• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বানত ক্ষতিগ্ৰস্ত অৰ্ধ কোটি লোক, মৃত ৬৬; তথাপি “নিদ্ৰা”ত অসমৰ জল সম্পদ বিভাগ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
July 23, 2019 9:45 pm
Assam floods: Water Resources Dept “sleeping” even after 66 people died and 50 lakh people affected

নলবাৰীত বান-খহনীয়া পৰিদৰ্শনকালত মন্ত্ৰী কেশৱ মহন্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰবল বানত অসম পিষ্ট হোৱাৰ সময়ত, ৰাজ্যৰ জল সম্পদ বিভাগ শুই আছে নেকি?

বছৰেকীয়া দুৰ্য্যোগ বানে অসমক এতিয়াও আতংকিত কৰি ৰাখিছে, সোমবাৰলৈকে ই ৬৬গৰাকী লোকৰ জীৱন লৈছে, আৰু ৩২খন জিলাত ৫০ লাখতকৈয়ো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

বানে ১৮৭টা জন্তুৰো প্ৰাণ লৈছে, তাৰ মাজত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৬টাকৈ গঁড়।

আশ্চৰ্য্যজনকভাৱে কিন্তু ঘুমটি ভাগিবলৈ এতিয়াও বাকী অসমৰ জল সম্পদ বিভাগৰ।

বিভাগটোৰ বিভাগীয় ৱে’বছাইট https://waterresources.assam.gov.in/-টোৰ এবাৰ দৰ্শনে প্ৰত্যেক ব্যক্তিকে আচৰিত কৰাটো নিশ্চিত।

ৱে’বছাইটটোৰ তথ্য আৰু সেৱা শাখাৰ অধীনত দৈনিক বান বুলেটিন সম্পৰ্কীয় এটা ভাগ আছে।

২০১৯ চনত এই অংশটো কেতিয়াও আপদে’টেই কৰা হোৱা নাই। ইয়াত সন্নিৱিষ্ট হৈ আছে ২০১৮ৰ মে’ৰ পৰা আগষ্টলৈকে বানপানীৰ দৈনিক বান বুলেটিন।

দেশজুৰি চৰ্চিত প্ৰবল বানত গোটেই ৰাজ্যখন পিষ্ট হৈ থকা অৱস্থাত দৈনিক বান বুলেটিন আপদে’ট কৰাক লৈ অসমৰ জল সম্পদ বিভাগটোৱে অলপো মূৰ নঘমোৱাটো নিশ্চয়কৈ আচৰিত কথা।

জল সম্পদ বিভাগৰ সচিব ৰাজেন্দ্ৰ প্ৰসাদ দাসে ক’লে, এই বছৰ ৱে’বছাইটত দৈনিক বান বুলেটিন আপল’দ নোহোৱাৰ বিষয়ে তেওঁ অৱগত নহয়।

“মই বিষয়টো চাম,” ৰাইজৰ জ্ঞাতাৰ্থে প্ৰতিদিনে দৈনিক বান বুলেটিনৰ আপল’দ নিশ্চিত কৰাটো মুখ্য অভিযন্তাৰ দায়িত্ব বুলি উল্লেখ কৰি দাসৰ মন্তব্য।

বান নিয়ন্ত্ৰণ পৰিকল্পনাসমূহ ৰূপায়নত বিফলতাৰ ফলতে এই বছৰ ৰাজ্যজুৰি ধ্বংসলীলা চলা বুলি সকলোৱে অসমৰ জল সম্পদ বিভাগক দোষাৰোপ কৰিছে।

জল সম্পদ বিভাগৰ পুতৌজনক প্ৰতিপালনৰ ফলত ৰাজ্যজুৰি দুই ডজনতকৈয়ো অধিক ঠাইত নদীৰ মথাউৰি ভাগিছে।

জল শক্তি মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্ৰী ৰতন লাল কাতাৰিয়াই সংসদত দিয়া বিবৃতিটোৰ পিছত সোমবাৰে অতি হাঁহিয়াতৰ পাত্ৰ হ’বলগীয়া হৈছে অসমৰ জল সম্পদ বিভাগ।

কাতাৰিয়াই কৈছিল যে, দ্ৰেজাৰ আৰু যন্ত্ৰ-পাতি ক্ৰয়ৰ বাবে অসমৰ জল সম্পদ বিভাগে তিনিবাৰকৈ ৰাষ্ট্ৰীয় নিবিদা আহ্বান কৰিছিল। তথাপি কিন্তু ব্ৰহ্মপুত্ৰ খননৰ বাবে বিভাগটোৱে দ্ৰেজাৰ কিনিব নোৱাৰিলে।

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বহনৰ ক্ষমতা পৰ্য্যাপ্ত যিহেতু নহয়, গতিকে সকলোৱে ভাবিছিল নৈখনৰ খননে দৃশ্যপটৰ উন্নতি সাধিব।

ৰাজ্য সভাত বিজেপি সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ এক প্ৰশ্নৰ উত্তৰত কাতাৰিয়াই জনাইছিল যে, ব্ৰহ্মপুত্ৰ খননৰ বাবে জল সম্পদ বিভাগে কোনো কনচেপ্ত পে’পাৰ যুগুতোৱা নাছিল।

যোৱা ২০১৬ চনৰে পৰা অসমৰ জল সম্পদ বিভাগে ব্ৰহ্মপুত্ৰ খননৰ চেষ্টা চলাই আহিছে। ব্ৰহ্মপুত্ৰ খননক লৈ কেইবাখনো বৈঠকো অনুষ্ঠিত হৈছে।

দ্ৰেজিং কৰ্পৰে’চন অৱ ইণ্ডিয়াৰ জ্যেষ্ঠ বিষয়াসকলে এই বৈঠকসমূহত ভাগ লৈছিল। ২০১৭ চনৰ জুলাইত অসমৰ জল সম্পদ মন্ত্ৰী কেশৱ মহন্তই দ্ৰেজিং কৰ্পৰে’চন অৱ ইণ্ডিয়াৰ বিশাখাপত্তনমস্থিত মুখ্য কাৰ্য্যালয়ো ভ্ৰমণ কৰিছিল।

ব্ৰহ্মপুত্ৰ খনন সম্পৰ্কীয় বিশেষজ্ঞ সমিতিয়ে ২০১৭ চনৰ অক্তোবৰতে ইয়াৰ প্ৰতিবেদন জমা দিছিল। এচ ডি আৰ এফৰ অধীনত ১৮ কোটি টকা ব্যয়েৰে এখন দ্ৰেজাৰ ক্ৰয়ৰ বাবে ২০১৮ চনৰ জানুৱাৰিত প্ৰশাসনিক অনুমোদন দিয়া হৈছিল।

তথাপি অসমৰ জল সম্পদ বিভাগে খনন আৰম্ভ কৰাৰ বাবে যাৱতীয় যন্ত্ৰ-পাতি ক্ৰয় কৰিব নোৱাৰিলে।

কাতাৰিয়াই লগতে জনাই যে, অসমৰ জল সম্পদ বিভাগ এতিয়া এখন গ্ল’বেল নিবিদা আহ্বানৰ চেষ্টাত ব্ৰতী।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd