নগাঁৱৰ হোটেলত উদ্ধাৰ হোৱা টকা বৈধ আছিল : প্ৰদ্যুৎ বৰদলৈ

Pradyut-Bordoloi

প্ৰদ্যুৎ বৰদলৈ। ফাইল ফটো

সোমবাৰে ফ্লায়িং স্কোৱাডে অভিযান চলাই নগাঁৱৰ এখন হোটেলৰ পৰা বৃহৎ পৰিমাণৰ টকা জব্দ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈয়ে।

উল্লেখযোগ্য যে কালি ফ্লায়িং স্কোৱাডৰ এটা দলে নগাঁৱৰ ‘টেন ইলেভেন’ নামৰ এখন হোটেলৰ কোঠাত ১৪ লাখ ৯৪ হাজাৰ টকা জব্দ কৰিছিল। আনহাতে কোঠাটোত প্ৰদ্যুৎ বৰদলৈৰ ছবি থকা বেজ পোৱা গৈছিল।

লগতে পঢ়ক নগাঁৱত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ প্ৰায় ১৫ লাখ টকা

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰদৈলয়ে কয় যে উদ্ধাৰ কৰা টকাখিনি বৈধ আছিল। প্ৰাৰ্থীৰ বাবে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰি দিয়াৰ পুঁজিৰে টকা আছিল বুলি উল্লেখ কৰি পোলিং এজেণ্টৰ ভাত-চাহৰ বাবে উক্ত টকা ৰখা হৈছিল বুলি কয়।

টকাখিনি পোলিং বুথৰ বাবে ভাগ কৰা আছিল বুলি সদৰী কৰি তেওঁ বিজেপিৰ নেতা-মন্ত্ৰীয়ে ষড়যন্ত্ৰমূলকভাৱে কংগ্ৰেছৰ ওপৰত কালিমা সানিবলৈ টকাখিনি জব্দ কৰোৱাইছে বুলি অভিযোগ কৰে।

উল্লেখযোগ্য যে উক্ত ঘটনা সম্পৰ্কত আৰক্ষীয়ে নাগাঁৱৰ ফৌজাদাৰীপট্টিৰ জিতেন গোস্বামী, তিনিচুকীয়াৰ ছাকিল আহমেদ আৰু গুৱাহাটীৰ অৰিন্দম কাকতি নামৰ তিনিজন লোকক আটক কৰিছিল।