NORTHEAST NOW (Assamese)

কালভাৰ্টৰ মুখত জাল মাৰোঁতে বানে উটাই নিলে বজালীৰ যুৱকক

July 17, 2019 10:14 pm · শশাংক তালুকদাৰ

বুধবাৰে পুৱা বানত ডুবি বৰপেটাৰ এজন ৩২ বছৰীয়া যুৱক মৃত্যু মুখত পৰিছে।

যুৱকজনক কৈলাশ কলিতা বুলি চিনাক্ত কৰা হৈছে।

জিলাখনৰ বজালী মহকুমাৰ নিত্যানন্দৰ সমীপৰ বাণীগাঁৱত বাঢ়নী পানীয়ে যুৱকজনক উটুৱাই নিয়ে।

জানিব পৰা মতে, বাণীগাঁৱত এটা কালভাৰ্টৰ মুখত মাছ মাৰি থাকোতে যুৱকজনক বাঢ়নী পানীয়ে উটুৱাই নিয়ে।

মাছ মাৰি থকাৰ সময়ত তেওঁৰ লগত আন লোকো আছিল বুলি জানিব পৰা গৈছে।

খবৰ মতে, পানীত জালখন পেলাওঁতেই খৰ সোঁতে তেওঁক জালসহ টানি লৈ যায় আৰু হাতত জালে মেৰাই থকা অৱস্থাতে যুৱকজন পানীত ডুব যায়।

ঘটনাৰ সময়ত উপস্থিত আন লোকে ততাতৈয়াকৈ তেওঁক উঠাই আনি পাঠশালাৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

তেওঁ গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল।

Related News