NORTHEAST NOW (Assamese)

ব্ৰহ্মপুত্ৰৰ পাৰত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৰঙালী বিহু পালন

April 28, 2019 7:17 am · এন ই নাও নিউজ
Updated: April 28, 2019 7:18 am

অসমৰ ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ হেৰাই যোৱা ঐতিহ্য, পৰম্পৰা উদ্ধাৰ তথা অধিকাৰৰ হৈ দীৰ্ঘদিন সংগ্ৰাম কৰি অহা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে প্ৰথমবাৰৰ বাবে যোৱা শনিবাৰে গুৱাহাটীত জাকজমকতাৰে ৰঙালী বিহু পালন কৰে।

সংগঠনটোৰ মহানগৰ জিলা সমিতিৰ উদ্যোগত মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আজান পীৰ উদ্যানত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা কাৰ্যসূচীৰ পতাকা উত্তোলন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদে আৰু বিহুৰ পতাকা উত্তোলন কৰে সভাপতি ছেলিম আহমেদে।

কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে আঁত ধৰা উক্ত অনুষ্ঠানত অসমৰ কেইবাটাও জনগোষ্ঠীৰ সাংস্কৃতিক দল তথা বিহু দলে জেং বিহু, ফাট বিহু, হুঁচৰি, বিহু নৃত্য, জিকিৰ আদি পৰিৱেশন কৰে। কাৰ্যসূচীত বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উপদেষ্টা ছহিৰ ভূঞা, ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্ঠা প্ৰফুল্ল হাফিলা, হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজং, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উদয়ন গগৈ, মাছখোৱাৰ সমাজকৰ্মী ইফটিকাৰ আহমেদকে ধৰি কেইবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ শেষত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে কয় যে অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ বিহুৱে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত যুগ-যুগ ধৰি ঐক্য-সংহতি বৰ্তাই ৰখাত মুখ্য ভূমিকা পালন কৰি আহিছে। সেয়েহে সংগঠনটোৱে বিহুৰ জৰিয়তে ঐক্য-সংহতি গঢ় দিয়াৰ চেষ্টা কৰা বুলি তেওঁ কয়।

Related News