NORTHEAST NOW (Assamese)

বন বিভাগত বৃহৎ সাল-সলনি: ২৬ বিষয়াক বদলি বন বিভাগৰ

June 2, 2023 11:59 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্যত আজি এক বৃহৎ বিভাগীয় সাল-সলনি ঘটাইছে অসম পৰিৱেশ বন বিভাগে। আজি বিভাগে সৰ্বমুঠ ২৬ গৰাকী বিষয়াৰ প্ৰশাসনিক সাল-সলনি ঘটায়। অৱশ্যে বিভাগৰ এই কাৰ্যক লৈ কিছু পৰিমাণে অসন্তুষ্টিৰো সৃষ্টি হৈছে ৰাজ্যৰ বন্যপ্ৰাণী কৰ্মীসকলৰ মাজত।

বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বোকাখাতৰ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল বন বিষয়া (ডি এফ অ’) হিচাপে আই এফ এছ বিষয়া অৰুণ ভিগনেশ চি এছক নিযুক্তি দিয়াৰ পাছতে একাংশ বন্যপ্ৰাণী কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

নাম প্ৰকাশত অনিচ্ছুক এগৰাকী বন্যপ্ৰাণী কৰ্মীয়ে কয় যে কাজিৰঙাত বন্যপ্ৰাণীৰ সুৰক্ষা অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে এনে এটা স্থানৰ বাবে কোনো বিষয়াক দায়িত্ব দিয়াৰ পূৰ্বে বন বিভাগে সংশ্লিষ্ট বিষয়াগৰাকীৰ পৰ্যাপ্ত অভিজ্ঞতা আছে নে নাই আৰু কাজিৰঙাৰ আশে-পাশে থকা অঞ্চলৰ সৈতে তেওঁ পৰিচিত হয় নে সেয়া লক্ষ্য কৰিব লাগে বুলি তেওঁ কয়।

“ৰাজ্যৰ বাহিৰৰ পৰা অহা বিষয়াসকলৰ বিপৰীতে স্থানীয় বিষয়াসকল পৰিৱেশৰ সৈতে অধিক পৰিচিত। অসম বন বিভাগত আই আই টি বম্বেৰ প্ৰাক্তন ছাত্ৰ খৰ্গেশ্বৰ পেগু, জয়শ্ৰী নাইডিং, কৃষ্ণ দেউৰী আদিৰ দৰে কেইবাগৰাকীও অভিজ্ঞ ডি এফ অ’ ৰেংক বিষয়া আছে, যিসকল অৰুণ ভিগনেশৰ তুলনাত কাজিৰঙা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ বন্যপ্ৰাণীৰ সৈতে ভালদৰে পৰিচিত।”– তেওঁ লগতে কয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আই এফ এছ বিষয়া অৰুণ ভিগনেশে বিশ্বনাথ চাৰিআলিৰ শোণিতপুৰ পূব সংমণ্ডলৰ ডি এফ অ’ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইফালে ডুমডুমা সংমণ্ডলৰ ডি এফ অ’ ৰাজেন্দ্ৰ সিং ভাৰতীক বংগাইগাঁৱৰ আই ভেলী সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।

গুৱাহাটীৰ সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ বিনোদ কুমাৰ পায়েঙক ধুবুৰী সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে। সেইদৰে শিলচৰৰ কাছাৰ সংমণ্ডলৰ ডি এফ অ’ তেজস মাৰিস্বামীক বদলি কৰি গোৱালপাৰা সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।

বিশ্বনাথ চাৰিআলিৰ শোণিতপুৰ সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ বিশ্বজ্যোতি দাসক বদলি কৰি শোণিতপুৰ পূব সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে। নগাঁও সংমণ্ডলৰ ডি এফ অ’ ভাস্কৰ ডেকাক বদলি কৰি বিশ্বনাথ চাৰিআলিৰ শোণিতপুৰ সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ হিচাপে দায়িত্ব দিয়া হৈছে।

গুৱাহাটীৰ নামনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন উপ-বন সংৰক্ষক কদম সুহাছ তাৰাচান্দক বদলি কৰি নগাঁও সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে। তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ সংমণ্ডল বন বিষয়া কৃষ্ণ কমল দেউৰীক বদলি কৰি ধেমাজি সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে ধেমাজি সংমণ্ডলৰ সংমণ্ডল বন বিষয়া ৰোহিনী কুমাৰ দাসক বদলি কৰি নগাঁও সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ হিচাপে দায়িত্ব দিয়া হৈছে। বঙাইগাঁও সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ প্ৰিয়াছা শইকীয়াক বদলি কৰি গুৱাহাটীৰ সামাজিক বন বিভাগৰ সংমণ্ডল বন বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

ডিব্ৰুগড় সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ মৃগংকা বৰাক বদলি কৰি ডুমডুমা সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে। নামনি অসম চক্ৰৰ অ’ এছ ডি তথা ৱ’ৰ্কিং প্লেন বিষয়া পালভে বিজয় ত্ৰিম্বকক বদলি কৰি শিলচৰৰ কাছাৰ সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হয়।

গুৱাহাটীৰ প্ৰধান মুখ্য বন সংৰক্ষক (বন্যপ্ৰাণী)ৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন উন বন সংৰক্ষক চিৰঞ্জীৱ পি জৈনক বদলি কৰি কৰিমগঞ্জ সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে। গুৱাহাটীস্থিত ন’ডেল অফিচাৰ এফ চি এক্টৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন উপ বন সংৰক্ষক গৌনাদীপ দাসক বদলি কৰি বঙাইগাঁও সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।

যোৰহাটৰ পূব অসম চক্ৰৰ বন সংৰক্ষকৰ কাৰ্যালয়ৰ লগত সংলগ্ন উপ-বন সংৰক্ষক ৰুবুল পাঠকক ডিব্ৰুগড় সামাজিক বন সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে। গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ জয়শ্ৰী নাইডিঙক বদলি কৰি প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়, অসমৰ জ্যেষ্ঠ বন্যপ্ৰাণী ৱাৰ্ডেন হিচাপে নিযুক্তি দিয়া হৈছে।

সামাজিক বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন উপ বন সংৰক্ষক পি মনিকা কিশোৰক বদলি কৰি গুৱাহাটী বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।

বন্যপ্ৰাণী বিভাগ, অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ জ্যেষ্ঠ বন্যপ্ৰাণী ৱাৰ্ডেন খনিন্দ্ৰ নাথ দাসক বদলি কৰি তিনিচুকীয়া বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ পদত নিযুক্তি দিয়া হৈছে। গুৱাহাটীৰ কেন্দ্ৰীয় অসম চক্ৰৰ উপ বন সংৰক্ষক বিশ্বজিৎ ৰয়ক বদলি কৰি গুৱাহাটীৰ নামনি অসম চক্ৰৰ ৱৰ্কিং প্লেন বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।

যোৰহাটৰ পূব অসম চক্ৰৰ বন সংৰক্ষকৰ কাৰ্যালয়ৰ লগত সংলগ্ন উপ বন সংৰক্ষক সয়ম্ব্ৰিতা দত্তক বদলি কৰি যোৰহাটৰ উজনি অসম চক্ৰৰ ৱৰ্কিং প্লেন বিষয়া হিচাপে নিযুক্তি দিয়া হয়। মাকুমৰ কাঠ পৰিশোধন আৰু মজুতকৰণ প্ৰকল্পৰ ডি এফ অ’ মনোজ কুমাৰ গোস্বামীক গুৱাহাটীৰ অসম বন বিদ্যালয়ৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে।

আনহাতে গোৱালপাৰা সংমণ্ডলৰ ডি এফ অ’ জীতেন্দ্ৰ কুমাৰক বদলি কৰি মাকুমৰ কাঠ পৰিশোধন আৰু মজুতকৰণ প্ৰকল্পৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হয়। যোৰহাটৰ উজনি অসম চক্ৰৰ ৱৰ্কিং প্লেন বিষয়া ৰঞ্জিত কোঁৱৰক চুপাৰীঘাটৰ পৰবতজোৰা সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।

বঙাইগাঁওৰ আই ভেলী সংমণ্ডলৰ সুবোধ তালুকদাৰক বদলি কৰি বিটিচিৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ উপ-সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। উপ বন সংৰক্ষক ৰবি চিং ইংতিক বদলি কৰি ডিফুৰ কাৰ্বি আংলং পূব সংমণ্ডলৰ ডি এফ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।

সামাজিক বনাঞ্চলৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষকৰ কাৰ্যালয়ৰ সৈতে সংলগ্ন উপ বন সংৰক্ষক এছ সুন্দৰক বৰ্তমানৰ কৰ্তব্যৰ উপৰিও পৰিৱেশ আৰু বন বিভাগৰ অ’ এছ ডি হিচাপে ডেপুটেশনত নিযুক্তি দিয়া হৈছে।

Related News