কিতাপখনলৈ মোৰ মনত পৰিছে।আমাৰ চৰকাৰী ব্যৱস্থাটো এনেকুৱা যে ইয়াৰ এচাম বৰমূৰীয়াই যি কোনো দুৰ্যোগকে ভাল পায়, কিয়নো তেওঁলোকৰ কাৰণে সেইবোৰ পইছা উপাৰ্জনৰ উত্তম উপলক্ষ। কংগ্ৰেছৰ দিনতো সেইটো আছিল।
বিজেপিৰ আমোলত যেনিবা ই আৰু তীব্ৰ ৰূপ ধাৰণ কৰিছে। সমাধান কি? এক অধিক জনদৰদী ৰাজনীতি যি ৰাজনীতিয়ে আমাৰ পৰিবেশতন্ত্ৰ আৰু ভূপ্ৰকৃতিৰ প্ৰতি সংবেদনশীলহৈ আমাৰ লগত মিলা উন্নয়ন আৰ্হিৰ পোষকতা কৰিব, যি ৰাজনীতিয়ে মানুহৰ দুৰ্যোগক টকা ঘটাৰ উপলক্ষ নকৰিব। কিন্তু, সেইবোৰ ভৱিষ্যতৰ কথা।এতিয়া তাৎক্ষণিকভাৱে বান ক্ষতিগ্ৰস্ত লোকৰ সাহায্য আৰু পুনৰসংস্থাপন আমাৰ প্ৰথম অগ্ৰাধিকাৰ হওক।