NORTHEAST NOW (Assamese)

ৰাজীৱ গান্ধীৰ নাম আঁতৰিল: নৱ নিৰ্মিত তোৰণত ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নামেৰে নামকৰণ

December 23, 2018 10:12 pm · চাজিদ খান
ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নৱ নিৰ্মিত তোৰণ উদ্বোধন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। ফটো : নৰ্থইষ্ট নাও

ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আজি নতুন নামকৰণ কৰা হ’ল। ৰাষ্ট্ৰীয় উদ্যানখনৰ তোৰণত নামকৰণ কৰা হ’ল ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল নামেৰে। ৰাজ্য় চৰকাৰৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ নৱ নিৰ্মিত বিশাল তোৰণখন উদ্বোধন কৰে।

তাৎপৰ্যপূৰ্ণভাৱে, প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নাম নতুন তোৰণৰ পৰা আঁতৰিল। আজি তোৰণ মুকলি অনুষ্ঠানত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগতে উপস্থিত থাকে প্ৰধান মুখ্য বন সংৰক্ষক শশীকান্ত শ্ৰী বাস্তৱ , প্ৰধান মুখ্য বন সংৰক্ষক (বন্য প্ৰাণী) দেৱ প্ৰকাশ বাংৱাল,দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মন তথ্য অন্যান্য বিষয়ববীয়া সকল।

ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ তোৰণ মুকলি কৰি আজি বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ইতিমধ্যে বন কৰ্মীসকলক প্ৰদান কৰা অত্যাধুনিক অস্ত্ৰ শস্ত্ৰ ৰাজ্যখনৰ অন্যান্য ৰাষ্ট্ৰীয় উদ্যান তথা বন্যপ্ৰাণী অভয়াৰণ্যৰ বনকৰ্মীসকলকো প্ৰদান কৰা হ’ব।

তেওঁ লগতে জনায় যে চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীৰ চাকৰি নিয়মীয়া কৰাৰ বাবে ব্যৱস্থাপনা গ্ৰহণ কৰিছে।

ভাষণ প্ৰসংগত শুক্লবৈদ্যই ১৯৯৯ চনতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা উদ্যানখনৰ বাবে একো নকৰাৰ অভিযোগ তুলি পূৰ্বৰ কংগ্ৰেছ চৰকাৰক দোষাৰোপ কৰে।

‘’কংগ্ৰেছ চৰকাৰে ইয়াৰ বিগত ১৫ বছৰীয়া কাৰ্যকালত উদ্যানখনৰ বাবে একো নকৰিলে। ইয়াৰ বাবে বহুত কাম কৰিবলগীয়া আছে আৰু আমি (বিজেপি চৰকাৰে) উদ্যানখনৰ উন্নয়নৰ বাবে কাম কৰি আছো,’’-শুক্লবৈদ্যই কয়।

উল্লেখযোগ্য যে পূৰ্বতে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে জনাজাত ৰাজ্যখনৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনক ২০১৬ চনৰ ২৪ ফেব্ৰুৱাৰিত এখন ব্যাঘ্ৰ বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।

Related News