• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চলন্ত চিফুং এক্সপ্ৰেছত অসমৰ যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ; দুজনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 10:19 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

724
VIEWS
Share on FacebookShare on Twitter

চলন্ত ৰে’লত এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ উঠিছে। এই ঘটনাৰ পিছতে ৰে’লৱেৰ নিৰাপত্তা ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে। এক্সপ্ৰেছ ৰে’লতেই এনে এক ঘটনা সংঘটিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি, যুৱতীগৰাকীক খালী ডবাত পাই দুজন যুৱকে ধৰ্ষণ কৰিছিল।

ভুক্তভোগী যুৱতীগৰাকীয়ে পিছত ষ্টেচনত নামি জি আৰ পি’ৰ ওচৰত অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু খালী ডবাত এগৰাকী মহিলা কিয় সুৰক্ষিত নহয় তাকলৈ প্ৰশ্ন উত্থাপন হৈছে।

নিৰ্যাতিতা যুৱতীগৰাকীয়ে জি আৰ পিক দিয়া বক্তব্য অনুসৰি, ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ অসমৰ কোকৰাঝাৰত। তেওঁ গুৱাহাটীৰ পৰা চিফুং এক্সপ্ৰেছত উঠিছিল। সেই ৰে’লযোগে তেওঁ আলিপুৰদুৱাৰলৈ আহি আছিল। কিছু সময়ৰ পাছত বাকী যাত্ৰীসকল নামি যোৱাত তেওঁ থকা ডবাটো খালী হৈ পৰে।

ইয়াৰ পাছতে যুৱক দুজনে যুৱতীগৰাকীৰ মুখ বন্ধ কৰি ইজনৰ পিছত সিজনে ধৰ্ষণ কৰে। ৰে’লখন চলি থকাৰ বাবে কোনোমতে এই নিৰ্যাতনত বাধা দিব পৰা নগ’ল। চলন্ত ৰে’লতে সংঘটিত হ’ল দলবদ্ধ ধৰ্ষণ।

তাৰ পাছত ষ্টেচনত নামি পলাবলৈ বিচাৰে অভিযুক্ত। কিন্তু অভিযোগ পোৱাৰ লগে লগে যুৱক দুজনক কৰায়ত্ত কৰা হয়। এই ঘটনাৰ পিছত ৰে’ল যাত্ৰীৰ নিৰাপত্তাৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। এই সমগ্ৰ ঘটনা সংঘটিত হৈছে আলিপুৰদুৱাৰত।

ভুক্তভোগী যুৱতীৰ মতে, তেতিয়া মাজনিশা আছিল। অসমৰ শেষ ষ্টেচন শ্ৰীৰামপুৰৰ পৰা চিফুং এক্সপ্ৰেছেৰে আহি আছিল। কিন্তু বংগত প্ৰৱেশ কৰাৰ পিছত নিজ নিজ ষ্টেচনত যাত্ৰী নামি যোৱাৰ পিছত ৰে’লখন খালী হৈ পৰে। আৰু চিফুং এক্সপ্ৰেছ চলি আছিল যদিও ৰে’লৰ ডবাটো খালী হৈ পৰিছিল।

সেই ডবাটোতে যুৱক দুজন আছিল। খালী ডবা আৰু ৰাতিৰ আন্ধাৰৰ সুযোগ লৈ সিহঁতে যুৱতীগৰাকীৰ মুখ বন্ধ কৰি ধৰে আৰু তাৰ পিছত ধৰ্ষণ কৰে। এই কাম কৰি যুৱক দুজন পলাবলৈ চেষ্টা কৰে। তাৰ পাছত যুৱতীগৰাকীয়ে আলিপুৰদুৱাৰ ষ্টেচনত নামি জি আৰ পিক অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত  অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হয়।

জি আৰ পিৰ সূত্ৰ অনুসৰি, ভুক্তভোগীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত তালাচী আৰম্ভ কৰা হয়। তালাচী চলি থকাৰ সময়তে অভিযুক্ত যুৱক দুজনে ৰে’লৰ পৰা নামি কোচবিহাৰ অভিমুখে পলায়ন কৰে। কিন্তু তেতিয়ালৈকে জি আৰ পিয়ে তেওঁলোকক চিনি পায়। আৰু খেদি গৈ মাজ ৰাস্তাত সিহঁতক কৰায়ত্ত কৰে।

সেই দুজনৰ ভিতৰত এজনৰ নাম নয়নাল আব্দুল। আন জনৰ নাম মইনুল হক।  দুয়োজনক গ্ৰেপ্তাৰ কৰা হৈছে।

Recent News

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

দিল্লীত আম আদমী পাৰ্টীৰ পৰা পদত্যাগ ১৩ গৰাকী কাউন্সিলাৰৰঃ ইন্দ্ৰপ্ৰস্থ বিকাশ পাৰ্টী নামৰ নতুন দল ঘোষণাৰ ঘোষণা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd