NORTHEAST NOW (Assamese)

ডাঠ কুঁৱলীৰ বাবে সংঘটিত হ’ল ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰিজন লোকৰ মৃত্যু

December 3, 2019 10:38 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

সোমবাৰে নিশা তেজপুৰৰ বিহগুৰিত সংঘটিত এটা শিহৰণকাৰী পথ দুৰ্ঘটনাত চাৰিজনকৈ লোকে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই এতিয়া শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক।

জানিব পৰা অনুসৰি নিশা ডাঠ কুঁৱলীৰ বাবেই এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে একাংশ স্থানীয় লোকৰ ভাষ্য অনুসৰি লোক কেইজনে যাত্ৰা কৰি থকা ইণ্ডিগো মাঞ্জা গাড়ীখনে ঘন কুৱলীৰ বাবে একো নেদেখি পথৰ সমীপত ৰৈ থকা এখন ট্ৰাকত খুন্দিয়াই।

যাৰ ফলত ঘটনাস্থলতে তিনিজন লোকে প্ৰাণ হেৰুৱাই আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজনৰ চিকিৎসালয়ত মৃত্যু হয়।

দুৰ্ঘটনাটোত অকাল মৃত্যুক সাৱটি লোৱা লোক কেইজনক গৌতম দাস, মৃদুল শইকীয়া, উজ্জল কুৰ্মী আৰু হোমেশ্বৰ নাথ বুলি জানিব পৰা গৈছে। কিন্তু লোক কেইজনৰ ঠিকনা এতিয়াও জানিব পৰা হোৱা নাই।

Related News